শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Assam job: অসমত ওলাইছে চাকৰিঃ যোগ্যতা অষ্টম উত্তীৰ্ণ, দৰমহা প্ৰায় ৫২,০০০টকা! ক’ত, কেনেকৈ আবেদন কৰিব জানক…

Assam job: আপুনিও অসমত বাস কৰে নেকি? যদি কৰে তেন্তে আপোনাৰ বাবে আছে ভাল খবৰ। কিয়নো পুনৰ ওলাইছে চৰকাৰী চাকৰি। গতিকে যোগ্য আৰু ইচ্ছুকসকলে কৰিব পাৰে আবেদন।

Assam job: অসমত ওলাইছে চাকৰিঃ যোগ্যতা অষ্টম উত্তীৰ্ণ, দৰমহা প্ৰায় ৫২,০০০টকা! ক’ত, কেনেকৈ আবেদন কৰিব জানক…
চাকৰিImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Updated On: 10 Sep 2025 16:14 PM

চাকৰি প্ৰত্যাশীসকলৰ বাবে ভাল খবৰ। কিয়নো ৰাজ্যত ওলাইছে চৰকাৰী চাকৰি। ইযাৰোপৰি আপুনি যদি ভাৰতীয় আৰু অসমৰ বাসিন্দা তেন্তে এই খবৰ আপোনাৰ বাবে। কিয়নো নিযুক্তি হ’বলগীয়া এই পদসমূহৰ বাবে অসমৰ স্থায়ী বাসিন্দা হোৱা আৱশ্যক। ইয়াৰোপৰি সবাতোকৈ ভাল কথা এয়াই যে এই চাকৰি বিশেষকৈ অষ্টম বা HSSLC/12 বা সমপৰ্যায়ৰ উত্তীৰ্ণসকলৰ বাবে। গতিকে আপুনি যদি যোগ্য আৰু ইচ্ছুক তেন্তে কৰিব পাৰে আবেদন। অৱশ্যে ইয়াৰ বাবে কিছুমান চৰ্ত আৰোপ কৰা হৈছে।

শেহতীয়াকৈ অসম লোকসেৱা আয়োগ (APSC)য়ে কেইবাটাও পদৰ বাবে ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ অধীনত কেইবাটাও চতুৰ্থ বৰ্গৰ পদ পূৰণ কৰা হ’ব। এই পদৰ বাবে ১০ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা আবেদন প্ৰক্ৰিয়া ৯ অক্টোবৰ, ২০২৫ লৈ চলিব। গতিকে আপুনিও যদি যোগ্য আৰু ইচ্ছুক তেন্তে অনলাইনৰ জৰিয়তে ঘৰতে বহি এই পদৰ বাবে নিৰ্ধাৰিত সময়ৰ ভিতৰত আবেদন কৰিব পাৰে।

পদৰ বিৱৰণ

  • পদৰ নামঃ গ্ৰেড ৪ (Grave IV)
  • পদৰ সংখ্যা- ২০টা
  • সাধাৰণৰ বাবে- ১০টা
  • অবিচি-এমঅবিচিৰ বাবে- ৫টা
  • আদিবাসীৰ বাবে- ১টা
  • এছ চিৰ বাবে-২টা
  • এছটিপিৰ বাবে- ১টা
  • এটিএইচৰ বাবে-২ টা।

বিভাগৰ নামঃ অসম লোকসেৱা আয়োগ।

দৰমহাঃ পে বণ্ড ১ পেস্কেল ১২,০০০ টকাৰ পৰা ৫২,০০০ টকালৈ, গ্ৰেড পে- ৩,৯০০ টকা।

বয়সঃ এই পদৰ বাবে আবেদন কৰিবলৈ প্ৰাৰ্থীৰ বয়স ১৮ বছৰৰ তলত আৰু ৪০ বছৰৰ ওপৰৰ হ’ব নালাগিব। অৱশ্যে সংৰক্ষিত শ্ৰেণীৰ লোকে বয়সৰ ক্ষেত্ৰত ৰেহাই লাভ কৰিব।

  • এছচি, এছটি- ৫ বছৰ ৰেহাই
  • অবিচি-৩ বছৰ ৰেহাই
  • দিব্যাংগ-১০ বছৰ ৰেহাই

অৰ্হতা

প্ৰাৰ্থী ন্যূনতম অষ্টম উত্তীৰ্ণ আৰু সৰ্বাধিক HSSLC/12 বা সমপৰ্যায়ৰ উত্তীৰ্ণ হ’ব লাগিব। উচ্চ শিক্ষাৰ যোগ্যতা থকা প্ৰাৰ্থীয়ে আবেদন কৰিব নোৱাৰিব।

  • প্ৰাৰ্থী ভাৰতীয় নাগৰিক হ’ব লাগিব।
  • প্ৰাৰ্থী অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব।
  • পি আৰ চি থাকিব লাগিব।
  • প্ৰাৰ্থীৰ নাম এমপ্লইমেন্ট একচেঞ্জত ৰেজিষ্টাৰ হ’ব লাগিব।

মাচুল

  • জেনেৰেল- ৪৭.২০ টকা।
  • অবিচি-এমঅবিচি- ৪৭.২০টকা
  • অন্যান্য- ৪৭.২০ টকা।

অনলাইন আবেদন পত্ৰ- ক্লিক কৰক 

অফিচিয়েল ৱেবচাইট- ক্লিক কৰক 

কেনেকৈ আবেদন কৰিব

  • প্ৰথমে আপুনি APSC ৰ অফিচিয়েল ৱেবচাইটত যাওক।
  • পাছত আপুনি Important Web-Linkত যাওক।
  • তাৰ পাছত Online Application Form ত ক্লিক কৰক।
  • বিচৰা ধৰণে সকলো তথ্য দিয়ক।
  • পাচপোৰ্ট চাইজৰ ফটো লাগিব।
  • মাচুল আদায় কৰক।
  • সকলো তথ্য এবাৰ পৰীক্ষা কৰক।
  • চাবমিট কৰক।

 

অন্য খবৰ পঢ়কঃ Job: স্নাতক উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰিঃ ক’ত, কেনেকৈ আবেদন কৰিব? জানক সকলো…