EPF সন্দৰ্ভত ডাঙৰ আপডেট! দৰমহা বৃদ্ধিক লৈ কেন্দ্ৰক ন্যায়ালয়ে দিলে বিশেষ নিৰ্দেশ…
EPF সন্দৰ্ভত শেহতীয়াকৈ পোহৰলৈ আহিছে এক ডাঙৰ আপডেট। দেশৰ বহু ঠাইত ন্যূনতম মজৰি এই সীমা অতিক্ৰম কৰাৰ পাছতো ই পি এফৰ মজুৰিৰ সীমা পৰিৱৰ্তন নহয়। যাৰ প্ৰভাৱ বহু সংখ্যক শ্ৰমিকৰ ওপৰত পৰা দেখা যায়।
সোমবাৰ (৫জানুৱাৰী)য়ে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে কৰ্মচাৰী ভৱিষ্য নিধি (EPF) আঁচনিৰ দৰমহাৰ সীমা সংশোধন সন্দৰ্ভত আগন্তুক ৪ মাহৰ ভিতৰত চৰকাৰক সিদ্ধান্ত গ্ৰহণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। এই সীমা যোৱা ১১ বছৰ ধৰি অপৰিৱৰ্তিত হৈ আছে। ন্যায়মূৰ্তি জেকে মাহেশ্বৰী আৰু ন্যায়মূৰ্তি এ.এছ চন্দুৰকৰৰ বিচাৰপীঠে সামাজিক কৰ্মকৰ্তা নবীন প্ৰকাশ নোটিয়ালৰ আবেদনৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশ প্ৰদান কৰে।
আবেদনখনত উল্লেখ থকা অনুসৰি, কৰ্মচাৰীৰ বাবে সামাজিক সুৰক্ষা আঁচনি চলোৱা কৰ্মচাৰী ভৱিষ্য নিধি সংগঠন (EPFO)ই এই EPF আঁচনিত মাহিলী ১৫ হাজাৰতকৈ অধিক আয়ৰ কৰ্মচাৰীক অন্তৰ্ভুক্ত কৰা নাই।
৭০ বছৰ ধৰি সমস্যা
আবেদনকাৰী অধিবক্তা প্ৰণৱ সচদেৱ আৰু নেহা ৰাথীয়ে যুক্তি আগবঢ়াই কয়, দেশৰ বহু ঠাইত ন্যূনতম মজুৰি ১৫,০০০ ৰ সীমা অতিক্ৰম কৰাৰ পাছতো EPFO ই এই আঁচনিৰ দৰমহাৰ সীমাত কোনো পৰিবৰ্তন কৰা নাই। যাৰ ফলত বহু সংখ্যক কৰ্মচাৰীয়ে সামাজিক সুৰক্ষা আৰু EPF ৰ সুবিধাৰ পৰা বঞ্চিত হৈছে। আবেদনখন নিষ্পত্তি কৰি ন্যায়ালয়ে আবেদনকাৰীক নিৰ্দেশ দিয়ে যে আদেশৰ প্ৰতিলিপিৰ লগতে দুসপ্তাহৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰক প্ৰতিনিধিত্ব দাখিল কৰিব লাগে। আগন্তুক ৪ মাহৰ ভিতৰত চৰকাৰে সিদ্ধান্ত ল’ব লাগিব।
আবেদনত যুক্তি দিয়া হৈছিল যে, বিগত ৭০ বছৰ মজুৰিৰ সীমা পুনৰীক্ষণ কৰাতো নিজৰ মতে কৰি আছে। কেতিয়াবা ১৩-১৪ বছৰৰ মূৰত কৰে। এই সময়চোৱাত মুদ্ৰাস্ফীতি,ন্যূনতম মজুৰি, জনমূৰি আয়ৰ দৰে অৰ্থনৈতিক সূচকৰ সৈতে কোনো সম্পৰ্ক বজাই ৰখা হোৱা নাই।
বহু কৰ্মচাৰীয়ে লাভ কৰা নাই সুবিধা
আবেদনত উল্লেখ থকা অনুসৰি, এই নীতিৰ বাবে আজিও বহু কৰ্মচাৰীয়ে EPF ৰ সুবিধা লাভ নকৰে। ২০২২ চনত EPFO ৰ এখন উপ-সমিতিয়ে দৰমহা বৃদ্ধি কৰি অধিক কৰ্মচাৰীক ইয়াত অন্তৰ্ভুক্ত কৰাৰ পৰামৰ্শ দিছিল। ইয়াক কেন্দ্ৰীয় বৰ্ডে অনুমোদন দিছিল। কিন্তু কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱা নাই।
কি EPF আঁচনি
যি কোম্পানীত ২০ জনতকৈ অধিক কৰ্মচাৰী থাকে,যাৰ মাহিলী দৰমহা ১৫,০০০ টকা (বেচিক, ডিএ) তেনে কৰ্মচাৰীয়ে EPFৰ বাবে যোগ্য। কিন্তু ইয়াতকৈ অধিক আয় কৰাসকলে নিয়োগকৰ্তাক সন্মতি দি স্বেচ্ছাই যোগদান কৰিব পাৰে। ইপিএফ আঁচনি, ১৯৫২ৰ পেৰা 2(F)ৰ অধীনতয
অন্য খবৰ পঢ়কঃ জোমাটোৰ CEO দীপিন্দৰে প্ৰতিঘন্টাত কিমান টকা উপাৰ্জন কৰে? শুনিলে চকু কপালত উঠিব আপোনাৰ…