Children’s day speech: ছাত্ৰ-ছাত্ৰীৰ বাবে ‘শিশু দিৱস’ৰ চমু ভাষণ…
Children's Day Speech: দেশত প্ৰতিবছৰে ১৪ নৱেম্বৰৰ দিনটো শিশু দিৱস হিচাপে পালন কৰা হয়। এই দিনটোত জন্ম হৈছিল ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু। যাৰ বাবে এই দিনটোত শিশু দিৱস পালন কৰা হয়।
প্ৰতি বছৰে ১৪ নৱেম্বৰৰ দিনটো সমগ্ৰ দেশত ‘শিশু দিৱস’ হিচাপে পালন কৰা হয়। দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্ম জয়ন্তীত শিশু দিৱস পালন কৰা হয়। এই দিনটোত দেশৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়, মহাবিদ্যালয় আদিত শিশু দিৱসৰ অনুষ্ঠান অনুষ্ঠিত হয়। য’ত ছাত্ৰ-ছাত্ৰীসকলে ভাষণ দিয়ে, নৃত্য-গীত কৰে। ছাত্ৰ-ছাত্ৰীয়ে দিব পৰাকৈ তলত শিশু দিৱসৰ ভাষণ উল্লেখ কৰা হ’ল-
নমস্কাৰ! আজিৰ সভাত উপস্থিত থকা মোৰ শ্ৰদ্ধাৰ শিক্ষাগুৰু, দাদা-বাইদেউ, ভাই-ভনীসকল। আজি সমগ্ৰ দেশে পালন কৰিছে ‘শিশু দিৱস’। এই দিনটোতে ১৮৮৯ চনত জন্ম লাভ কৰিছিল দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু। তেওঁ শিশুসকলক যথেষ্ঠ মৰম কৰিছিল। সকলোৱে মৰমতে তেওঁক ‘নেহৰু চাচা’ বুলি সম্বোধন কৰিছিল। যাৰ বাবে এই দিনটো শিশু দিৱস হিচাপে পালন কৰি অহা হৈছে।
নেহৰুৰ মৃত্যু হৈছিল ১৯৬৪ চনৰ ২৭ মে’ত। সেই বৰ্ষয়ে সংসদত সৰ্বসন্মতি ক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে ১৪ নৱেম্বৰ অৰ্থাৎ জৱাহৰলাল নেহৰুৰ জন্ম দিনটোত সমগ্ৰ দেশতে শিশু দিৱস হিচাপে পালন কৰা হ’ব।
এই দিনটোৰ উদ্দেশ্যে হ’ল নেহৰু চাচালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা আৰু ছাত্ৰ-ছাত্ৰীক শিক্ষাৰ মহত্বৰ বিষয়ে সজাগ কৰা। নেহৰুৱে কৈছিল- আজিৰ শিশুই ভৱিষ্যতৰ ভাৰত নিৰ্মাণ কৰিব। শিশুসকলৰ হাততেই আছে এই দেশৰ ভৱিষ্যত। যাৰ বাবে শিশুসকলৰ বিকাশ, শিক্ষা আৰু কল্যানৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন। পিতৃ-মাতৃৰ পৰা আৰম্ভ কৰি শিক্ষক, সমাজ আৰু চৰকাৰলৈ শিশুক ঠিকমতে গঢ় দিয়াত পদক্ষেপ লোৱা প্ৰয়োজন। শিশুক যিমানেই সুস্থভাৱে গঢ় দিব, সিমানেই ভাৰতৰ সুন্দৰ ভৱিষ্যত নিশ্চিত হ’ব।
এই দিৱসটোৰ দ্বাৰা শিশুসকলক শিক্ষাৰ মহত্বৰ বিষয়ে সজাগ কৰা হয়। ভাৰতে স্বাধীনতা লাভ কৰাৰ পাছৰে পৰা শিশুসকলৰ বিকাশৰ বাবে বিভিন্ন পদক্ষেপ লৈ অহা হৈছে। কিন্তু আজিও বহু শিশু মৌলিক অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে। আজিও বহু শিশুয়ে লাভ কৰা নাই শিক্ষা, স্বাস্থ্যৰ অধিকাৰ। যেতিয়া দেশৰ প্ৰতিগৰাকী শিশুয়ে মৌলিক অধিকাৰ লাভ কৰিব তেতিয়াহে সঁচা অৰ্থত শিশু দিৱস সফল হ’ব।
শিশু শ্ৰমিকৰ বিৰুদ্ধে চৰকাৰে বহু পদক্ষেপ হাতত লৈ আহিছে। কিন্তু তাৰ পাছতো আজিও বহু শিশুয়ে এমুঠি অন্নৰ তাড়নাত শ্ৰমিক হৈ আহিছে। শিশুৰ ওপৰত নিৰ্যাতনো চলি আছে। শিশুৰ ওপৰত চলি অহা এনে নিৰ্যাতন বন্ধ কৰা আৱশ্যক।
মই বিচাৰো প্ৰতিটো শিশুই লাভ কৰক শিক্ষাৰ অধিকাৰ। প্ৰতিগৰাকী শিশুই লাভ কৰক মৌলিক অধিকাৰ। ইয়াৰ বাবে চৰকাৰৰ কৰণীয় অধিক। মৌলিক অধিকাৰৰ পৰা বঞ্চিত হোৱা প্ৰতিটো শিশুৰ ন্যায়ৰ প্ৰয়োজন। তেতিয়াহে গঢ় লৈ উঠিব এখন সুস্থ আৰু উন্নত ভাৰত। এইখিনি কৈয়ে মই মোৰ ভাষণৰ সামৰণি মাৰিছো।
অন্য খবৰ পঢ়কঃ Children’s day History: কিয় পালন কৰা হয় ‘শিশু দিৱস? জানক এই দিৱসৰ ইতিহাস, গুৰুত্ব আদি সকলো…