শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা…

আজি ২৬ ডিচেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। ২০০৪ চনৰ আজিৰ দিনটোতে ছুনামীয়ে ভাৰতকে ধৰি বহু দেশত বিধ্বংসী ৰূপ ধাৰণ কৰে। চাওঁ আহক দিনটোৰ ইতিহাস।

ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা…
Manas Borah
Manas Borah | Updated On: 26 Dec 2025 15:55 PM

২৬ ডিচেম্বৰ দিনটো বহু গুৰুত্বপূৰ্ণ ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। ২০০৪ চনৰ আজিৰ দিনটোতে উত্তৰ ইণ্ডোনেছিয়াৰ আচেহৰ ওচৰত ৮.৯ ৰিখটাৰ স্কেলৰ ভূমিকম্প হৈছিল। ইয়াৰ পাছৰ ছুনামীয়ে ভাৰতকে ধৰি বহু দেশত বিধ্বংসী ৰূপ ধাৰণ কৰে। সেই সময়ত চুনামীৰ ভৱিষ্যদ্বাণীৰ কোনো ব্যৱস্থা নাছিল। ফলস্বৰূপে ছুনামীৰ ফলত হোৱা ধ্বংসলীলা কোনেও বুজিব পৰা নাছিল।

ছুনামীয়ে ইমানেই বিধ্বংসী ৰূপ ধাৰণ কৰিলে যে থাইলেণ্ড আৰু অন্যান্য দেশৰ সাগৰৰ পাৰৰ হোটেল আৰু ৰিজ’ৰ্টত থকা অসংখ্য বিদেশী পৰ্যটকৰ প্ৰাণ কাঢ়ি নিলে। ১৯৭৮ চনত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী কাৰাগাৰৰ পৰা মুক্তি লাভ কৰে। ইয়াৰ লগতে অন্যান্য পৰিঘটনাবোৰ চাওঁ আহক।

দিনটোৰ ইতিহাস

১৯০৪ চনত দিল্লী আৰু মুম্বাইৰ মাজত দেশৰ প্ৰথমখন ক্ৰছ কান্টি মটৰকাৰ ৰেলী আৰম্ভ হয়।

১৯২৫ চনত ভাৰতীয় কমিউনিষ্ট পাৰ্টি প্ৰতিষ্ঠা হয়।

১৯৭৮ চনত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে কাৰাগাৰৰ পৰা মুক্তি লাভ কৰে। মোৰাৰজী দেশাই চৰকাৰে ১৯ ডিচেম্বৰত গ্ৰেপ্তাৰ কৰিছিল।

১৯৯৭ চনত ওড়িশাৰ বিশিষ্ট ৰাজনীতিবিদ বিজু পাটনায়কৰ পুত্ৰ নবীন পাটনাইকে বিজু জনতা দল (বিজেডি) প্ৰতিষ্ঠা কৰে।

২০০৩ চনত ইৰাণৰ দক্ষিণ-পূবৰ বাম চহৰত ৬.৬ প্ৰাবল্যৰ ভূমিকম্পৰ ফলত ব্যাপক প্ৰাণ আৰু সম্পত্তিৰ ক্ষতি হয়।

২০০৪ চনত ভাৰত, শ্ৰীলংকা, ইণ্ডোনেছিয়া, থাইলেণ্ড, মালয়েছিয়া, মালদ্বীপ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত এক শক্তিশালী ভূমিকম্পৰ পিছত ছুনামীয়ে বিধ্বংসী ৰূপ ধাৰণ কৰে। প্ৰায় ২ লাখ ৩০ হাজাৰ লোকৰ মৃত্যু হয়।

২০০৬ চনত অষ্ট্ৰেলিয়াৰ বলাৰ শ্বেন ৱাৰ্নে আন্তঃৰাষ্ট্ৰীয় টেষ্ট ক্ৰিকেটত ৭০০ উইকেট দখল কৰি ইতিহাসৰ সৃষ্টি কৰে।

২০১২ চনত চীনৰ ৰাজধানী বেইজিঙৰ পৰা আন এখন ডাঙৰ চহৰ গুৱাংঝুলৈ নিৰ্মিত বিশ্বৰ আটাইতকৈ দীঘলীয়া দ্ৰুতবেগী ৰেলপথ মুকলি কৰা হয়।