শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
মধ্যবিত্তলৈ সকাহ, ৩৭ হাজাৰ টকাতে পাব ১০ গ্ৰাম সোণ...

মধ্যবিত্তলৈ সকাহ, ৩৭ হাজাৰ টকাতে পাব ১০ গ্ৰাম সোণ…

Trishna Kalita
Trishna Kalita | Published: 25 Aug 2025 20:10 PM

৯ কেৰেটৰ সোণত ৩৭.৫ শতাংশ বিশুদ্ধ সোণ থাকে আৰু বাকীখিনি আন ধাতু। ফলত ৯৯.৯ শতাংশ বিশুদ্ধ ২৪ কেৰেট সোণৰ মূল্য লাখ লাখ টকা হোৱাৰ লগতে ৯ কেৰেট সোণৰ মূল্য ৩৮ হাজাৰ টকাৰ ভিতৰত হ’ব।

বজাৰত ভয়ংকৰভাৱে বৃদ্ধি পাইছে সোণৰ দাম। যাৰ বাবে সোণ কিনাটো মধ্যবিত্ত শ্ৰেণীৰ সপোনত পৰিণত হৈছে। ইফালে সোণৰ মূল্য বৃদ্ধিয়ে বিনিয়োগকাৰীক হাঁহিবলৈ বাধ্য কৰাইছে। আনফালে দেশৰ সাধাৰণ জনতাক কোঙা কৰিছে। ভাৰতত উৎসৱৰ বতৰত সোণ কিনা আৰু উপহাৰ হিচাপে সোণ দিয়াৰ প্ৰৱণতা দেখা যায়। ফলত কেন্দ্ৰীয় চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে যাতে মধ্যবিত্ত শ্ৰেণীয়ে সোণ ক্ৰয় কৰিব পাৰে।