ইতিহাসৰ পাত লুটিয়াই চাওঁ আহক আজি দিনটোৰ ঘটনা পৰিঘটনা…
১৮১১ চনৰ আজিৰ দিনটোতে ভেনিজুৱেলাৰ স্বাধীনতা ঘোষণা কৰা হয়। ১৬৮৭ চনত আইজাক নিউটনৰ প্ৰিন্সিপিয়া মেথেমেটিকা প্ৰকাশ পায়। ১৯৬২ চনত আলজেৰিয়াক স্বাধীনতা প্ৰদান কৰা হয়। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ইতিহাস।

দিনটোৰ ইতিহাসImage Credit source: GettyImage
৫ জুলাইৰ দিনটো বহু ঘটনা পৰিঘটনাৰ বাবে ইতিহাসৰ পাতত লিপিবদ্ধ হৈ আছে। ১৮১১ চনৰ আজিৰ দিনটোতে ভেনিজুৱেলাৰ স্বাধীনতা ঘোষণা কৰা হয়। ১৬৮৭ চনত আইজাক নিউটনৰ প্ৰিন্সিপিয়া মেথেমেটিকা প্ৰকাশ পায়। ১৯৬২ চনত আলজেৰিয়াক স্বাধীনতা প্ৰদান কৰা হয়। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ ইতিহাস।
দিনটোৰ ইতিহাস
- ১৬৮৭ চনৰ আজিৰ দিনটোতে আইজাক নিউটনৰ ফিল’চফিয়া নেচাৰেলিছ প্ৰিন্সিপিয়া মেথেমেটিকা প্ৰকাশ পায়।
- ১৭৭০ চনৰ আজিৰ দিনটোতে ৰাছিয়া আৰু অট্টোমান সাম্ৰাজ্যৰ মাজত চেছমা যুদ্ধ সংঘটিত হয়।
- ১৮১১ চনৰ আজিৰ দিনটোতে ভেনিজুৱেলাই স্পেইনৰ পৰা স্বাধীনতা লাভ কৰে।
- ১৮৫৯ চনৰ আজিৰ দিনটোতে মিডৱে দ্বীপপুঞ্জ আৱিষ্কাৰ কৰা বুলি আমেৰিকাই দাবী কৰে।
- ১৯৬২ চনত আলজেৰিয়াই ফ্ৰান্সৰ পৰা স্বাধীনতা লাভ কৰে।
- ১৯৭৫ চনত আৰ্থাৰ এছেই উইম্বলডন জয় কৰা প্ৰথমজন কৃষ্ণাংগ ব্যক্তি হিচাপে পৰিগণিত হয়।
- ১৯৯৪ চনত জেফ বেজোছে এমাজন ডট কম প্ৰতিষ্ঠা কৰে।
- ১৯৪৬ চনত প্ৰথমে ফ্ৰান্সৰ ফেশ্বন শ্ব’ত এই বিকিনি প্ৰদৰ্শন কৰা হৈছিল।
- ১৯৭৭ চনত জেনেৰেল জিয়া উল হকৰ নেতৃত্বত পাকিস্তানী সেনাই অভ্যুত্থান কৰি ক্ষমতা দখল কৰে।
- ১৯৬৮ চনত ভাৰতৰ প্ৰথমখন চাবমেৰিন আহিছিল ছোভিয়েট ৰাছিয়াৰ পৰা।
- ১৯৪৫ চনত দ্বিতীয় বিশ্বযুদ্ধৰ পৰা ফিলিপাইনছ মুক্ত হৈছিল।
- ১৯২২ চনত নেদাৰলেণ্ডত প্ৰথমবাৰৰ বাবে সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হয়।
- ১৯৩৫ চনত ফ্ৰেংকলিন ডি ৰুজভেল্টে আমেৰিকাৰ ৰাষ্ট্ৰীয় শ্ৰমিক সম্পৰ্ক আইনত স্বাক্ষৰ কৰে।
- ২০০৪ চনত ইণ্ডোনেছিয়াত অনুষ্ঠিত হৈছিল প্ৰথম ৰাষ্ট্ৰপতি নিৰ্বাচন।