শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Zomato CEO: জোমাটোৰ CEO দীপিন্দৰে প্ৰতিঘন্টাত কিমান টকা উপাৰ্জন কৰে? শুনিলে চকু কপালত উঠিব আপোনাৰ…

বৰ্তমান দেশত জনপ্ৰিয় বিভিন্ন এপৰ ভিতৰত জোমাটো অন্যতম। এই জোমাটোৰ চি ই অ' দীপিন্দৰ গোৱেল। পিছে আপুনি জানেনে এই দীপিন্দৰে প্ৰতিমাহে কিমান দৰমহা লাভ কৰে? প্ৰতিঘন্টাত তেওঁৰ আয় কিমান?

Zomato CEO: জোমাটোৰ CEO দীপিন্দৰে প্ৰতিঘন্টাত কিমান টকা উপাৰ্জন কৰে? শুনিলে চকু কপালত উঠিব আপোনাৰ…
দীপেন্দ্ৰ গোৱেলImage Credit source: social media
barasha-sarma
Barasha Sarma | Published: 05 Jan 2026 17:28 PM

বৰ্তমান সময়ত খাদ্য ডেলিভাৰী কৰা এপসমূহৰ জনপ্ৰিয়তা অধিক। বিভিন্ন এপৰ ভিতৰত জোমাটো (Zomato) অন্যতম। শেহতীয়াকৈ জোমাটোৰ এক বিশেষ পৰিসংখ্যা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। এই খবৰ Zomato ৰ সহ-প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া (CEO) দীপিন্দৰ গোৱেলে প্ৰদান কৰিছে। তেওঁ গিগ শ্ৰমিকৰ উপাৰ্জন আৰু প্ৰতি ঘণ্টাৰ মজুৰিৰ পৰিসংখ্যা দাঙি ধৰে।  তেওঁৰ মতে, ২০২৪ ৰ তুলনাত ২০২৫ ত এই কৰ্মচাৰীসকলৰ মজুৰি প্ৰায় ১১ শতাংশ বৃদ্ধি কৰা হৈছে।

পিছে আপুনি জানেনে, দীপিন্দৰে নিজে প্ৰতিঘন্টাত কিমান টকা উপাৰ্জন কৰে? তেওঁৰ প্ৰতিমাহৰ দৰমহা কিমান? যদি আপুনি তেওঁৰ দৰমহা জানিব পাৰে তেন্তে আচৰিত হৈ পৰিব।

Zomato ৰ CEO ৰ দৰমহা কিমান?

বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি, অনুসৰি দীপিন্দৰৰ বাৰ্ষিক দৰমহা ৩.৫ কোটি টকা। এই দৰমহা ২০২১ চনৰ এপ্ৰিল মাহত নিৰ্ধাৰণ কৰা হৈছিল, আৰু অন্তৱৰ্তীকালীন কোনো বৃদ্ধি হোৱা নাই। প্ৰতিবেদন অনুসৰি ২০২৬ চনৰ ২১ মাৰ্চলৈকে দীপিন্দৰে এই একেই পৰিমাণৰ দৰমহা লাভ কৰিব।

দৈনিক দৰমহা

যদি দীপিন্দৰৰ প্ৰতিমাহৰ দৰমহা হিচাপ কৰা যায় তেন্তে প্ৰায় ২৯,১৬,৬৬৭ টকা হ’ব। ঠিক তেনে দৰে প্ৰতিদিনৰ দৰমহা হ’ব প্ৰায় ৯৫,৮৯০ টকা। গতিকে দীপেন্দৰৰ প্ৰতিঘন্টাৰ দৰমহা প্ৰায় ৩,৯৯৫ টকা হ’ব।

পাৰ্থক্য

দীপিন্দৰে তেওঁৰ পোষ্টত উল্লেখ কৰা অনুসৰি, ডেলিভাৰী দিয়াসকলে প্ৰতিঘন্টাত প্ৰায় ১০২ টকা উপাৰ্জন কৰে, যি ২০২৪ চনৰ তুলনাত ১১ শতাংশ বেছি। ২০২৪ চনত গিগ কৰ্মীৰ ঘণ্টাৰ দৰমহা আছিল ৯২ টকা। ইফালে জোমাটোৰ চিইঅৰ দৰমহা ঘন্টাত ৩,৯৯৫ টকা। কোম্পামীৰ গিগ কৰ্মীৰ দৰমহাতকৈ চিএঅই ৩৯ গুণ বেছি দৰমহা লাভ কৰে। উল্লেখ্য যে, বিগত সময়চোৱাত গিগ কৰ্মীসকলৰ দৰমহা সন্দৰ্ভত বিভিন্ন বিতৰ্কৰ সূচনা হৈছিল। তাৰ মাজতে এই তথ্য পোহৰলৈ আহিছে।

 

অন্য খবৰ পঢ়কঃ গুৱাহাটীলৈ চলিব বন্দে ভাৰত শ্লীপাৰ ট্ৰেইন, প্ৰতিটো কোচৰ দাম কিমান? যাত্ৰা কৰিবলৈ হাতত কিমান টকা লাগিব, জানক…