ভাল খবৰ! বেংকত ওলাইছে চাকৰিঃ ক’ত, কেনেকৈ আবেদন কৰিব জানক…
আপুনিও বেংকত চাকৰি কৰাৰ কথা ভাবিছে নেকি? তেন্তে আপোনাৰ বাবে আছে ভাল খবৰ। পুনৰ বেংকত ওলাইছে চাকৰি। গতিকে আপুনিও কৰিব পাৰে আবেদন।

চৰকাৰী চাকৰি বিচৰা যুৱক-যুৱতী সকলৰ বাবে ভাল খবৰ। বেংক অৱ বৰোদাত ওলাইছে চাকৰি। গতিকে আপুনিও যদি যোগ্য আৰু ইচ্ছুক তেন্তে কৰিব পাৰে আবেদন। ৩০ জুলাইৰ পৰা এই আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু ই ১৯ আগষ্টলৈ চলিব। ইয়াৰ বাবে যোগ্য আৰু ইচ্ছুক প্ৰাৰ্থীয়ে বেংকৰ অফিচিয়েল ৱেবছাইট bankofbaroda.in ত গৈ অনলাইন আবেদন কৰিব পাৰিব। মুঠ ৩৩০টা পদত নিযুক্তিৰ বাবে আবেদন আহ্বান কৰা হৈছে।
ইয়াৰ অধীনত ডেপুটি মেনেজাৰ প্ৰডাক্ট, মেনেজাৰ আৰু এভিপি আদি পদ পূৰণ কৰা হ’ব। গতিকে নিৰ্ধাৰিত শেষ তাৰিখ বা তাৰ আগতে প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। এই পদসমূহৰ বাবে আবেদন কৰা প্ৰাৰ্থীসকলৰ কি অৰ্হতা থাকিব লাগে আৰু বাছনি প্ৰক্ৰিয়া কি হ’ব তলত উল্লেখ কৰা হ’ল-
যোগ্যতা
- ডেপুটি মেনেজাৰ প্ৰডাক্টৰ পদৰ বাবে আবেদন কৰা প্ৰাৰ্থীৰ কম্পিউটাৰ বিজ্ঞানত স্নাতক ডিগ্ৰী থাকিব লাগিব।
- প্ৰাৰ্থীজনৰ সংশ্লিষ্ট ক্ষেত্ৰত কাম কৰাৰ তিনি বছৰৰ অভিজ্ঞতা থাকিব লাগিব।
- আবেদনকাৰীৰ বয়স ২৪ বছৰৰ পৰা ৩৪ বছৰৰ ভিতৰত হ’ব লাগে।
- সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীক চৰকাৰী নিয়ম অনুসৰি শিথিলতা প্ৰদান কৰা হব।
- অধিক জানিবলৈ অফিচিয়েল ৱেবচাইট চাব পাৰে।
মাচুল
- সাধাৰণ, অ’বিচি আৰু ইডব্লিউএছঃ ৮৫০টকা
- অনুসূচিত জাতি, অনুসূচিত জাতি আৰু দিব্যাং প্ৰাৰ্থীঃ ৭৫ টকা।
কেনেকৈ আবেদন কৰিব
- বেংকৰ অফিচিয়েল ৱেবছাইট bankofbaroda.in যাওক।
- হোম পেজত দিয়া কেৰিয়াৰ টেবত ক্লিক কৰক।
- ইয়াত SO Recruitment 2025 Apply লিংকত ক্লিক কৰক।
- পঞ্জীয়ন কৰি ফৰ্ম পূৰণ কৰক।
- নথি-পত্ৰ আপলোড কৰি মাচুল জমা দিব।
অধিক জানিবলৈ ক্লিক কৰক-Bank of Baroda SO Vacancy 2025 Notification pdf
কেনেকৈ বাছনি কৰা হ’ব
এই বিভিন্ন পদৰ বাবে আবেদনকাৰীক সাক্ষাৎকাৰ, নথি পৰীক্ষণ আদিৰ জৰিয়তে বাছনি কৰা হ’ব।বেংকে চৰ্টলিষ্ট কৰা প্ৰাৰ্থীসকলক সাক্ষাৎকাৰৰ বাবে মাতিব।
অন্য খবৰ পঢ়কঃ UPSC Recruitment 2025: পুনৰ ওলাইছে চাকৰিঃ ক’ত, কেনেকৈ আবেদন কৰিব জানক…