শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰাজ্যৰ চাকৰি প্ৰত্যাশী যুৱক-যুৱতীক সুখবৰ দিলে মুখ্যমন্ত্ৰীয়েঃ ADRE 3.0 মুকলি সন্দৰ্ভত কৰিলে এই ঘোষণা….

শুকুৰবাৰে নিশা নিজা ফেজবুক পেজত লাইভ যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেতবোৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰে। এই লাইভৰ যোগেদি তেওঁ চৰকাৰী চাকৰিত নিযুক্তিৰ বাবে ADRE 3.0 সন্দৰ্ভতো গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে।

monjit-dutta
Monjit Dutta | Updated On: 07 Jun 2025 09:24 AM
ৰাজ্যৰ চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকলৰ বাবে সুখবৰ আনিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শিক্ষিত যুৱক-যুৱতীসকলক চৰকাৰী চাকৰীত নিযুক্তি প্ৰদানৰ লক্ষ্যৰে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয়টো পৰ্যায় অৰ্থাৎ ADRE 3.0 সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকী গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে।

1 / 5
এক ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ADRE 2.Oৰ অগ্ৰগতি সম্পৰ্কে বাখ্যা আগবঢ়োৱাৰ লগতে ADRE 3.0ৰ বিজ্ঞাপন মুকলিৰ সন্দৰ্ভত ঘোষণা কৰে। তেওঁ ফেচবুক লাইভত উল্লেখ কৰা মতে চলিত বৰ্ষৰ নৱেম্বৰ মাহত ADRE 3.0ৰ বিজ্ঞাপন মুকলি কৰা হ’ব।

2 / 5
এই সময়তে অসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াকে ধৰি আন চৰকাৰী চাকৰিৰ বিজ্ঞাপন প্ৰকাশৰো ইংগিত দিয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে। ইফালে লাইভত তেওঁ ADRE 2.Oৰ পৰৱৰ্তী পৰ্যায় সন্দৰ্ভতো তথ্য প্ৰকাশ কৰে। অহা ১৭ জুনৰ পৰা ADRE 2.Oৰ তৃতীয় বৰ্গৰ মৌখিক পৰীক্ষা আৰু স্কীল টেষ্ট অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

3 / 5
একেটা দিনৰ পৰাই চতুৰ্থ বৰ্গৰ মৌখিক পৰীক্ষাও আৰম্ভ হ’ব বুলি তেওঁ সদৰী কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া মতে ১৫ জুলাইৰ ভিতৰত এই নিযুক্তি পৰীক্ষাৰ সকলো প্ৰক্ৰিয়া সম্পন্ন কৰি ১০ অক্টোবৰত নিযুক্তি প্ৰদান কৰা হ’ব। উক্ত দিনাই অসম আৰক্ষী, শিক্ষা বিভাগ আৰু স্বাস্থ্য বিভাগৰো নিযুক্ত প্ৰদান কৰা হ’ব বুলি তেওঁ ঘোষণা কৰে।

4 / 5
উল্লেখ্য যে বিগত বৰ্ষৰ ছেপ্টেম্বৰ-অক্টোবৰ মাহত ADRE 2.Oৰ লিখিত পৰীক্ষা অনুষ্ঠিত হৈছিল। এই নিযুক্তি প্ৰক্ৰিয়াৰ যোগেদি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ ১২,৬০০ পদৰ নিযুক্তিৰ লক্ষ্য লোৱা হৈছে। আনহাতে ২০২২ চনত মুকলি হোৱা ADREৰ প্ৰথমটো পৰ্যায়ৰ ৰাজ্য চৰকাৰে ২৬ হাজাৰতকৈ অধিক পদ মুকলি কৰিছিল।

5 / 5