শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
আৰাৱল্লীক ৰক্ষা কৰিব শীৰ্ষ আদালতে! কাইলৈ গ্ৰহণ কৰিব শুনানি

আৰাৱল্লীক ৰক্ষা কৰিব শীৰ্ষ আদালতে! কাইলৈ গ্ৰহণ কৰিব শুনানি

monjit-dutta
Monjit Dutta | Published: 28 Dec 2025 22:01 PM

আৰাৱল্লী সন্দৰ্ভত কাইলৈ শুনানি গ্ৰহণ কৰিবলৈ সাজু হৈছে দেশৰ শীৰ্ষ আদালত। মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে গ্ৰহণ কৰিব এই গোচৰৰ শুনানি। এতিয়া শীৰ্ষ আদালতে আৰাৱল্লী সন্দৰ্ভত নতুন কোনো সিদ্ধান্ত ল’ব নেকি? চাওক ভিডিঅ’।

আৰাৱল্লী বিতৰ্কই বিগত কিছুদিন ধৰি সমগ্ৰ দেশতে যথেষ্ট চৰ্চা লাভ কৰিছে। দেশজুৰি দেখা গৈছে আৰাৱল্লী ৰক্ষাৰ আন্দোলন। ইয়াৰ মূলতে আছে কিছুদিন পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ এক বিশেষ প্ৰস্তাৱ আৰু চৰকাৰৰ এই প্ৰস্তাৱৰ প্ৰতি উচ্চতম ন্যায়ালয়ৰ সঁহাৰি। যোৱা ২০ নৱেম্বৰত কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ে আৰাৱল্লী সন্দৰ্ভত শীৰ্ষ আদালতত এক সংজ্ঞা দাঙি ধৰিছিল। কেন্দ্ৰৰ এই প্ৰস্তাৱিত সংজ্ঞা গ্ৰহণ কৰিছিল উচ্চতম ন্যায়ালয়ে। ইয়াৰ পিছতে দেশজুৰি পৰিৱেশ কৰ্মী আৰু ৰাজনৈতিক দলসমূহে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে।

পিছে ক্ৰমাৎ এই বিষয়ত বিতৰ্ক বৃদ্ধি পোৱাৰ সময়তে এতিয়া উচ্চতম ন্যায়ালয়ে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। আৰাৱল্লী সন্দৰ্ভত কাইলৈ শুনানি গ্ৰহণ কৰিবলৈ সাজু হৈছে দেশৰ শীৰ্ষ আদালত। মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে গ্ৰহণ কৰিব এই গোচৰৰ শুনানি। এতিয়া শীৰ্ষ আদালতে আৰাৱল্লী সন্দৰ্ভত নতুন কোনো সিদ্ধান্ত ল’ব নেকি? চাওক ভিডিঅ’…