শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা

আজি ২৮ ডিচেম্বৰ। বহু গুৰুত্বপূৰ্ণ ঘটনা পৰিঘটনাৰ বাবে এই দিনটোৰ ইতিহাসত লিপিবদ্ধ হৈ আছে। চাওঁ আহক দিনটোৰ ইতিহাস।

ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা
Image Credit source: wikipedia
manas-borah
Manas Borah | Published: 28 Dec 2025 07:00 AM

বহু ঘটনা পৰিঘটনাৰ বাবে আজি ২৮ ডিচেম্বৰৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। ১৮৮৫ চনত এলান অক্টেভিয়ান হিউমে ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰে। এই দলটো আছিল এক জাতীয়তাবাদী আন্দোলনৰ পৰিপ্ৰেক্ষিতত জন্ম হোৱা এটা দল। দলটোৱে ভাৰতক ইংৰাজৰ পৰা স্বাধীনতা লাভ কৰাত মুখ্য ভূমিকা পালন কৰিছিল, তাৰ পিছত ই ৰাজনৈতিক দললৈ ৰূপান্তৰিত হৈছিল।

দলটোৰ প্ৰতিষ্ঠাৰ আঁৰত থকা বিশিষ্ট্য ব্যক্তিসকল এলান অক্টাভিয়ান হিউম, দাদাভাই নৰোজী, দিনশ্ব ৱাচা, ৱমেশ চন্দ্ৰ বনাৰ্জী, সুৰেন্দ্ৰনাথ বেনাৰ্জী, মনোমোহন ঘোষ, মহাদেৱ গোবিন্দ ৰাণাদে আৰু উইলিয়াম ৱেডাৰবাৰ্ণ।  প্ৰতিষ্ঠাপক সদস্যসকলৰ ভিতৰত বিভিন্ন পটভূমিৰ বিশিষ্ট ব্যক্তিসকল আছিল যদিও ইয়াৰ প্ৰতিষ্ঠাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল অৱসৰপ্ৰাপ্ত ব্ৰিটিছ চৰকাৰী কৰ্মচাৰী এলান অক্টেভিয়ান হিউমে। ইয়াৰ লগতে দিনটোৰ অন্যান্য পৰিঘটনা চাওঁ আহক।

দিনটোৰ ইতিহাস

  1. ১০৬৫ চনত লণ্ডনৰ আইকনিক ৱেষ্টমিনিষ্টাৰ এবে পবিত্ৰ কৰা হয়।
  2. ১৬১২ চনত ইটালীৰ জ্যোতিৰ্বিজ্ঞানী গেলিলিও গেলিলিয়ে প্ৰথমবাৰৰ বাবে নেপচুন পৰ্যবেক্ষণ কৰিছিল যদিও তেওঁ ভুলকৈ ইয়াক এটা নিৰ্দিষ্ট তৰা বুলি অভিহিত কৰিছিল।
  3. ১৬৫৯ চনত কলহাপুৰ যুদ্ধত ভাৰতৰ মাৰাঠাই আদিলশাহী সেনাক পৰাস্ত কৰে।
  4. ১৮৩৬ চনত স্পেইনে চান্টা মাৰিয়া-কালাট্ৰাভা সন্ধি স্বাক্ষৰ কৰাৰ পিছত মেক্সিকোৰ স্বাধীনতাক স্বীকৃতি দিয়ে।
  5. ১৮৮৫ চনত এলান অক্টেভিয়ান হিউমে ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰতিষ্ঠা কৰে। এই দলটো আছিল এক জাতীয়তাবাদী আন্দোলন যিয়ে ভাৰতক ইংৰাজৰ পৰা স্বাধীনতা লাভ কৰাত মুখ্য ভূমিকা পালন কৰিছিল, তাৰ পিছত ই ৰাজনৈতিক দললৈ ৰূপান্তৰিত হৈছিল।
  6. ১৮৯৫ চনত জাৰ্মান পদাৰ্থবিজ্ঞানী উইলহেম ৰণ্টগেনে এক নতুন প্ৰকাৰৰ বিকিৰণৰ আৱিষ্কাৰ সম্পৰ্কে গৱেষণা পত্ৰ প্ৰকাশ কৰে, যাক পিছলৈ এক্স-ৰে নামেৰে জনা যায়।
  7. ২০০২ চনত আমেৰিকাৰ উদ্যোগী ৰিড হফমেনে ব্যৱসায়মুখী ছ’চিয়েল মিডিয়া প্লেটফৰ্ম লিংকডিন প্ৰতিষ্ঠা কৰে।