অমিত শ্বাহৰ অসম ভ্ৰমণৰ পৰা বাংলাদেশৰ অভিযোগলৈ, দিনটোৰ খবৰ…
Top9 News: আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ইয়াক লৈ ইতিমধ্যে বিজেপিয়ে কৰিছে প্ৰস্তুতি। ইয়াৰোপৰি আৰক্ষী তথা প্ৰশাসনে কটকটীয়া কৰি তুলিছে নিৰাপত্তা ব্যৱস্থা। নিশা আহি পাব শ্বাহ।
আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। নিশা ১১ মান বজাত গুৱাহাটীত উপস্থিত হ’বলগীয়া শ্বাহক বিমান বন্দৰত আদৰণি জনাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ লগতে দলৰ কৰ্মকৰ্তাই। ইয়াৰ পাছতে শ্বাহে আজি নিশা কইনাধৰাত কটাই কাইলৈ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।
আজি বিশ্বনাথৰ বাঘমাৰীত কেইবাটাও পৰিয়ালত জিলা প্ৰশাসনে চলাই উচ্ছেদ অভিযান। ৬৬৪ টা ঘৰত প্ৰশাসনে উচ্ছেদ অভিযান চলায়। দীৰ্ঘদিন ধৰি এই উচ্ছেদ চলা কথা আছিল যদিও ন্যায়ালয়ৰ হস্তক্ষেপৰ বাবে স্থগিত আছিল।
বাংলাদেশে উত্থাপন কৰিছে এক ডাঙৰ অভিযোগ। বাংলাদেশ আৰক্ষীয়ে কৈছে যে, হাদীৰ মৃত্যুৰ দুই অভিযুক্তই মেঘালয় হৈ ভাৰতত প্ৰৱেশ কৰিছে। উল্লেখ্য যে, হাদীৰ মৃত্যুৰ পাছতে বাংলাদেশত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈ আছে।
সবিশেষৰ বাবে পঢ়ক এই খবৰ…
