26 Aug 2025
TV9 ASSAM
তৎক্ষণাত দাঁত বিষৰ পৰা উপশম আৰু বেক্টেৰীয়া সংক্ৰমণ ৰোধ কৰিবলৈ আপুনি কিছুমান ঘৰুৱা উপায় গ্ৰহণ কৰিব পাৰে। জানোঁ আহক।
প্ৰাকৃতিক এণ্টিচেপ্টিক হিচাপে নিমখ পানী ব্যৱহাৰ কৰিব পাৰে। ই বেক্টেৰিয়া ধ্বংস কৰে ৷ দিনত দুই-তিনিবাৰ গৰম নিমখ পানীৰে মুখখন পৰিষ্কাৰ কৰিব ৷
লং তেল দাঁতৰ বিষ হ্ৰাস কৰাত যথেষ্ট সহায় কৰে। কপাহত অলপ লং তেল লগাই বিষ হোৱা দাঁতত লগাব পাৰে।
এণ্টিঅক্সিডেণ্টেৰে সমৃদ্ধ গ্ৰীণ টি খাব পাৰে। ই মুখৰ স্বাস্থ্য উন্নত কৰে আৰু দাঁতৰ আলু ফুলা বা পোকে খোৱা ৰোধ কৰাত সহায় কৰিব পাৰে।
হালধিয়ে বিষ হ্ৰাস কৰাত সহায় কৰিব পাৰে ৷ অলপ নিমখ আৰু সৰিয়হৰ তেলৰ সৈতে ১ চামুচ হালধি গুৰি মিহলি কৰি বিষ হোৱা দাঁতত লগাব পাৰে।
দাঁতৰ ৰোগ বা সমস্যা ৰোধ কৰিবলৈ নিমপাত চোবাব পাৰে। লগতে নিম তেলে দাঁতৰ আলু মালিচ কৰিব পাৰে ৷ ই দাঁতৰ সমস্যাৰ পৰা সকাহ দিব পাৰে।
বিভিন্ন উৎস ভিত্তিত এই প্ৰতিবেদন প্ৰস্তুত কৰা হৈছে। কোনো কাৰণত Tv9 অসমীয়া দায়ী নহয়। দাঁতৰ সমস্যা হ'লে প্ৰথমে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।
পঢ়িবলৈ ক্লিক কৰক