28 Dec 2025
TV9 ASSAM
ভাৰতীয় মানুহে চেনি যথেষ্ঠ পৰিমাণে খায়। চাহৰ পৰা আৰম্ভ কৰি বিভিন্ন খাদ্যলৈ। কিন্তু চেনিয়ে আমাৰ শৰীৰত বহু বেয়া প্ৰভাৱ পেলায়। ই বিভিন্ন ৰোগৰ সৃষ্টি কৰে।
ভাৰতৰ কেন্সাৰ হিলাৰ চেন্টাৰৰ নিৰ্দেশক, কৰ্কট বিশেষজ্ঞ ডাঃ তৰং কৃষ্ণাই সামাজিক মাধ্যমত এটা পোষ্ট শ্বেয়াৰ কৰিছে। যত তেওঁ কৈছে যে, ২১ দিন চেনি নাখালে জীৱন সলনি হৈ যাব।
ডাঃ তৰণৰ মতে, আমাৰ শৰীৰত প্ৰদাহৰ আটাইতকৈ ডাঙৰ কাৰণ হ'ল চেনি। এই চেনিয়ে কেৱল ডায়েবেটিছ আৰু প্ৰদাহে নকৰে ই কেন্সাৰৰ দৰে ৰোগৰ কাৰণ হ'ব পাৰে।
চেনি খালে শৰীৰত বিভিন্ন ধৰণৰ ৰোগ হয়। ইয়াৰোপৰি ই মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰি তোলে। গতিকে স্বাস্থ্য বিশেষজ্ঞই সদায় চেনি কম বা পৰিহাৰ কৰিবলৈ উপদেশ দিয়ে।
কৰ্কট ৰোগ বিশেষজ্ঞৰ মতে, চেনিৰ সলনি গুড় খাব পাৰে। ই কিছু পৰিমাণে স্বাস্থ্য সন্মত হয়। কিন্তু বজাৰত পোৱা সকলো গুড় ভাল নহ'ব পাৰে।
ইয়াৰোপৰি কেতিয়াও আৰ্টিফিচিয়েল চেনি খাব নালাগে। চকলেট, আইচক্ৰীম, মিঠা পানীয় আদিত আৰ্টিফিচিয়েল চেনি থাকে। ই ডায়েবেটিছৰ লগতে ওজন বৃদ্ধি আৰু অন্য সমস্যা কৰিব পাৰে।
যদি আপুনি ২১ দিনৰ বাবে চেনি এৰি দিয়ে তেন্তে শৰীৰত প্ৰদাহ কম হ'ব, ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী হ'ব। ইয়াৰোপৰি শৰীৰৰ বাকী সমস্যা কম হৈ পৰিব।
পঢ়িবলৈ ক্লিক কৰক