শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Jobs: অষ্টম উত্তীৰ্ণ পৰা স্নাতকলৈ চাকৰিঃ দৰমহা ৪০,০০০ৰো অধিক, ক’ত, কেনেকৈ আবেদন কৰিব জানক…

Jobs: পুনৰ ওলাইছে চাকৰি। শেহতীয়াকৈ BECILয়ে কেইবাটাও পদৰ বাবে আবেদন আহ্বান কৰিছে। পদসমূহৰ যোগ্যতা অষ্টম উত্তীৰ্ণৰ পৰা স্নাতক উত্তীৰ্ণলৈ। গতিকে আপুনি যদি যোগ্য আৰু ইচ্ছুক তেন্তে আবেদন কৰিব পাৰে।

Jobs: অষ্টম উত্তীৰ্ণ পৰা স্নাতকলৈ চাকৰিঃ দৰমহা ৪০,০০০ৰো অধিক, ক’ত, কেনেকৈ আবেদন কৰিব জানক…
চাকৰিImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 28 Dec 2025 22:21 PM

চাকৰি বিচাৰি থকা যুৱক-যুৱতীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। ব্ৰডকাষ্ট ইঞ্জিনিয়াৰিং কনছালটেণ্টছ ইণ্ডিয়া লিমিটেড (BECIL) য়ে দশম উত্তীৰ্ণৰ পৰা স্নাতক উত্তীৰ্ণলৈ কেইবাটাও পদৰ বাবে অধিসূচনা জাৰি কৰিছে। গতিকে পদসমূহৰ বাবে যদি আপুনি যোগ্য আৰু ইচ্ছুক তেন্তে BECILৰ অফিচিয়েল ৱেবচাইট becil.com ত অধিসূচনা চাব পাৰে। আবেদন প্ৰক্ৰিয়া বৰ্তমান চলি আছে আৰু অন্তিম তাৰিখ ৫ জানুৱাৰী, ২০২৬, সন্ধিয়া ৬ বজাত।

BECIL য়ে প্ৰায় ৭৮ টা ভিন্ন খালী পদৰ বাবে আবেদন আহ্বান কৰিছে। য’ত টেকনিকেল এছিচটেন্ট (ENT),অফথেলমিক টেকনেছিয়ান, পেচেন্ট কেয়াৰ মেনেজাৰ(PCM), পেচেন্ট কেয়াৰ কোঅৰ্ডিনেটৰ(PCC)ৰ লগতে কেইবাটাও পদ অন্তৰ্ভুক্ত আছে।

পদৰ বিৱৰণ

  • কাৰিকৰী সহায়ক (ENT) – ১
  • অফথেলমিক টেকনেছিয়ান– ৩
  • চেন্ট কেয়াৰ মেনেজাৰ(PCM) – ৫
  • পেচেন্ট কেয়াৰ কোঅৰ্ডিনেটৰ(PCC) – ১
  • এছিচটেন্ট ডায়েটেছিয়ান – ২
  • মেডিকেল ৰেকৰ্ড টেকনিচিয়ান (MRT)  – ৩
  • ডাটা এণ্ট্ৰি অপাৰেটৰ (DEO) – ৩০
  • টেলাৰ – ১
  • মেডিকেল লেব টেকনিচিয়ান – ৫
  • লেব অপাৰেটৰ – ১
  • ডেন্টাল টেকনিচিয়ান – ২
  • পিটিআই (মহিলা) – ১
  • ৰেডিঅ’গ্ৰাফাৰ – ১
  • ডাটা এণ্ট্ৰি অপাৰেটৰ (DEO) – 10
  • মাল্টি-টাস্কিং ষ্টাফ (এমটিএছ) – ১০
  • ফুড বেয়াৰৰ– ২

অৰ্হতা

কাৰিকৰী সহায়ক (ENT) পদৰ বাবে প্ৰাৰ্থী বিএছচি স্পীছ এণ্ড হিয়াৰিং ডিগ্ৰী আৰু আৰ চি আইত পঞ্জীয়ন কৰা হ’ব লাগিব। টেলাৰ পদৰ বাবে প্ৰাৰ্থী অষ্টম শ্ৰেণীত উত্তীৰ্ণ হ’ব লাগিব। এমটিএছৰ পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলে স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ডৰ পৰা দশম শ্ৰেণীত উত্তীৰ্ণ হ’ব লাগিব। ইয়াৰোপৰি সংশ্লিষ্ট পদত অভিজ্ঞতা থাকিব লাগিব। আন পদসমূহৰো বেলেগ বেলেগ অৰ্হতা আছে। গতিকে অধিক জানিবলৈ আপুনি BECILৰ অফিচিয়েল ৱেবচাইট চাব পাৰে।

BECIL Vacancy 2026 Notification

মাচুল

প্ৰাৰ্থীৰ বাবে ২৯৫ টকাৰ মাচুল ধাৰ্য কৰা হৈছে। অনলাইনৰ দ্বাৰা দিব পাৰিব মাচুল।

কেনেকৈ আবেদন কৰিব?

পদসমূহৰ বাবে স্পীড পোষ্ট বা পঞ্জীয়নভুক্ত পদৰ জৰিয়তে আবেদন কৰিব লাগিব। আবেদন পত্ৰখন অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰি ব্ৰডকাষ্ট ইঞ্জিনিয়াৰিং কনচালটেণ্টছ ইণ্ডিয়া লিমিটেড (BECIL), BECIL Bhawan, C-56/A-17, Sector-62, Noida 201307 (U.P.) লৈ প্ৰেৰণ কৰিব লাগিব।

নিৰ্বাচন প্ৰক্ৰিয়া

পদসমূহৰ বাবে দক্ষতা পৰীক্ষা, সাক্ষাৎকাৰ, আৰু অন্যান্য প্ৰক্ৰিয়াৰ জৰিয়তে নিৰ্বাচিত কৰা হ’ব।কাৰিকৰী সহায়ক (ই এন টি) পদৰ বাবে নিৰ্বাচিত প্ৰাৰ্থীসকলে প্ৰতিমাহে ৪০,৭১০ টকা দৰমহা লাভ কৰিব। প্ৰতিটো পদৰ দৰমহা ভিন্ন হ’ব। অধিক জানিবৰ বাবে অফিচিয়েল ৱেবচাইট চাব পাৰে।

 

অন্য খবৰ পঢ়কঃ বেংকত চাকৰি লাভৰ সুযোগ! ক’ত, কেনেকৈ আবেদন কৰিব জানক…