শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

১০ টকীয়া নোটত বানান ভুল! অসন্তুষ্ট জনতা..

শেহতীয়াকৈ ছপা হৈছিল নতুন নোট। কিন্তু এই নোটৰ ছবি পোহৰলৈ অহাৰ পাছতে এতিয়া চৰ্চাৰ সৃষ্টি হৈছে। কিয়নো ১০ টকীয়া নোটত দেখা গৈছে বানান ভুল।

১০ টকীয়া নোটত বানান ভুল! অসন্তুষ্ট জনতা..
প্ৰতীকী ফটোImage Credit source: tv9 বাংলা
barasha-sarma
Barasha Sarma | Published: 04 Jun 2025 13:01 PM

যোৱা আগষ্ট মাহত হাছিনা চৰকাৰৰ পতনৰ পাছত বাংলাদেশত ইটোৰ পিছত সিটো পৰিৱৰ্তন দেখা গৈছে। সেই দেশৰ চৰকাৰৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন ঘটিছে। দেশখনৰ কেইবাটাও স্থান ধ্বংস কৰি পেলোৱা হৈছে। আনকি বংগ বন্ধু মুজিবৰ ৰহমানৰ প্ৰতিমূৰ্তিও ভাঙি পেলাইছে একাংশই। দিনক দিনে দেশখনৰ ৰাজপথত ইছলামিক মৌলবাদীৰ হিংসা বৃদ্ধি পাই আহিছে। এনে অৱস্থাত দেশখনৰ অন্তৱৰ্তীকালীন চৰকাৰে মুজিবৰ ৰহমানৰ সকলো স্মৃতি মচি পেলোৱাৰ চেষ্টা চলোৱা হৈছে। ইয়াৰ মাজতে বাংলাদেশ চৰকাৰে জাৰি কৰিছে নতুন নোট ।

বাংলাদেশে নতুন নোটৰ পৰা মুজিবৰ ৰহমানৰ ফটো নাইকীয়া কৰা পৰিলক্ষিত হৈছে।  বেংকে নোটৰ নতুন ডিজাইনৰ সৈতে ৬ খন ছবি মুকলি কৰিছে। ইয়াৰ ভিতৰত আছে ৫০০, ২০০, ১০০ আৰু ১০ টকীয়া নোট। এই নোটসমূহত ৰাজ্যপাল আহছান হাবিব মনছুৰৰ স্বাক্ষৰ আছে। অৱশ্যে দেশখনৰ চৰকাৰে এতিয়ালৈকে পুৰণি নোট বাতিল কৰা নাই।

 

Bangladeshi Taka

নোটখন

এই নোটসমূহ এতিয়া চৰ্চাত থকা দেখা গৈছে। কিন্তু সৰ্বাধিক বিতৰ্ক দেখা গৈছে নতুন ১০ টকীয়া বেংক নোটৰ ক্ষেত্ৰত। এই গোলাপী ৰঙৰ নোটখনত বৈতুল মুকাৰৰাম ৰাষ্ট্ৰীয় মছজিদৰ ছবি আছে। কিন্তু নোটখনৰ পিছফালে গণ বিদ্ৰোহৰ সময়ত অংকন কৰা গ্ৰেফিটিক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। এই গ্ৰেফিটিত লিখা আছে, “ভয় খালে শেষ, থিয় হ’লে বাংলাদেশ”।  এই লেখা মানুহৰ চকুত পৰাৰ লগে লগে বিতৰ্ক বাঢ়িছে। ভালদৰে চালে দেখা যায় যে সেই গ্ৰেফিটিত ষ্টেণ্ড আপৰ বানান ভুল আৰু লাইন শেষ হোৱাৰ পিছতো দাড়ি নাই। এই গ্ৰেফিটিত বানান আৰু যতি চিহ্নৰ ভুল আছে।  গতিকে ইয়াকে লৈ বাংলাদেশৰ জনসাধাৰণৰ মাজত অসন্তুষ্টি দেখা গৈছে।

এই সন্দৰ্ভত বাংলাদেশী নাগৰিক ছাহাদত জামান ছাইকাতে টিভি৯ বাংলাক কয় যে,‘নাগৰিক হিচাপে আমাৰ দুৰ্ভাগ্য যে আমি ইমানবোৰ প্ৰাণ হেৰুৱাই একনায়কত্ববাদীক ক্ষমতা উৎখাত কৰিছিলো। য’ত আমি সত্য, সমতাৰ এখন দেশৰ পিনে যাত্ৰা কৰিব লাগিছিল তেনে অৱস্থাত আমি মুক্তি যুদ্ধৰ বিৰোধী আৰু উগ্ৰ ইছলামিকৰ চৰকাৰ এখন লাভ কৰিছো। এই ১০ টাকা নোটে প্ৰমাণ কৰে যে আমি আমাৰ সমতাৰ সমাজখন পোৱা নাই, আমি এনে এখন চৰকাৰ পাইছো যিয়ে ধ্বংস কৰিব জানে।

 

 

সুপ্ৰিয় ঘোষ, ছিনিয়ৰ ছাব এডিটৰ, TV9-বাংলা

 

 

অন্য খবৰ পঢ়কঃ পাকিস্তান-বাংলাদেশৰ পাছত নেপালৰ কাষ চাপিছে চীন! কি প্ৰভাৱ পৰিব ভাৰতত? জানক…