8th Pay Commission: কেতিয়াৰ পৰা কাৰ্যকৰী হ’ব অষ্টম দৰমহা আয়োগ? বকেয়া সন্দৰ্ভত ডাঙৰ আপডেট…
8th Pay Commission: চৰকাৰী কৰ্মচাৰীসকলৰ মাজত বৰ্তমান এটাই চিন্তা, কেতিয়া কাৰ্যকৰী হ'ব অষ্টম দৰমহা আয়োগ? এই সন্দৰ্ভত চৰকাৰে এক বিশেষ আপডেট দিছে। গতিকে অষ্টম দৰমহা আয়োগ সন্দৰ্ভত চৰকাৰৰ স্থিতি ইতিবাচক বুলি ক'ব পাৰি।
যোৱা কেইটামান মাহৰ পৰা চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মাজত আটাইতকৈ উত্থাপিত প্ৰশ্নটো হ’ল, ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা অষ্টম দৰমহা আয়োগ (8th Pay Commission) কাৰ্যকৰী হ’বনে? কি তাৰিখৰ পৰা বকেয়া ধন পৰিশোধ কৰা হ’ব? সংসদত এই প্ৰশ্ন সোধাত যি উত্তৰ আহে সেয়াই স্পষ্ট কৰি দিছে যে বিষয়টো আগবাঢ়িছে, আৰু আশা বহুত বেছি।
শেহতীয়া লোকসভা অধিৱেশনত চাৰিজন সাংসদে পোনপটীয়াকৈ বিত্ত ৰাজ্য মন্ত্ৰী পংকজ চৌধাৰীক অষ্টম দৰমহা আয়োগৰ কাৰ্যকৰীকৰণৰ তাৰিখ সন্দৰ্ভত প্ৰশ্ন কৰিছিল। প্ৰত্যুত্তৰত মন্ত্ৰীগৰাকীয়ে অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ কোনো নিৰ্দিষ্ট তাৰিখ উল্লেখ কৰা নাই। কিন্তু তেওঁ কয় যে, অষ্টম দৰমহা আয়োগ কাৰ্যকৰী কৰিবলৈ চৰকাৰে উপযুক্ত ব্যৱস্থা হাতত ল’ব আৰু তাৰ পাছত তাৰিখ নিৰ্ধাৰণ কৰা হ’ব।
২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা হ’বনে?
পূৰ্বৰ দৰমহা আয়োগৰ মতে, ২০১৬ চনৰ জুন মাহত সপ্তম দৰমহা আয়োগ (7th Pay Commission )কাৰ্যকৰী কৰা হৈছিল। কিন্তু এৰিয়াৰ ২০১৬ চনৰ ১ জানুৱাৰীৰ পৰা পৰিশোধ কৰা হৈছিল। ঠিক তেনেকৈ 6th Pay Commission ২০০৮ চনৰ আগষ্টৰ পৰা কাৰ্যকৰী হৈছিল, কিন্তু এৰিয়াৰ ২০০৬ চনৰ ১ জানুৱাৰীৰ পৰা পৰিশোধ হৈছিল। যাৰ বাবে কৰ্মচাৰী সংগঠনসমূহে দাবী জনাইছে যে ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা 8th CPC ৰ এৰিয়াৰ লাভ কৰিব লাগে।
এইবাৰ এৰিয়াৰ পলম হ’ব নেকি?
ইটিৰ এক প্ৰতিবেদনত এজন জ্যেষ্ঠ কৰ্মচাৰী সংস্থাৰ সদস্যৰ উদ্ধৃতিৰে কোৱা হৈছে যে চৰকাৰে অৰ্থনৈতিক অৱস্থাৰ ওপৰত ভিত্তি কৰি বকেয়াৰ নিৰ্ধাৰিত তাৰিখ বৃদ্ধি কৰাৰ সিদ্ধান্ত ল’ব পাৰে। কিন্তু কৰ্মচাৰীসকলে আশা কৰিছে যে, ২০২৬ চনৰ ১ জানুৱাৰীৰ পৰা বকেয়া ধন পৰিশোধ কৰা হ’ব।
প্ৰতিবেদন কেতিয়া আহিব
চৰকাৰে ২০২৫ চনৰ নৱেম্বৰ মাহত ৮ নং চিপিচিৰ বাবে টাৰ্মছ অৱ ৰেফাৰেন্স (ToR) জাৰি কৰিছিল। তেতিয়া আয়োগত প্ৰতিবেদন দাখিল কৰিবলৈ ১৮ মাহৰ সময় দিছিল। প্ৰতিবেদন দাখিলৰ পাছত অনুমোদনৰ বাবে ৩-৬ মাহ সময় লাগে। গতিকে ২০২৬ চনৰ আৰম্ভণিতে প্ৰতিবেদনৰ চূড়ান্ত সিদ্ধান্ত ল’ব বুলি আশা কৰা হৈছে।
উল্লেখ্য যে, চৰকাৰী কৰ্মচাৰীসকলে এতিয়া আয়োগৰ প্ৰতিবেদন, চৰকাৰৰ অনুমোদন, বকেয়া পৰিশোধ আদিৰ বাবে অপেক্ষা কৰি আছে। কিন্তু এতিয়াও চৰকাৰে নিৰ্দিষ্ট তাৰিখ নিৰ্ধাৰণ কৰা নাই। অৱশ্যে চৰকাৰৰ স্থিতি চাই কব পাৰি যে, অষ্টম দৰমহা আয়োগ সন্দৰ্ভত বৰ্তমান স্থিতি ইতিবাচক হৈ আছে।
অন্য খবৰ পঢ়কঃ কেতিয়াৰ পৰা বৃদ্ধি পাব কৰ্মচাৰীৰ দৰমহা আৰু কিমান হ’ব লাভ? জানক সকলো…