শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Children’s Day 2025: আজি শিশু দিৱসঃ জানক এই দিনটোৰ ইতিহাস, মহত্ব আদি সকলো…

Children's Day 2025: আজি শিশু দিৱস। প্ৰতিবছৰে ১৪ নৱেম্বৰৰ দিনটো দেশত শিশু দিৱস হিচাপে পালন কৰা হয়। ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ জন্ম দিনটোত এই দিৱস পালন কৰা হয়।

Children’s Day 2025: আজি শিশু দিৱসঃ জানক এই দিনটোৰ ইতিহাস, মহত্ব আদি সকলো…
শিশু দিৱসImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 14 Nov 2025 06:26 AM

আজি ১৪ নৱেম্বৰ, শিশু দিৱস। প্ৰতিবছৰে ১৪ নৱেম্বৰৰ দিনটো দেশত শিশু দিৱস হিচাপে পালন কৰা হয়। এই দিনটোতে জন্ম লাভ কৰিছিল দেশৰ প্ৰাক্তন তথা প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুয়ে। তেওঁ শিশুসকলক যথেষ্ঠ মৰম কৰিছিল আৰু সদায় শিশুৰ কল্যানৰ হৈ পদক্ষেপ গ্ৰহণ কৰিছিল। যাৰ বাবে নেহৰুৰ জন্ম বাৰ্ষিকীত দেশত শিশু দিৱস পালন কৰা হয়।

এই দিনটোত দেশৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয়-মহাবিদ্যালয় আদিত বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰা হয়। এই সময়চোৱাত ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শিশুসকল কল্যান তথা বিকাশৰ বাবে জনতাক সজাগ কৰা হয়।

ইতিহাস

জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল ১৮৮৯ চনৰ ১৪ নৱেম্বৰত। তেওঁ শিশুসকলক যথেষ্ঠ মৰম কৰিছিল। সদায় শিশুৰ কল্যানৰ হৈ পদক্ষেপ গ্ৰহণ কৰিছিল। শিশুসকলৰ মাজত নেহৰুৰ যথেষ্ঠ জনপ্ৰিয়তা আছিল। যাৰ বাবে তেওঁক শিশুসকলে ‘নেহৰু চাচা’ বুলি সম্বোধন কৰিছিল। এই মহান নেতাগৰাকীৰ শিশুৰ প্ৰতি থকা প্ৰেমৰ বাবে তেওঁৰ জন্মবাৰ্ষিকীটো শিশু দিৱস হিচাপে পালন কৰা হয়। জৱাহৰলাল নেহৰুৰ মৃত্যু হৈছিল ১৯৬৪ চনৰ ২৭ মে’ত।  তেওঁৰ মৃত্যুৰ পাছত সেই বছৰতে সংসদত সৰ্বসন্মতিমৰ্মে সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যে ১৪ নৱেম্বৰৰ দিনটো শিশু দিৱস হিচাপে পালন কৰা হ’ব। তেতিয়াৰ পৰা বছৰ বছৰ ধৰি এই দিৱস পালন কৰি অহা হৈছে।

মহত্ব

আমাৰ দেশত শিশু দিৱসৰ মহত্ব অধিক। কিয়নো ইয়াৰ দ্বাৰা শিশুসকলৰ অধিকাৰ, শিক্ষা, কল্যাণৰ বিষয়ে জনতাক সজাগ কৰা হয়। আজিও লাখ লাখ শিশু দেশত নিজৰ অধিকাৰৰ পৰা বঞ্চিত হৈ আছে। তেনেস্থলত শিশুসকলক শিক্ষা, স্বাস্থ্য তথা অধিকাৰ প্ৰদান কৰাৰ ক্ষেত্ৰত শিশু দিৱসৰ মহত্ব অধিক। এই দিনটোৱে শিশুৰ পিতৃ-মাতৃৰ পৰা আৰম্ভ কৰি শিক্ষক-শিক্ষয়িত্ৰী, সমাজ আৰু চৰকাৰলৈ এক বাৰ্তা প্ৰেৰণ কৰে।

 

অন্য খবৰ পঢ়কঃ কিয় ‘শিশু দিৱস’ পালন কৰা হয় ? জানক এই দিৱসৰ ইতিহাস, গুৰুত্ব আদি সকলো…