শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ ঘটনা পৰিঘটনা…

আজিৰ দিনটোতে ভাস্কো দা গামাই ভাৰতলৈ প্ৰথম সাগৰীয় যাত্ৰা আৰম্ভ কৰে। আজিৰ দিনটোতে জ্যোতি বসুৰ জন্ম। ইয়াৰ লগতে চাওঁআহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা।

ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ ঘটনা পৰিঘটনা…
দিনটোৰ ইতিহাস
manas-borah
Manas Borah | Published: 08 Jul 2025 10:08 AM

বহু ঘটনা পৰিঘটনাৰ বাবে আজি ৮ জুলাইৰ দিনটো ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। আজিৰ দিনটোতে ভাস্কো দা গামাই ভাৰতলৈ প্ৰথম সাগৰীয় যাত্ৰা আৰম্ভ কৰে। আজিৰ দিনটোতে ভাৰতত ভকৰা-নংগল বান্ধ প্ৰকল্পৰ শুভাৰম্ভ কৰা হয়। আজিৰ দিনটোতে জ্যোতি বসুৰ জন্ম। ইয়াৰ লগতে চাওঁআহক আজিৰ দিনটোত ঘটা ঘটনা পৰিঘটনা।

দিনটোৰ ইতিহাস

  1. ১৪৯৭ চনৰ আজিৰ দিনটোতে পৰ্তুগীজ নাৱিক ভাস্কো দা গামাই ১৭০ জনীয়া ক্ৰুৰ সৈতে ইউৰোপৰ পৰা ভাৰত অভিমুখে যাত্ৰা আৰম্ভ কৰে।
  2. ১৯৫৮ চনত পঞ্জাৱৰ বিশ্বৰ সৰ্ববৃহৎ ভকৰা-নংগল জলবিদ্যুৎ প্ৰকল্পৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে।
  3. ১৯১৪ চনৰ আজিৰ দিনটোতে পশ্চিম বংগৰ এগৰাকী বিখ্যাত বাওঁপন্থী নেতা তথা মুখ্যমন্ত্ৰী জ্যোতি বসুৰ জন্ম।
  4. ১৮৮৯ চনৰ আজিৰ দিনটোতে আমেৰিকাৰ বাতৰি কাকত দ্য ৱাল ষ্ট্ৰীট জাৰ্নেলৰ প্ৰকাশ আৰম্ভ হয়।
  5. ১৯৪৮ চনত আমেৰিকাৰ বায়ুসেনাই মহিলাক নিযুক্তি দিবলৈ আৰম্ভ কৰে।
  6. ১৯৭২ চনৰ আজিৰ দিনটোতে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলী।