আজিৰ দিনটোতে কনকলতা বৰুৱাৰ জন্ম, ইতিহাসৰ পাত লুটিয়াই চাওক দিনটোৰ ইতিহাস…
আজি ২২ ডিচেম্বৰ। বহু গুৰুত্বপূৰ্ণ ঘটনা পৰিঘটনাৰ বাবে আজিৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। এই দিনটো কি কি ঘটিছিল চাওঁ আহক।
২২ ডিচেম্বৰ তাৰিখটো ইতিহাসত বহুতো উল্লেখযোগ্য পৰিঘটনাৰ লিপিবদ্ধ হৈ আছে। ২০১০ চনৰ আজিৰ দিনটোতে তদানীন্তন আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামাই সমকামীসকলৰ সামৰিক সেৱাক বৈধতা প্ৰদান কৰা আইনত অনুমোদন জনায়। ইয়াৰ পূৰ্বে ১৯৯৩ চনত কাৰ্যকৰী হোৱা “Don’t Ask, Don’t Tell” আইনখনে সমকামী সৈনিকসকলক নিজৰ যৌনতাক লুকুৱাবলৈ বাধ্য কৰাইছিল আৰু যদি তেওঁলোকৰ সমকামিতা প্ৰকাশ পায় তেন্তে তেওঁলোকক সামৰিক বাহিনীৰ পৰা বহিষ্কাৰ কৰা হৈছিল।
১৯২৪ চনৰ আজিৰ দিনটোতে বিশ্বনাথ জিলাৰ বৰঙাবাৰী অঞ্চলত স্বাধীনতা সংগ্ৰামী কনকলতা বৰুৱাৰ জন্ম। কনকলতা বৰুৱাই ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰ তাৰিখে গহপুৰ থানাত ভাৰতীয় জাতীয় পতাকা উত্তোলন কৰিবলৈ ভাৰত ত্যাগ আন্দোলনৰ দলটোক নেতৃত্ব দিছিল। সেইদিনাই গহপুৰ থানাৰ সন্মুখতে ব্ৰিটিছ সেনাই গুলীয়াই হত্যা কৰে কনকলতা বৰুৱাক। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ অন্যান্য পৰিঘটনা।
দিনটোৰ ইতিহাস
১৮৫১ চনত ভাৰতৰ প্ৰথমখন মালবাহী ৰেল চলিছিল। ৰুৰকিৰ পৰা চলিছিল। এই অঞ্চলটো বৰ্তমান উত্তৰাখণ্ড ৰাজ্যত।
১৯১০ চনত আমেৰিকাত প্ৰথম ডাক সঞ্চয় কাৰ্ড জাৰি কৰা হয়।
১৯৪০ চনত এম নাথ ৰয়ে ৰেডিকেল ডেম’ক্ৰেটিক পাৰ্টি প্ৰতিষ্ঠা কৰাৰ কথা ঘোষণা কৰে।
১৯৭১ চনত তেতিয়াৰ ছোভিয়েট ইউনিয়নে ভূগৰ্ভস্থ পাৰমাণৱিক পৰীক্ষা চলায়।
১৯৮৯ চনত ২৪ বছৰৰ পাছত ৰোমানিয়াত নিকোলা চৌচেস্কুৰ একনায়কত্ববাদী শাসনৰ অন্ত পৰে, আৰু দেশৰ পৰা পলায়ন কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাত তেওঁক গ্ৰেপ্তাৰ কৰা হয়।
১৯৯০ চনত ক্ৰ’ৱেচিয়াই সংবিধান গ্ৰহণ কৰি নাগৰিকসকলক বিস্তৃত অধিকাৰ প্ৰদান কৰে।
২০১০ চনত তেতিয়াৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামাই সমকামীসকলক সামৰিক বাহিনীত যোগদান কৰাৰ অনুমতি দিয়া আইনত স্বাক্ষৰ কৰে।
২০২০ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আমেৰিকাৰ মাৰ্কিন লিজিয়ন অব মেৰিট সন্মান আগবঢ়োৱাৰ কথা ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প-এ ঘোষণা কৰে।