অজিত ডোভালে পালে নতুন সহায়ক,কোন এই অনিশ দয়াল সিং…
অজিত ডোভালে পালে নতুন সহায়ক। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে সহকাৰী ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাক নিযুক্তি দিছে।অনিশ দয়াল সিঙক দিছে বিশেষ দায়িত্ব।
ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে লাভ কৰিছে নতুন সহায়ক। প্ৰতিৰক্ষা মন্ত্ৰালয়ে নতুন পদত নিযুক্তি দিছে দুটা অৰ্ধসামৰিক বাহিনীৰ প্ৰাক্তন মুৰব্বী অনিশ দয়াল সিঙক। এতিয়াৰে পৰা সহকাৰী ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা হিচাপে কাম কৰিব তেওঁ। ১৯৮৮ চনৰ বেচৰ এইজন অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়াৰ কান্ধত থাকিব দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ দায়িত্ব ।
১৯৮৮ চনত মণিপুৰ কেডাৰৰ পৰা আই পি এছ হিচাপে যোগদান কৰিছিল অনিশ দয়াল সিঙে। দীৰ্ঘ সময় সেৱা আগবঢ়োৱাৰ পাছত তেওঁ ২০২৪ চনৰ ডিচেম্বৰ মাহত অৱসৰ গ্ৰহণ কৰে। এইগৰাকী বিষয়াৰ দেশৰ চোৰাংচোৱা ব্যুৰো, ভাৰত-তিব্বতী সীমান্ত আৰক্ষী আৰু চি আৰ পি এফৰ অভিজ্ঞতা আছে।
তেওঁৰ কেৰিয়াৰৰ প্ৰায় ৩০ বছৰ আই বিৰ সৈতে জড়িত আছিল। পিছত তেওঁক ভাৰত-তিব্বত সীমান্ত আৰক্ষীৰ দায়িত্ব দিয়া হয়। সেই অৰ্ধসামৰিক বাহিনীৰ মুৰব্বী হিচাপে তেওঁক নিযুক্তি দিয়া হৈছিল। অৱশেষত অৱসৰৰ পূৰ্বে চি আৰ পি এফ অৰ্ধসামৰিক বাহিনীৰ দায়িত্ব গ্ৰহণ কৰিছিল, আৰু এতিয়া দেশৰ সহকাৰী ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাৰ পদ লাভ কৰিছে সিঙে।