শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos
গুৱাহাটীত মৃতদেহ উদ্ধাৰ, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ...দিনটোৰ খবৰ...

গুৱাহাটীত মৃতদেহ উদ্ধাৰ, ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ…দিনটোৰ খবৰ…

barasha-sarma
Barasha Sarma | Published: 24 Aug 2025 23:00 PM

শীঘ্ৰেই ভাৰতলৈ আহিব পাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি। ইফালে গাজাত অব্যাহত আছে ধ্বংসলীলা। ইজৰাইলৰ শেহতীয়া আক্ৰমণত গাজাত পুনৰ ৬৩ জনৰ প্ৰাণহানি হয়।

১) জমিয়ত উলেমা হিন্দৰ মৌলানা মেহমুদ মাদানীৰ মন্তব্যৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ।

২) মহানগৰীত সংঘটিত এক চাঞ্চল্যকৰ ঘটনা। এটা বন্ধ কোঠাত উদ্ধাৰ এগৰাকী মহিলাৰ অৰ্ধগলিত মৃতদেহ। ইতিমধ্যে আটক হৈছে স্বামী।

৩) কুখ্যাত জেহাদী আলী হুছেইন বেপাৰী গ্ৰেপ্তাৰ। বিভিন্নজনক তেওঁ দিছিল ভাবুকিভৰা মেইল।

৪) গৰাখহনীয়া স্থান পৰিদৰ্শন মন্ত্ৰী পিযুষ হাজৰিকাৰ। লগতে বিভাগীয় কৰ্তৃপক্ষক দিয়ে বিশেষ নিৰ্দেশ।

৫) অভিযুক্ত বিপিনক এনকাউন্টৰ। অভিযোগ অনুসৰি, যৌতুৰ বাবে বিপিনে পত্নীক জীৱন্তে জ্বলাই হত্যা কৰিছিল।

৬) ভাৰতৰ আটাইতকৈ দুখীয়া মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। আনহাতে দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী হৈছে অন্ধ্ৰপ্ৰদেশৰ এন চন্দ্ৰবাবু নাইডু। এক প্ৰতিবেদনত প্ৰকাশ এই তথ্য।

৭) BSF ৰ জোৱানে গ্ৰেপ্তাৰ কৰিলে পাকিস্তানৰ কেইবাজন মাছমৰীয়াক।

৮)ভাৰত ভ্ৰমণলৈ আহিব পাৰে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি।এতিয়ালৈকে তাৰিখ ঘোষণা হোৱা নাই।

৯) গাজাত পুনৰ প্ৰাণ হেৰুৱালে প্ৰায় ৬৩ জনে।