শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

UPSC Recruitment 2025: পুনৰ ওলাইছে চাকৰিঃ ক’ত, কেনেকৈ আবেদন কৰিব জানক…

চাকৰি বিচাৰি আছে নেকি? যদি আছে তেন্তে আছে এক ভাল খবৰ। কিয়নো কেইবাটাও পদৰ বাবে ওলাইছে চাকৰি। গতিকে আপুনি যদি যোগ্য আৰু ইচ্ছুক তেন্তে কৰিব পাৰে আবেদন।

UPSC Recruitment 2025: পুনৰ ওলাইছে চাকৰিঃ ক’ত, কেনেকৈ আবেদন কৰিব জানক…
চাকৰি Image Credit source: META AI
barasha-sarma
Barasha Sarma | Updated On: 30 Jul 2025 15:35 PM

কেন্দ্ৰীয় লোকসেৱা আয়োগ (UPSC)য়ে সহকাৰী সঞ্চালক (Assistant director) ৰ কেইবাটাও পদৰ বাবে আবেদন আহ্বান কৰিছে। গতিকে যোগ্য় আৰু আগ্ৰহী প্ৰাৰ্থীয়ে UPSC upsc.gov.in ৰ অফিচিয়েল ৱেবছাইটৰ জৰিয়তে অনলাইন আবেদন কৰিব পাৰিব। এই নিযুক্তিৰ বাবে আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু আৱেদনৰ অন্তিম তাৰিখ ১৪ আগষ্ট। গতিকে এই সময়চোৱাত আপুনি আবেদন কৰিব পাৰে। এই নিযুক্তি অভিযানৰ অধীনত আয়কৰ (ব্যৱস্থা), ৰাজহ বিভাগ, বিত্ত মন্ত্ৰালয়ত মুঠ ৪৫টা পদ পূৰণ কৰা হ’ব।

শিক্ষাগত অৰ্হতা

কোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ এপ্লিকেচন/কম্পিউটাৰ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী বা প্ৰযুক্তিবিদ্যাত স্নাতকোত্তৰ (এমটেক- কম্পিউটাৰ এপ্লিকেচনত বিশেষজ্ঞতা থকা) বা কম্পিউটাৰ অভিযান্ত্ৰিক/কম্পিউটাৰ বিজ্ঞান/কম্পিউটাৰ প্ৰযুক্তিবিদ্যাত স্নাতক (বিই)/প্ৰযুক্তি স্নাতক (বিটেক) ।

স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা কম্পিউটাৰ প্ৰয়োগ/কম্পিউটাৰ বিজ্ঞানত ডিগ্ৰী বা স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ইলেক্ট্ৰনিক্স/ইলেক্ট্ৰনিকছ আৰু যোগাযোগ অভিযান্ত্ৰিকীত ডিগ্ৰী বা সমতুল্য অৰ্হতা বা স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী বা সমতুল্য অৰ্হতা বা স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা অভিযান্ত্ৰিক ডিগ্ৰী।

বয়স

  • সাধাৰণ শ্ৰেণী আৰু ইডব্লিউএছঃ ৩৫ বছৰ,
  • অ’বিচিঃ ৩৮ বছৰ,
  • এছচি-এছটিঃ ৪০ বছৰ
  • পিডব্লিউবিডিঃ ৪৫ বছৰ

কামৰ অভিজ্ঞতা

ইয়াৰ উপৰিও প্ৰাৰ্থীসকলৰ পৰাও কামৰ অভিজ্ঞতা বিচৰা হৈছে। প্ৰাৰ্থীজনৰ ইলেক্ট্ৰনিক ডাটা প্ৰচেছিঙৰ দুবছৰৰ অভিজ্ঞতা থাকিব লাগিব, য’ত ইকিউ-এ(i)ৰ সৈতে প্ৰকৃত প্ৰগ্ৰেমিংৰ অভিজ্ঞতা থাকিব লাগিব বা ইলেক্ট্ৰনিক ডাটা প্ৰচেছিঙৰ কামৰ তিনি বছৰৰ অভিজ্ঞতা থাকিব লাগিব, যাৰ ভিতৰত কমেও এবছৰৰ অভিজ্ঞতা ইকিউ-এ(ii)ৰ সৈতে প্ৰকৃত কম্পিউটাৰ প্ৰগ্ৰেমিংৰ হ’ব লাগিব।

অফিচিয়েল চাইটঃ UPSC Assistant Director Recruitment 2025 Official Notification

মাচুল

প্ৰাৰ্থীসকলে মাত্ৰ ২৫ টকা আবেদন মাচুল জমা দিব লাগিব। আনহাতে অনুসূচিত জাতি/অনুসূচিত জাতি/দিবিয়াং/মহিলা প্ৰাৰ্থীয়ে আবেদন মাচুল দিব নালাগে।

বাছনি প্ৰক্ৰিয়া

সাক্ষাৎকাৰৰ জৰিয়তে প্ৰাৰ্থী নিৰ্বাচন কৰা হ’ব। সাক্ষাৎকাৰৰ মুঠ ১০০ নম্বৰৰ ভিতৰত সাধাৰণ/ই ডব্লিউ এছ শিতানৰ পৰীক্ষাৰ্থীয়ে কমেও ৫০ নম্বৰ, অ বি চি ৪৫ নম্বৰ আৰু এছ চি/এছ টি/পি ডব্লিউ বি ডি ৪০ নম্বৰ লাভ কৰিব লাগিব।

 

অন্য খবৰ পঢ়কঃ দশম উত্তীৰ্ণসকলৰ বাবে ভাল খবৰ! ওলাইছে চৰকাৰী চাকৰি, ক’ত, কেনেকৈ আবেদন কৰিব জানক…