আজিৰ ১ কোটি টকাৰ মূল্য ২০৪০ চনত কিমান হ’ব? শুনি চকু কপালত উঠিব আপোনাৰ…
প্ৰতিদিনে টকাৰ মূল্য হ্ৰাস বৃদ্ধি হৈ থাকে। টকাৰ সমস্যাৰ পৰা হাত সাৰিবলৈ মানুহে ধন জমা ৰাখে। কিন্তু জমা ধনে যে আপোনাৰ সকলো সমস্যা পূৰ কৰিব পাৰিব তেনে নহয়। গতিকে প্ৰশ্ন হয়, আজিৰ ১ কোটি টকা ২০৪০ চনত কিমান হ'ব?
আজিকালি প্ৰায় সকলো মানুহে নিজৰ ভৱিষ্যতক লৈ চিন্তা কৰে। ঘৰ ক্ৰয় কৰাৰ পৰা আৰম্ভ কৰি সন্তানৰ অধ্যয়ন, বিয়া আদি বিভিন্ন দিশৰ বাবে টকা জমা ৰাখে। মানুহে ভাবে যে, যদি ২০-৩০ বছৰত ১ কোটি টকা জমা কৰি সহজে প্ৰয়োজন পূৰণ কৰিব পাৰি। কিন্তু এটা কথা মনত ৰখা দৰকাৰ যে, সময়ৰ লগে লগে টকাৰ মূল্য কমি যায়। আজিৰ সময়ত ১ কোটি টকাৰ মূল্য যিমান ২০-৩০ বছৰ পাছত সিমান নহ’ব পাৰে। গতিকে প্ৰশ্ন হয়, এতিয়াৰ পৰা ২৫ বছৰৰ পিছত অৰ্থাৎ ২০৪০ চনত ১ কোটি টকাৰ মূল্য কিমান হ’ব?
২০৪০ চনৰ ভিতৰক কিমান হ’ব মূল্য
প্ৰতি বছৰে বস্তুৰ দাম বাঢ়ে। যেনে- খাদ্য, গাড়ী, ঔষধ বা বাকী প্ৰয়োজনীয় সামগ্ৰী। ভাৰতত বিগত কেইবাবছৰ ধৰি মুদ্ৰাস্ফীতি ৫%-৭%ৰ ওচৰত আছে। এনে অৱস্থাত যদি গড় মুদ্ৰাস্ফীতিৰ হাৰ ৬% বুলি ধৰি লওঁ, তেন্তে মুদ্ৰাস্ফীতিৰ কেলকুলেটৰ অনুসৰি ভৱিষ্যতে ১ কোটি টকাৰ ব্যয় প্ৰায় ২.৩৯ কোটি টকা হ’ব লাগে। অৰ্থাৎ ২০৪০ চনত আজিৰ ১ কোটি টকাৰ মূল্য প্ৰায় ৪০-৪৫ লাখ টকাৰ সমান হ’ব। এক কথাত, আজি যিখিন সামগ্ৰী ক্ৰয় কৰিবলৈ আপোনাক ১ কোটি টকাৰ প্ৰয়োজন হৈছে, সেই একেই সামগ্ৰী ২০৪০ ত ক্ৰয় কৰিবলৈ প্ৰায় ২.৩৯ কোটি টকাৰ প্ৰয়োজন হ’ব।
মুদ্ৰাস্ফীতি কি?
আমাৰ দৈনন্দিন সামগ্ৰী আৰু সেৱাৰ মূল্যবৃদ্ধিয়ে হৈছে মুদ্ৰাস্ফীতি। যেতিয়া কোনো বস্তুৰ দাম বাঢ়ে তেতিয়া টকাৰ ক্ৰয় ক্ষমতা কমি যায়। এনেস্থলত প্ৰতিজন ব্যক্তিয়ে বিনিয়োগ কৰিব লাগে যাতে ভৱিষ্যতে তেওঁলোকৰ জমা ধনৰ পৰিমাণ বৃদ্ধি পায়। কিন্তু মুদ্ৰাস্ফীতিৰ দৰে বাহ্যিক কাৰকে আপোনাৰ সঞ্চয়ত যথেষ্ট প্ৰভাৱ পেলায়। বেছিভাগ মানুহেই সুত আদায় কৰিবলৈ বেংকত ধন ৰাখে, কিন্তু কেতিয়াবা বেংকৰ সুতৰ হাৰ ইমান বেছি নহয় যে মুদ্ৰাস্ফীতিৰ প্ৰভাৱ সম্পূৰ্ণৰূপে সামৰি ল’ব পৰা যায়। বহু সময়ত বিনিয়োগৰ ধৰণৰ ওপৰতো মুদ্ৰাস্ফীতি নিৰ্ধাৰণ কৰে।
কেনেকৈ প্ৰস্তুতি চলাব
মুদ্ৰীস্ফীতি অৰ্থনীতিৰ এটা অংশ। চৰকাৰে ইয়াক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে যদিও ইয়াৰ ওপৰত নিয়ন্ত্ৰণ কৰিব নোৱাৰে। গতিকে সকলোৱে আগতে ইয়াৰ প্ৰস্তুতি চলাব লাগে। সঠিক বিনিয়োগ আৰু পৰিকল্পনাৰে আপুনি ভৱিষ্যতে মুদ্ৰাস্ফীতিৰ বিৰুদ্ধে যুঁজিব পাৰে। উদাহৰণস্বৰূপে, ষ্টক আৰু মিউচুৱেল ফাণ্ডত বিনিয়োগ কৰিলে প্ৰায়ে মুদ্ৰাস্ফীতিতকৈ বেছি ৰিটাৰ্ণ পোৱা যায়। কিন্তু এটা কথা ষ্টক বা মিউচুৱেল ফাণ্ডে সদায় লাভ নিদিয়ে। গতিকে বিনিয়োগ কৰাৰ ক্ষেত্ৰতো সাৱধান হোৱা ভাল।
অন্য খবৰ পঢ়কঃ কেতিয়াৰ পৰা কাৰ্যকৰী হ’ব অষ্টম দৰমহা আয়োগ? বকেয়া সন্দৰ্ভত ডাঙৰ আপডেট…