ব্ৰকলিত আছে আপোনাৰ দেহৰ বাবে উপকাৰী এনে গুণ

28 DEC 2025

TV9 ASSAM

ব্ৰকলিত যথেষ্ট পৰিমাণৰ ফাইবাৰৰ লগতে ভিটামিন চি, কে, এণ্টিঅক্সিডেণ্ট আদি পুষ্টিকৰ উপাদান থাকে। এইদৰে ই দেহক অনন্য উপকাৰিতা প্ৰদান কৰে।

ব্ৰকলি

ইয়াত থকা ফাইবাৰে কোষ্ঠকাঠিন্য ৰোধ কৰে আৰু আন্ত্ৰিক স্বাস্থ্যৰ উন্নতি সাধন কৰে। লগতে বিপাকীয় ক্ৰিয়া উন্নত কৰাত সহায় কৰে।

হজম শক্তি

ব্ৰকলিত উপলব্দ ফাইবাৰ, এণ্টিঅক্সিডেণ্ট, পটাছিয়ামে ৰক্ত সঞ্চালন বৃদ্ধি কৰাৰ লগতে কলেষ্টেৰল হ্ৰাসত সহায় কৰে। ইয়াৰ দ্বাৰা হৃদযন্ত্ৰ স্বাস্থ্য ভালে থাকে।

হৃদযন্ত্ৰৰ স্বাস্থ্য

ব্ৰকলিত থকা ভিটামিন চিয়ে শ্বেত ৰক্তকণিকা উৎপাদন বৃদ্ধি কৰি ঋতুজনিত ৰোগ প্ৰতিহত কৰাত সহায় কৰে। এণ্টিঅক্সিডেণ্টে সংক্ৰমণৰ বিৰুদ্ধে যুঁজাত সহায় কৰে।

ৰোগ প্ৰতিৰোধ ক্ষমতা

ব্ৰকলিত থকা ভিটামিন এ, চি আৰু এণ্টিঅক্সিডেণ্টে ফ্ৰী ৰেডিকেলৰ বিৰুদ্ধে যুঁজাত সহায় কৰাৰ লগতে ছালক হাইড্ৰেট কৰে।

ছালৰ স্বাস্থ্য

ইয়াত থকা কেলচিয়াম, ভিটামিন কে, মেগনেছিয়ামে হাড় আৰু গাঁঠিবোৰ শক্তিশালী কৰি ৰখাত সহায় কৰে। ছালফ’ৰেফেন যৌগই গাঁঠিৰ বিষ, পেশীৰ জঠৰতা হ্ৰাসত সহায় কৰে।

হাড়-পেশীৰ স্বাস্থ্য

ব্ৰকলিয়ে যকৃতৰ কাৰ্যকলাপত সহায় কৰে। ইয়াৰ দ্বাৰা দেহক বিষমুক্ত কৰি ৰখাৰ ক্ষেত্ৰত সহায়ক হয়।

যকৃতক সহায়

পঢ়িবলৈ ক্লিক কৰক 

সপোনত কাজিয়া দেখাটো শুভ নে অশুভ!