শীঘ্ৰে ১০০খন দেশত আৰোপ কৰা হ’ব ট্ৰাম্পৰ নতুন শুল্ক, ভাৰতৰ ওপৰত কি প্ৰভাৱ পৰিব?
২০২৫ চনৰ ১ আগষ্টৰ পৰা ১০০খন দেশৰ আমদানিৰ ওপৰত আমেৰিকাই নতুনকৈ ১০% শুল্ক আৰোপ কৰিব। য’ত ভাৰতকো অন্তৰ্ভুক্ত কৰা হৈছে। বৰ্তমান ভাৰতত ২৬% শুল্ক ৰেহাই আছে যিটো ৯ জুলাইত শেষ হ’ব। তেতিয়ালৈকে যদি নতুন চুক্তিত উপনীত নহয় তেন্তে বস্ত্ৰ, চামৰা আৰু ৰত্ন আদি ভাৰতৰ ৰপ্তানিৰ ক্ষেত্ৰত ডাঙৰ লোকচান হ’ব পাৰে।

বিশ্ব বাণিজ্যত পুনৰ আলোড়নৰ সৃষ্টি কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। ২০২৫ চনৰ ১ আগষ্টৰ পৰা ১০০খন দেশৰ পৰা আমদানি কৰা সামগ্ৰীৰ ওপৰত ১০% নতুন শুল্ক ঘোষণা কৰা হৈছে। এই কথা নিশ্চিত কৰিছে আমেৰিকাৰ কোষাগাৰ সচিব স্কট বেছাণ্টে। যিটো আমেৰিকাৰ বিশ্ব বাণিজ্য নীতিৰ এক বৃহৎ পৰিৱৰ্তন বুলি বিবেচিত হৈছে। এই নতুন শুল্কৰ কবলত পৰিব পাৰে ভাৰতকে ধৰি বহু দেশ। ভাৰতত ইয়াৰ কি প্ৰভাৱ পৰিব, ভালদৰে জানি লও আহক।
নতুন শুল্ক পৰিকল্পনা কি?
আমেৰিকাই সিদ্ধান্ত লৈছে যে ১ আগষ্টৰ পৰা প্ৰায় ১০০খন দেশৰ পৰা অহা সামগ্ৰীৰ ওপৰত ১০% পাৰস্পৰিক শুল্ক আৰোপ কৰিব।স্কট বেছাণ্টে ব্লুমবাৰ্গ টেলিভিছনৰ সৈতে হোৱা কথা-বতৰাত কয় যে, “আমি চাম যে ৰাষ্ট্ৰপতি ট্ৰাম্পে সেই দেশসমূহৰ সৈতে কেনেদৰে মোকাবিলা কৰে যিবোৰে ভাল উদ্দেশ্যেৰে আলোচনা কৰি আছে। কিন্তু, এতিয়াৰ বাবে ১০০খন দেশৰ ওপৰত কমেও ১০% শুল্ক আৰোপ কৰা হ’ব আৰু তাৰ পিছত তাৰ পৰাই আলোচনা আগবাঢ়িব।” ‘টেক ইট অৰ লিভ ইট’ শৈলীৰে ১২খন দেশৰ শুল্কৰ বিশদ বিৱৰণী পত্ৰত স্বাক্ষৰ কৰিছে ৰাষ্ট্ৰপতি ট্ৰাম্পে । এই দেশসমূহৰ ভিতৰত ভাৰত, জাপান আৰু ইউৰোপীয় সংঘৰ কিছুমান দেশ অন্তৰ্ভুক্ত বুলি কোৱা হৈছে যদিও নাম প্ৰকাশ কৰিবলৈ অস্বীকাৰ কৰিছিল ট্ৰাম্পে। এই পত্ৰসমূহ সোমবাৰে আনুষ্ঠানিকভাৱে প্ৰেৰণ কৰা হ’ব।
এই শুল্কৰ উদ্দেশ্য হৈছে আমেৰিকাৰ ৰপ্তানি প্ৰসাৰ কৰা আৰু বাণিজ্যৰ চৰ্তসমূহ আমেৰিকাৰ সপক্ষে কৰা। কিন্তু, ইমান বৃহৎ পৰিসৰত শুল্ক আৰোপ কৰাটো দশক দশক ধৰি আটাইতকৈ আক্ৰমণাত্মক বাণিজ্য নীতি বুলি গণ্য কৰা হয়, কিয়নো বিশ্বৰ প্ৰায় আধা দেশত পৰিব ইয়াৰ প্ৰভাৱ।
ইয়াৰ প্ৰভাৱ ভাৰতবৰ্ষত কিমান পৰিব?
