TV9 ASSAM
এক সুস্থ দেহৰ বাবে টোপনি অত্যন্ত প্ৰয়োজনীয়। পিছে বৰ্তমান সময়ত বহুলোকৰ টোপনিৰ সমস্যা দেখা যায়।
নিশা ভালদৰে টোপনি অহাৰ বাবে কিছুমান বিশেষ যত্ন লোৱা দেখা যায়। ঘৰতে থকা এবিধ সামগ্ৰীয়ে এইক্ষেত্ৰত আপোনাক কৰিব সহায়।
আমি মুখৰ সুগন্ধিৰ বাবে গ্ৰহণ কৰা চফে আমাক টোপনিত যথেষ্ট সহায় কৰিব পাৰে। চফৰ আছে বহু স্বাস্থ্য উপকাৰী গুণ।
চফত থকা বেটনিনে টোপনিৰ সহায়ক হৰম’ন উৎপাদনত সহায় কৰে। ইয়াৰ ফলত নিশা ভালদৰে টোপনি অহাত সহায়ক হয়।
চফত থকা এণ্টিঅক্সিডেণ্ট আৰু প্ৰাকৃতিক ফাইটোকেমিকেলে মানসিক চাপ কমোৱাত সহায় কৰে। এইদৰে নিশা মানসিক চাপমুক্ত হ’লে টোপনিতো সহায়ক হ’ব।
নিশা চফ খালে শৰীৰৰ পৰা অপকাৰী দ্ৰব্যবোৰ নিষ্কাষিত হয়। এইদৰে স্বাস্থ্য ভালে থাকে আৰু ছালো সুস্থ হৈ থাকে। এইদৰে নিশা টোপনি হোৱাত সহায়ক হয়।
চফে পাচনতন্ত্ৰ শক্তিশালী কৰা গেষ্ট্ৰিক এনজাইম উৎপাদনত সহায় কৰে। গতিকে নিশা গেছ-এচিডিটিৰ সমস্যাৰ বাবে টোপনি নাহিলে চফ খালে সুফল পাব।
পঢ়িবলৈ ক্লিক কৰক
ভগৱান গণেশৰ শহুৰেকৰ নাম কি আছিল?