ভাৰতৰ বজাৰ ট্ৰাম্পৰ ২৫ শতাংশ শুক্লৰ প্ৰভাৱ, ১০ মিনিটত বিনিয়োগকাৰীৰ লোকচান ৩ লাখ কোটি টকা!
বজাৰ খোলাৰ লগে লগে বিনিয়োগকাৰীয়ে ডাঙৰ জোকাৰণিৰ সন্মুখীন হয়। ব্যৱসায় আৰম্ভ হোৱাৰ মাত্ৰ ১০ মিনিটৰ ভিতৰতে বিএছইত তালিকাভুক্ত কোম্পানীসমূহৰ মুঠ মাৰ্কেট কেপ ৪৫২ লাখ কোটি টকাৰ পৰা ৪৪৯ লাখ কোটিলৈ হ্ৰাস পায়। অৰ্থাৎ প্ৰায় ৩ লাখ কোটি টকাৰ মূলধন কেইমিনিটমানৰ ভিতৰতে হেৰাই গ’ল।

আমেৰিকাই ভাৰতৰ ৰপ্তানিৰ ওপৰত ২৫% শুল্ক আৰোপ কৰাৰ কথা ঘোষণা কৰাৰ পিছতেই বৃহস্পতিবাৰে পুৱা ভাৰতৰ শ্বেয়াৰ বজাৰত দেখা গৈছে ব্যাপক প্ৰভাৱ। ব্যৱসায়ৰ আৰম্ভণিৰে পৰাই বজাৰত বৃহৎ বিক্ৰী হৈছিল আৰু চেন্সেক্স প্ৰায় ৮০০ পইণ্টৰ বিশাল ব্যৱধানত নিম্নগামী হয়। নিফটি ফিফটিও ২৪,৬৫০ৰ তললৈ নামি যায়, যিয়ে বিনিয়োগকাৰীৰ চিন্তা আৰু অধিক বৃদ্ধি কৰে।
২৪,৭০০ৰ তলত মুকলি নিফটি
বৃহস্পতিবাৰে বিএছই ছেন্সেক্সৰ মূল্য ৮০,৬৯৫.৫০ত মুকলি হয়, যিটো পূৰ্বৰ ৮১,৪৮১.৮৬ পইণ্টৰ তুলনাত প্ৰায় ৭৮৬ পইণ্ট হ্ৰাস পাইছে। মিনিটৰ ভিতৰতে এই অৱনতি গুৰুতৰ হৈ পৰে আৰু ছেন্সেক্সে দিনটোৰ নিম্নতম ৮০,৬৯৫.১৫ পইণ্টত উপনীত হয়, যিটো প্ৰায় ৮০০ পইণ্টৰ হ্ৰাস।
এন এছ ই নিফ্টি ফিফটিও আৰম্ভণি দুৰ্বল হৈছিল। ২৪,৬৪২.২৫ত মুকলি হয়, যিটো পূৰ্বৰ ২৪,৮৫৫.০৫ পইণ্টৰ তুলনাত প্ৰায় ২১৩ পইণ্ট হ্ৰাস পাইছে। বজাৰ খোলাৰ সময়তে ই ২৪,৬৩৫.০০ লৈ হ্ৰাস পায়। দুয়োটা প্ৰধান সূচকাংকই প্ৰায় ১% হ্ৰাসৰ সৈতে ব্যৱসায় কৰিছিল।
মিডকেপ আৰু স্মলকেপৰ ষ্টকত আটাইতকৈ বেছি হ্ৰাস
ডাঙৰ কোম্পানীসমূহৰ লগতে মিডকেপ আৰু স্মলকেপ ষ্টকসমূহো ব্যাপক বিক্ৰীৰ সাক্ষী হৈছিল। বিএছই মিডকেপ আৰু স্মলকেপ সূচকাংক ২% পৰ্যন্ত হ্ৰাস পাইছে, যিয়ে বহল বজাৰৰ ওপৰত হেঁচা আৰু অধিক হোৱাৰ ইংগিত দিয়ে।
এই হ্ৰাসৰ আটাইতকৈ ডাঙৰ কাৰণ আছিল ট্ৰাম্প চৰকাৰে ১ আগষ্টৰ পৰা ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৫% শুল্ক আৰোপৰ বাবে কৰা ঘোষণা। এই সিদ্ধান্তই বাণিজ্যিক সম্পৰ্কত উত্তেজনাৰ ইংগিত দিছে, যাৰ ফলত বিনিয়োগকাৰীৰ আস্থা দুৰ্বল হৈ পৰিছে।
১০ মিনিটত ডুব গ’ল ৩ লাখ কোটি টকা
বজাৰ খোলাৰ লগে লগে বিনিয়োগকাৰীয়ে ডাঙৰ জোকাৰণিৰ সন্মুখীন হয়। ব্যৱসায় আৰম্ভ হোৱাৰ মাত্ৰ ১০ মিনিটৰ ভিতৰতে বিএছইত তালিকাভুক্ত কোম্পানীসমূহৰ মুঠ মাৰ্কেট কেপ ৪৫২ লাখ কোটি টকাৰ পৰা ৪৪৯ লাখ কোটিলৈ হ্ৰাস পায়। অৰ্থাৎ প্ৰায় ৩ লাখ কোটি টকাৰ মূলধন কেইমিনিটমানৰ ভিতৰতে হেৰাই গ’ল।
বজাৰৰ এই পতনে বিনিয়োগকাৰীৰ আৱেগ-অনুভূতিতো প্ৰভাৱ পেলাইছে আৰু এতিয়া সকলোৰে দৃষ্টি আগন্তুক দিনত ভাৰত-আমেৰিকাৰ মাজত বাণিজ্যিক উত্তেজনা আৰু অধিক বৃদ্ধি পাব নেকি, নে আলোচনাৰ জৰিয়তে সমাধানৰ সন্ধান পোৱা যাব।
বিনিয়োগকাৰীৰ বাবে সতৰ্কতাৰ সময়
বজাৰ বিশেষজ্ঞসকলৰ মতে ট্ৰাম্পৰ এই সিদ্ধান্তৰ প্ৰভাৱ বজাৰত কিছুদিন থাকিব পাৰে। যেতিয়ালৈকে ভাৰতৰ পৰা কোনো সুনিৰ্দিষ্ট উত্তৰ নাহে বা আমেৰিকাৰ নীতিত কোনো কোমলতা নপৰে, তেতিয়ালৈকে বজাৰত অস্থিৰতা থাকিব পাৰে। বৰ্তমান বিনিয়োগকাৰীসকলক সাৱধান হ’বলৈ পