শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক ৩ ডিচেম্বৰৰ দিনটোৰ ঘটা ঘটনা পৰিঘটনা…

আজিৰ দিনটোতে ভূপালৰ গেছ দুৰ্ঘটনা সংঘটিত হয়। ১৯৮৪ চনৰ ৩ ডিচেম্বৰত ভূপালৰ ইউনিয়ন কাৰ্বাইড কীটনাশক কাৰখানাত বিষাক্ত গেছ নিৰ্গত হয়। এই দুৰ্ঘটনাত হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে হাজাৰ হাজাৰ লোক আহত হয়।

ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক ৩ ডিচেম্বৰৰ দিনটোৰ ঘটা ঘটনা পৰিঘটনা…
manas-borah
Manas Borah | Published: 03 Dec 2025 09:46 AM

৩ ডিচেম্বৰৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। আজিৰ দিনটোতে ভূপালৰ গেছ দুৰ্ঘটনা সংঘটিত হয়। ১৯৮৪ চনৰ ৩ ডিচেম্বৰত ভূপালৰ ইউনিয়ন কাৰ্বাইড কীটনাশক কাৰখানাত বিষাক্ত গেছ নিৰ্গত হয়। এই দুৰ্ঘটনাত হাজাৰ হাজাৰ লোকৰ মৃত্যু হোৱাৰ বিপৰীতে হাজাৰ হাজাৰ লোক আহত হয়। ইয়াৰ উপৰিও গৰ্ভস্থ শিশু আৰু ভৱিষ্যত প্ৰজন্মৰ স্বাস্থ্যৰ প্ৰতিও উদ্বেগ বৃদ্ধি পায়।

হকী কিংবদন্তি ধ্যান চান্দৰ মৃত্যু হয় ১৯৭৯ চনৰ ৩ ডিচেম্বৰত। তেওঁক বিশ্ব হকীৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ হিচাপে গণ্য কৰা হৈছিল। তেওঁ অলিম্পিকত তিনিটাকৈ স্বৰ্ণ পদক লাভ কৰা ভাৰতীয় হকী দলৰ সদস্য আছিল। প্ৰায় ছয় দশক ধৰি হিন্দী চিনেমাত নিজৰ দক্ষতা, অভিনয়, ৰোমান্টিকতাৰে দৰ্শকক মোহিত কৰা চিৰসেউজ অভিনেতা দেৱ আনন্দৰো মৃত্যু হয় ২০১১ চনৰ ৩ ডিচেম্বৰত। ১৮৮৪ চনৰ ৩ ডিচেম্বৰত ড° প্ৰসাদৰ জন্ম হৈছিল। ইয়াৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ইতিহাসত ৩ ডিচেম্বৰত লিপিবদ্ধ হোৱা পৰিঘটনাসমূহ চাওঁ আহক।

দিনটোৰ ইতিহাস

  • ১৮২৯ চনত ভাইচৰয় লৰ্ড উইলিয়াম বেন্টিংকে ভাৰতত সতী প্ৰথা নিষিদ্ধ কৰে।
  • ১৮৮২ চনত আধুনিক ভাৰতীয় চিত্ৰকলাৰ অন্যতম পথ প্ৰদৰ্শক নন্দলাল বসুৰ জন্ম হয়।
  • ১৮৮৪ চনত ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ড° ৰাজেন্দ্ৰ প্ৰসাদৰ জন্ম হয়।
  • ১৮৮৯ চনত খুদিৰাম বসুৰ জন্ম হয়। এই গৰাকী মহান ব্যক্তিয়ে দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিছিল।
  • ১৯২০ চনত তুৰস্ক আৰু আৰ্মেনিয়াই শান্তি চুক্তিত সন্মতি প্ৰকাশ কৰে।
  • ১৯৫৯ চনত চাইপ্ৰাছত জৰুৰীকালীন অৱস্থাৰ অন্ত পৰে।
  • ১৯৭১ চনত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ আৰম্ভ হয় আৰু ৰাষ্ট্ৰপতিয়ে দেশত জৰুৰীকালীন অৱস্থা ঘোষণা কৰে। যুদ্ধৰ ফলত বাংলাদেশৰ সৃষ্টি হয়।
  • ১৯৭৯ চনত হকী কিংবদন্তি ধ্যান চান্দৰ মৃত্যু হয়।
  • ১৯৭৯ চনত ইৰাণে ইছলামিক সংবিধান গ্ৰহণ কৰে।
  • ১৯৮২ চনত ভাৰতীয় মহিলা ক্ৰিকেটাৰ মিতালী ৰাজৰ জন্ম হয়।
  • ১৯৮৪ চনত ভূপালৰ ইউনিয়ন কাৰ্বাইড কীটনাশক কাৰখানাৰ পৰা বিষাক্ত গেছ নিৰ্গত হোৱাৰ ফলত হাজাৰ হাজাৰ লোকৰ মৃত্যু হয় আৰু বহু লোক অসুস্থ হৈ পৰে। ইয়াক বিশ্বৰ অন্যতম ভয়াৱহ ঔদ্যোগিক দুৰ্যোগ হিচাপে গণ্য কৰা হয়।
  • ২০১১ চনত বলীউডৰ অভিনেতা দেৱ আনন্দৰ মৃত্যু হয়।