শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

বিচাৰি আছে নেকি চাকৰি? কেইবাটা বিভাগত হৈ আছে নিযুক্তি, আবেদনৰ সময়সীমা ডিচেম্বৰ…

প্ৰায় সকলোৰে আশা এটা ভাল চৰকাৰী চাকৰিৰ! কিন্তু আজিৰ সময়ত চাকৰি যুৱ প্ৰজন্মৰ মাজত এক প্ৰত্যাহ্বান হিচাপে থিয় দিছে। অৱশ্যে আপুনি যদি চাকৰি বিচাৰি আছে তেন্তে আপোনাৰ বাবে আছে ভাল খবৰ। কিয়নো কেইবাটাও বিভাগত ওলাইছে চাকৰি।

বিচাৰি আছে নেকি চাকৰি? কেইবাটা বিভাগত হৈ আছে নিযুক্তি, আবেদনৰ সময়সীমা ডিচেম্বৰ…
প্ৰতিনিধিত্বমূলক ছবি
barasha-sarma
Barasha Sarma | Published: 11 Dec 2024 13:15 PM

যুৱ প্ৰজন্মৰ একাংশৰ মূল চিন্তা এটা ভাল চাকৰি। সকলোৱে বিচাৰে এটা ভাল চাকৰি লাভ কৰি জীৱন আগুৱাই নিবলৈ। আপুনিও যদি চাকৰি বিচাৰি আছে তেন্তে এই খবৰ আপোনাৰ বাবে। চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি। অৱশ্যে ইয়াৰ বাবে বান্ধি দিয়া হৈছে অৰ্হতা, আবেদনৰ সময়সীমা আদি। গতিকে যোগ্য আৰু ইচ্ছ্যুক প্ৰাৰ্থীয়ে এই চাকৰিৰ বাবে আবেদন কৰিব পাৰে। তলত ইয়াৰ সবিশেষ উল্লেখ কৰা হ’ল-

উচ্চতম ন্যায়ালয়

উচ্চতম ন্যায়ালয়ৰ ১০০ত কৈ অধিক পদৰ বাবে ওলাইছে চাকৰি। ইয়াৰ বাবে আপুনি উচ্চতম ন্যায়ালয়ৰ অফিচিয়েল ৱেবছাইট sci.gov.in ত গৈ আবেদন কৰিব পাৰিব। আবেদনৰ সময়সীমা ২০২৪ চনৰ ২৫ ডিচেম্বৰ। বৰ্তমান আবেদন প্ৰক্ৰিয়া চলি আছে। গতিকে আপুনি আজিয়েই কৰিব পাৰিব আবেদন। উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ৰ কেইবাটাও বিভাগৰ পদ পূৰণৰ বাবে আবেদন বিচাৰিছে।

অৰ্হতাঃ উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ ব্যক্তিগত সহায়ক আৰু ব্যক্তিগত সহায়ক পদৰ বাবে প্ৰাৰ্থীসকলে স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয় বা প্ৰতিষ্ঠানৰ পৰা স্নাতক হ’ব লাগিব। লগতে মাষ্টাৰ (চৰ্টহেণ্ড) পদৰ বাবে প্ৰাৰ্থীসকলে স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠানৰ পৰা আইন ডিগ্ৰী লাভ কৰিব লাগিব। গতিকে যোগ্য আৰু ইচ্ছ্য়ুক প্ৰাৰ্থীসকল সময়ময়ে আবেদন কৰিব পাৰে।

টেট পৰীক্ষা

২৯ ডিচেম্বৰত অসমত টেট নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ’ব। মাধ্যমিক পৰ্যায়ৰ শিক্ষক পদৰ বাবে এই পৰীক্ষা হ’ব। মুঠ ৯,৭১৭ টা পদৰ বাবে অনুষ্ঠিত হ’ব পৰীক্ষা। ইয়াৰে ১,৪৮৭ টা পদ স্নাতকোত্তৰ আৰু ৮,২৩০ টা পদ স্নাতক শিক্ষকৰ বাবে। পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া প্ৰাৰ্থীসকলে https://madhyamik.assam.gov.in/ ৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব।

অসম কৃষি বিশ্ববিদ্যালয়

অসম কৃষি বিশ্ববিদ্যালয়ত মুঠ ৩৫ টা খালী পদৰ বাবে আবেদন বিচাৰিছে। এই পদসমূহ হৈছে –  ফাৰ্ম মেনেজাৰ, প্ৰগ্ৰেম এচিষ্টেণ্ট(লেব. টেকনিচিয়ান), জ্যেষ্ঠ বিজ্ঞানী-সহ-মূৰব্বী, প্ৰগ্ৰেম এচিষ্টেণ্ট (কম্পিউটাৰ), এচিষ্টেণ্ট, ষ্টেন’গ্ৰাফাৰ গ্ৰেড-৩, চালক আৰু সহায়ক কৰ্মচাৰী গ্ৰেড ১, চাবজেক্ট মেটাৰ স্পেচিয়েলিষ্ট, আদি। এই পদৰ বাবে ১০ ডিচেম্বৰৰ পৰা আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ইয়াৰ সময়সীমা ৫ জানুৱাৰী, ২০২৫ লৈ। গতিকে এই সময়চোৱাত প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰে। অধিক জানিবৰ বাবে ক্লিক কৰক

NCERT

নেচনেল কাউন্সিল অৱ এডুকেচনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং অৰ্থাৎ NCERT য়ে নিজৰ গৱেষণা বিভাগত চাকৰিৰ বাবে আবেদনৰ আহ্বান কৰিছে  ইচ্ছুক প্ৰাৰ্থীয়ে NCERT ৰ অফিচিয়েল ৱেবছাইট https://ncert.nic.in/ ৰ জৰিয়তে আবেদন কৰিব পাৰিব। এই নিযুক্তি গৱেষণা সহযোগী (Research Associateship) পদত হ’ব।  অধিক জানিবৰ বাবে ইয়াৰ অফিচিয়েল চাইটত চাব পাৰিব। এই চাকৰিৰ বাবে এন চি ই আৰ টিয়ে কিছুমান বিশেষ চৰ্তও বান্ধি দিছে।

ৰেলৱে

ৰেলৱেত ওলাইছে চাকৰি। ইয়াৰ বাবে আপুনি আৰ আৰ চি দক্ষিণ-পূব ৰেলৱেৰ অফিচিয়েল ৱেবছাইট rrcser.co.in আৰু iroams.com/RRCSER24/ ত গৈ অনলাইন আবেদন কৰিব পাৰিব। দশম শ্ৰেণী উত্তীৰ্ণসকলৰ বাবে ওলাইছে এই চাকৰি। আবদনৰ সময়সীমা ২৭ ডিচেম্বৰ, ২০২৪ ।

 

অন্য খবৰ পঢ়কঃ ভাৰতীয় সাধাৰণ বীমা নিগমত ওলাইছে চাকৰি: দৰমহা মাহে ৮৫,০০০, এনেকৈ কৰক আবেদন…