আজি সুশাসন দিৱস, ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক দিনটোৰ ইতিহাস…
আজি ২৫ ডিচেম্বৰ। বহু ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। আজি সুশাসন দিৱস। চাওঁ আহক দিনটোৰ ইতিহাস।
বহু ঘটনা পৰিঘটনাৰ বাবে আজি ২৫ ডিচেম্বৰৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। ১৯২৪ চনৰ আজিৰ দিনটোতে ভাৰতীয় ৰাজনীতিবিদ, কবি আৰু লেখক তথা প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম। ভাৰতবৰ্ষৰ দশমগৰাকী প্ৰধানমন্ত্ৰী হিচাপে তেখেতে তিনিটা কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰথমে ১৯৯৬ চনত মাত্ৰ ১৩ দিনৰ বাবে, তাৰ পিছত ১৯৯৮ চনৰ পৰা ১৯৯৯ চনলৈ ১৩ মাহৰ বাবে, তাৰ পিছত ১৯৯৯ চনৰ পৰা ২০০৪ চনলৈ সম্পূৰ্ণ পাচঁবছৰ কাৰ্যকাল সমাপন কৰিছিল বাজপেয়ীয়ে।
২০১৪ চনত নৰেন্দ্ৰ মোদী চৰকাৰে বাজপেয়ীৰ জন্মদিন ২৫ ডিচেম্বৰৰ দিনটো ৰাষ্ট্ৰজুৰি সুশাসন দিৱস হিচাপে পালন কৰা কথা ঘোষণা কৰে । ২০১৫ চনত তেখেতক ভাৰতবৰ্ষৰ তদানীন্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন প্ৰদান কৰে।
২০০৫ চনত ৰাজনীতিবিদ আৰু অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰ মৃত্যু হয়। তেখেত ভাৰতীয় জাতীয় কংগ্ৰেছ, ভাৰতীয় জাতীয় কংগ্ৰেছ (সমাজতান্ত্ৰিক) আৰু জাতীয়তাবাদী কংগ্ৰেছ দলৰ নেতা আছিল। তেখেত বিৰল ৰাজনীতিবিদ আছিল যিয়ে ভাৰতীয় সমাজৰ পিছপৰা শ্ৰেণীৰ লোকসকলৰ কল্যাণৰ বাবে নিজৰ জীৱন ত্যাগ কৰিছিল। তেখেতৰ ৰাজনৈতিক জীৱন আছিল সৰলতা আৰু সততাৰ এক বিৰল সংমিশ্ৰণ। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ অন্যান্য ঘটনা পৰিঘটনা।
দিনটোৰ ইতিহাস
২০১৮ চনত ধেমাজি আৰু ডিব্ৰুগড় জিলাক সংযোগ কৰা ব্ৰক্ষ্মপুত্ৰ নদৰ ওপৰৰ বগীবিল দলঙৰ শুভ উদ্বোধন কৰা হয়। ৪.৯৪ কিঃমিঃ দৈৰ্ঘৰ এই বগীবিল দলঙৰ শুভ উদ্বোধন কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
১৮৫২ চনত বৰ অসমৰ প্ৰথমজন অভিযন্তা তথা সাহিত্যিক আৰু সাংবাদিক বলিনাৰায়ণ বৰাৰ জন্ম।
১৯২৪ চনত ভাৰতীয় ৰাজনীতিবিদ, কবি আৰু লেখক প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জন্ম।
১৯৯৪ চনত ভাৰতবৰ্ষৰ সপ্তমগৰাকী ৰাষ্ট্ৰপতি আৰু ভাৰতীয় ৰাজনীতিবিদ জেইল সিঙৰ মৃত্যু হয়। তেওঁ ৰাষ্ট্ৰপতি হিচাপে ১৯৮২ চনৰ পৰা ১৯৮৭ চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল।
২০০১ চনত অসমীয়া সাহিত্যিক আৰু সাহিত্য সমালোচক অতুল চন্দ্ৰ বৰুৱাৰ মৃত্যু।
INPUT-Wikipedia