শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

ভাৰতীয় সাধাৰণ বীমা নিগমত ওলাইছে চাকৰি: দৰমহা মাহে ৮৫,০০০, এনেকৈ কৰক আবেদন…

ওলাইছে চৰকাৰী চাকৰি। ভাৰতীয় সাধাৰণ বীমা নিগম (General insurance corporation of india) য়ে কেইবাটাও পদৰ বাবে আবেদন বিচাৰিছে। গতিকে আবেদন প্ৰক্ৰিয়াৰ সময় পাৰ হোৱাৰ আগতে আপুনি কৰিব পাৰে আবেদন।

ভাৰতীয় সাধাৰণ বীমা নিগমত ওলাইছে চাকৰি: দৰমহা মাহে ৮৫,০০০, এনেকৈ কৰক আবেদন…
চাকৰি
barasha-sarma
Barasha Sarma | Updated On: 09 Dec 2024 14:39 PM

যদি আপুনি স্নাতক ডিগ্ৰীধাৰী আৰু চৰকাৰী চাকৰি বিচাৰি আছে তেন্তে আপোনাৰ বাবে আছে ভাল খবৰ। ভাৰতীয় সাধাৰণ বীমা নিগম (General insurance corporation of india) য়ে কেইবাটাও পদৰ বাবে আবেদন বিচাৰিছে। এই আবেদন প্ৰক্ৰিয়া ৪ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু ই ১৯ ডিচেম্বৰ, ২০২৪ লৈ চলিব। গতিকে ইয়াৰ পূৰ্বে আপুনি আবেদন জনাব পাৰে। General insurance corporation of india ৰ অফিচিয়েল ৱেবচাইট http://www.gicre.in ত আপুনি এই চাকৰিৰ পদ আৰু সবিশেষ তথ্য জানিব পাৰিব।

চৰকাৰী অধিসূচনা অনুসৰি কোম্পানীটোত মুঠ ১১০ টা পদ খালী আছে আৰু এই আটাইকেইটা পদৰ বাবে আবেদন বিচাৰিছে। এই পদত নিৰ্বাচিত হোৱা প্ৰাৰ্থীয়ে প্ৰতিমাহে ৮৫,০০০ টকা পৰ্যন্ত দৰমহা লাভ কৰিব। যদি আপুনিও এনে কোনো চাকৰি বিচাৰি আছে তেন্তে ভাৰতীয় সাধাৰণ বীমা নিগমৰ অফিচিয়েল ৱেবচাইটত গৈ অনলাইন আবেদন কৰিব পাৰে।

কি কি পদ খালী আছে

  • জেনেৰেল এণ্ড ফাইনেন্স- ১৮ টা পদ
  • ইনফৰমেশ্যন টেকনলজি (আইটি)- ২২ টা পদ
  • এচ্যুৱেৰিয়েল (মুনছি) – ১০টা পদ
  • বীমা- ২০ টা পদ
  • অভিযান্ত্ৰিক – ৫ টা পদ
  • আইনী – ৯ টা পদ
  • এইচ আৰ- ৬ টা পদ
  • এম বি বি এছ – ২ টা পদ
  • এই সকলোবোৰ পদ স্কেল-১ বিষয়া (সহকাৰী বিষয়া)ৰ বাবে।

যোগ্যতা আৰু বয়স

ওপৰোক্ত পদসমূহত নিযুক্তি লাভ কৰিবলৈ প্ৰাৰ্থীয়ে সংশ্লিষ্ট স্নাতক ডিগ্ৰীধাৰী হোৱা আৱশ্যক।

  • জেনেৰেল এণ্ড ফাইনেন্স পদৰ বাবে প্ৰাৰ্থীয়ে স্নাতক ডিগ্ৰীত কমেও ৬০ শতাংশ নম্বৰ লৈ উত্তীৰ্ণ হ’ব লাগিব। যদি প্ৰাৰ্থীয়ে স্নাতকোত্তৰ বা এম বি এ কৰিছে তেন্তে তেওঁ অতিৰিক্ত সুবিধা লাভ কৰিব।
  • আইনী পদৰ বাবে আইন ডিগ্ৰী বাধ্যতামূলক আৰু এল এল এম বা চিভিল আইন ডিগ্ৰীক প্ৰাধান্য দিয়া হ’ব।
  • আই টি, এচ্যুৱেৰিয়েল, বীমা,ইঞ্জিনিয়াৰিং, এইচ আৰ আৰু এম বি বি এছ আদি পদৰ বাবে সংশ্লিষ্ট বিষয়ত স্নাতক ডিগ্ৰী থাকিব লাগিব।
  • এই পদসমূহত আবেদন কৰা প্ৰাৰ্থীসকলৰ বয়সৰ সীমা ২১ৰ পৰা ৩০ বছৰৰ ভিতৰত হ’ব লাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীৰ ক্ষেত্ৰত কিছু ৰেহাই থাকিব।

নিৰ্বাচন প্ৰক্ৰিয়া

অনলাইন পৰীক্ষা- প্ৰাৰ্থীসকলে প্ৰথমে অনলাইন পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব।

গ্ৰুপ ডিচকাচন (GD) – নিৰ্বাচিত প্ৰাৰ্থীয়ে গ্ৰুপ ডিচকাচনত অংশগ্ৰহণ কৰিব।

সাক্ষাৎকাৰ- গ্ৰুপ ডিচকাচনত উত্তীৰ্ণ হোৱা প্ৰাৰ্থীক ব্যক্তিগত সাক্ষাৎকাৰৰ বাবে মাতিব।

দৰমহা

এই সকলোবোৰ পৰ্যায়ত উত্তীৰ্ণ হোৱাৰ পিছত নিৰ্বাচিত প্ৰাৰ্থীসকলে ভাৰতীয় সাধাৰণ বীমা নিগমৰ স্কেল ১ বিষয়া হিচাপে যোগদান কৰিব পাৰিব। তেওঁলোকে মাহিলী ৮৫, ০০০ পৰ্যন্ত লাভ কৰাৰ লগতে আন সুবিধাও লাভ কৰিব।

 

অন্য খবৰ পঢ়কঃ স্নাতক ডিগ্ৰীধাৰীসকলৰ বাবে চাকৰি! দৰমহা মাহে ৬৭,০০০ টকা, আজিয়েই কৰক আবেদন…

Latest News