এই খবৰ ভাৰতৰ বাবে যথেষ্ট চিন্তনীয়। বৰ্তমান ভাৰতে আমেৰিকাত নিজৰ সামগ্ৰীৰ ওপৰত ২৬% শুল্কৰ পৰা ৰেহাই পাইছে, কিন্তু এই ৰেহাই ৯ জুলাইত শেষ হ’ব।তেতিয়ালৈকে যদি কোনো নতুন বাণিজ্যিক চুক্তি নহয় তেন্তে ১ আগষ্টৰ পৰা ভাৰতৰ পৰা যোৱা সামগ্ৰীৰ ওপৰত গধুৰ শুল্ক আৰোপ কৰা হ’ব পাৰে। অৱশ্যে বিগত কেইটামান সপ্তাহত ভাৰত আৰু আমেৰিকাৰ মাজত আলোচনা তীব্ৰতৰ হৈ পৰিছে। আলোচনাৰ অন্তত ভাৰতীয় বিষয়াসকল ৱাশ্বিংটনৰ পৰা উভতি আহিছে যদিও এতিয়ালৈকে কোনো চুক্তি চূড়ান্ত হোৱা নাই।
ভাৰত আৰু আমেৰিকাৰ আলোচনাত আটাইতকৈ ডাঙৰ সমস্যা হৈছে কৃষি আৰু দুগ্ধ খণ্ডৰ সন্দৰ্ভত। আমেৰিকাই বিচাৰে ভাৰতে আনুবংশিকভাৱে পৰিৱৰ্তিত (GMO) আমদানিৰ বাবে নিজৰ কৃষি আৰু দুগ্ধ বজাৰখন মুকলি কৰক। একে সময়তে ভাৰতে দাবী জনাইছে যে বস্ত্ৰ, চামৰা আৰু ৰত্ন আদি শ্ৰম নিবিড় ৰপ্তানিসমূহে আমেৰিকাত অধিক সুবিধা লাভ কৰক। ইয়াৰ বাহিৰেও আমেৰিকাই ভাৰতকে ধৰি কোনো দেশক তীখা শুল্কত সকাহ দিবলৈ স্পষ্টভাৱে অস্বীকাৰ কৰিছে।
ভাৰতৰ সন্মুখত বহু প্ৰত্যাহ্বান
এই শুল্ক ভাৰতৰ বাবে এক ডাঙৰ বিপৰ্যয় হ’ব পাৰে। কিয়নো আমেৰিকা ভাৰতৰ বাবে এখন ডাঙৰ ৰপ্তানি বজাৰ। বস্ত্ৰ, চামৰা, ৰত্ন, গহনা আদি খণ্ডত ভাৰতে বৃহৎ লোকচানৰ সন্মুখীন হ’ব পাৰে। এই শুল্ক কাৰ্যকৰী হ’লে আমেৰিকাৰ বজাৰত ভাৰতীয় সামগ্ৰী ব্যয়বহুল হৈ পৰিব, যাৰ ফলত তেওঁলোকৰ চাহিদা হ্ৰাস পাব পাৰে। এতিয়া ভাৰতীয় ব্যৱসায়ী আৰু চৰকাৰৰ হাতত সময়ৰ কম আছে। যদিহে ৯ জুলাইৰ ভিতৰত কোনো চুক্তিত উপনীত নহয় তেন্তে ১ আগষ্টৰ পৰা শুল্কৰ প্ৰভাৱ আৰম্ভ হ’ব।
বিশেষজ্ঞসকলৰ মতে এতিয়া ভাৰত চৰকাৰে আমেৰিকাৰ সৈতে অতি সোনকালে অন্তৱৰ্তীকালীন চুক্তিত উপনীত হ’বলৈ হেঁচা প্ৰয়োগ কৰিছে। কিন্তু, আমেৰিকাৰ কঠোৰ চৰ্তৰ সন্মুখত ভাৰতেও নিজৰ স্বাৰ্থ ৰক্ষা কৰিব লাগিব। বিশেষকৈ ভাৰতে কৃষি আৰু দুগ্ধ খণ্ডত নিজৰ নীতিৰ প্ৰতি সতৰ্ক। ভাৰত-আমেৰিকাৰ বাণিজ্যিক সম্পৰ্কৰ বাবে আগন্তুক সপ্তাহসমূহ অতি গুৰুত্বপূৰ্ণ হ’ব। যদি কোনো চুক্তিত উপনীত নহয় তেন্তে ভাৰতীয় ৰপ্তানিকাৰকসকলে বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।