পুৱাৰ কি অভ্যাসে নিয়ন্ত্ৰণ কৰে ডায়েবেটছ?

28 Dec 2025

TV9 ASSAM

আজিৰ সময়ত ডায়েবেটিছত বহু ৰোগ আক্ৰান্ত হোৱা দেখা যায়। এই ৰোগ সম্পূৰ্ণৰূপে নিৰাময় নহয়। কিন্তু ইয়াক নিয়ন্ত্ৰণত ৰাখিব পাৰি। খাদ্য, জীৱনশৈলীয়ে এই ক্ষেত্ৰত সহায় কৰে।

ডায়েবেটিছ

ডায়েবেটিছ ৰোগীয়ে যিকোনো খাদ্য খোৱাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। কিন্তু পুৱাৰ কিছুমান অভ্যাসে এই ৰোগ কিছু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰে।

খাদ্য

ডায়েবেটিছ ৰোগীয়ে পুৱাৰ আৰম্ভণি এগিলাচ কুহুমীয়া পানীৰ দ্বাৰা কৰিব লাগে। পানীয়ে শৰীৰক হাইড্ৰেট কৰি ৰাখে। নিশা শুৱাৰ পাছত শৰীৰ স্বাভাৱিক হ'বলৈ পানীয়ে সহায় কৰে।

পানী

যদি আপোনাৰ হাই ব্লাড চুগাৰৰ সমস্যা আছে তেন্তে পুৱা কেৰেলাৰ জুচ যাব পাৰে। এলোভেৰা জুচো ভাল। ইয়াৰোপৰি এভাকাডো খাব পাৰে।

জুচ

ডায়েবেটিছ ৰোগীৰ বাবে মেথি ভাল। নিশা এগিলাচ পানীয় মেথি এচামুচ তিয়াই থব। পাছত পুৱা খাদ্য গ্ৰহণৰ পূৰ্বে সেই পানীখিনি খাব। অলপ গৰম কৰিও খাব পাৰে।

মেথি

ডায়েবেটিছ ৰোগীয়ে তেল,নিমখ, চেনি আদি কম খাব লাগে। পুৱাৰ আহাৰত দালিয়া,ফল-মূল, ৰুটি, অটছ, সেউজীয়া শাক-পাচলি, সিজোৱা কণী, আদি খাব পাৰে।

খাদ্য

ডায়েবেটিছ ৰোগীয়ে ব্যায়াম কৰা অত্যন্ত গুৰুত্বপূৰ্ণ। প্ৰতিদিনে অন্তত ৩০ মিনিট খোজ কাঢ়িব লাগে। ইয়াৰোপৰি এই ক্ষেত্ৰত অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

আৰু কি কি

পঢ়িবলৈ ক্লিক কৰক 

চেনি নাখালে কি হয়?