বৰ্তমান শীত নামিছে। সকলোফালে কুঁৱলীয়ে আৱৰি ধৰিছে। ইয়াৰ মাজতে নগাঁৱত দেখা যায় কুঁৱলীৰ শুভ্ৰ আচ্ছাদন। সকলো ফালে কুঁৱলীয়ে আৱৰি ধৰিছে। প্ৰকৃতিৰ সৌন্দৰ্যই যেন সকলোকে হাত বাউল দি মাতিছে। কেৱল নগাঁও বুলিয়ে নহয়, অসমৰ প্ৰতিটো প্ৰান্ততে এতিয়া শীতৰ আগমন। এই শীতৰ মাজতে কিছুদিন পাছতে আহিব মাঘ বিহু। যাক লৈ ইতিমধ্যে প্ৰতি অসমীয়াই আৰম্ভ কৰিছে নিজা নিজা প্ৰস্তুতি।