Children’s day History: কিয় ‘শিশু দিৱস’ পালন কৰা হয় ? জানক এই দিৱসৰ ইতিহাস, গুৰুত্ব আদি সকলো…
Children's day history: প্ৰতি বছৰে ১৪ নৱেম্বৰৰ দিনটো সমগ্ৰ দেশত পালন কৰা হয় শিশু দিৱস। এই দিনটোত শিশুৰ অধিকাৰ, সুৰক্ষা আদিৰ বিষয়ে ৰাইজক সজাগ কৰোৱাৰ চেষ্টা কৰা হয়। এই দিৱসৰ মহত্ব অধিক।
প্ৰতিবছৰে ১৪ নৱেম্বৰৰ দিনটো দেশত ‘শিশু দিৱস’ হিচাপে পালন কৰা হয়। ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্মবাৰ্ষিকীত এই দিনটো পালন কৰা হয়। এই দিনটোত দেশৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়, মহাবিদ্যালয় আদিত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰি নেহৰুক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। শিশুসকলৰ মাজত নেহৰুৰ বিশেষ স্থান আছিল। যাৰ বাবে সকলোৱে তেওঁক ‘নেহৰু চাচা’ বুলি সম্বোধন কৰিছিল। ইয়াৰোপৰি এই দিনটোত শিশুসকলৰ অধিকাৰ আৰু সুৰক্ষা সন্দৰ্ভত ৰাইজক সজাগ কৰোৱা হয়।
ইতিহাস
ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীগৰাকী জৱাহৰলাল নেহৰুৰ শিশুৰ প্ৰতি থকা স্নেহ তথা আন্তৰিকতাৰ বাবে তেওঁৰ জন্মবাৰ্ষিকীত শিশু দিৱস পালন কৰা হয়। নেহৰুৰ মৃত্যু হৈছিল ১৯৬৪ চনৰ ২৭ মে’ত। সেই বছৰতে সংসদত সৰ্বসন্মতি ক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে ১৪ নৱেম্বৰ অৰ্থাৎ জৱাহৰলাল নেহৰুৰ জন্ম দিনটোত সমগ্ৰ দেশতে শিশু দিৱস হিচাপে পালন কৰা হ’ব। সেই তেতিয়াই আৰম্ভণি হৈছিল শিশু দিৱসৰ যি বছৰ বছৰ ধৰি পালন কৰি অহা হৈছে।
মহত্ব
দেশত শিশু দিৱসৰ মহত্ব অধিক। নেহৰুৱে সদায় দেশত এনে এটা পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছিল য’ত শিশুই সকলো অধিকাৰ লাভ কৰে আৰু বিকাশ হয়। ১৯৫৫ চনত তেওঁ ভাৰতীয় শিশুক প্ৰতিনিধিত্ব কৰিবৰ বাবে চিলড্ৰেন ফিল্ম ছচাইটি ইণ্ডিয়াৰ স্থাপন কৰিছিল। ইয়াৰোপৰি তেওঁ শিশুৰ কল্যানৰ হৈ বহু পদক্ষেপ গ্ৰহণ কৰিছিল।
শিশুসকলৰ শিক্ষা, অধিকাৰ আদিৰ বাবে বছৰ বছৰ ধৰি শিশু দিৱস পালন কৰি অহা হৈছে। এই দিনটোত শিশুৰ গুণগত শিক্ষা, স্বাস্থ্য সেৱা, নিৰাপদ পৰিবেশ প্ৰদান আদিৰ দৰে মূল বিষয়সমূহৰ ওপৰত গুৰুত্ব দিয়া হয়। শিশুৰ অধিকাৰ, শিক্ষা, কল্যাণৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। এই দিৱসে পিতৃ-মাতৃৰ পৰা আৰম্ভ কৰি চৰকাৰলৈ, সকলোকে সোঁৱৰাই দিয়ে শিশুৰ অধিকাৰ আৰু সুৰক্ষাৰ কথা।
নেহৰুৱে কৈ গৈছে- আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত! কিন্তু তাৰ পাছতো আজিও লাখ লাখ শিশু নিজৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। লাখ লাখ শিশু আজি গৃহহীন। বহুতৰে ওচৰত নাই শিক্ষাৰ ব্যৱস্থা, খাদ্যৰ ব্যৱস্থা। ভাল চিকিৎসা বহু শিশুৰ বাবে আজি এক সপোন। চৰকাৰে শিশুৰ অধিকাৰৰ বাবে বহু পদক্ষেপ লৈছে, বহু আইন আনিছে। কিন্তু আজিও দেশৰ বিভিন্ন প্ৰান্তৰ পৰা শিশু শ্ৰমিক, শিশু নিৰ্যাতনৰ খবৰ পোহৰলৈ আহে।
গতিকে কঠোৰতকৈ কঠোৰ হ’ব লাগে শিশু সম্পৰ্কীয় আইন। শিশু সন্দৰ্ভত চৰকাৰে গ্ৰহণ কৰিব লাগে বিশেষ ব্যৱস্থা। কোনো শিশু যাতে শিক্ষাৰ অধিকাৰ, মৌলিক অধিকাৰৰ পৰা বঞ্চিত নহয় তাৰ ওপৰত গুৰুত্ব দিব লাগে। কাৰণ শিশু শিক্ষিত হ’লেহে কাইলৈ এখন উন্নত সমাজ গঢ় লৈ উঠিব।
আজিও ফুটপাথত শুই থাকে বহু শিশু, ৰাস্তাৰ পৰা খাদ্য-সামগ্ৰী বুটলি খাই বহুতে। গতিকে ৰাইজক সজাগ কৰিবলৈ শিশু দিৱস পালন কৰাৰ গুৰুত্ব বহুত বেছি। কিন্তু শিশু দিৱসে পূৰ্ণতা সেইদিনা লাভ কৰিব যিদিনা প্ৰতিটো শিশুই নিজৰ সকলো অধিকাৰ লাভ কৰিব।
অন্য খবৰ পঢ়কঃ ছাত্ৰ-ছাত্ৰীৰ বাবে ‘শিশু দিৱস’ৰ চমু ভাষণ…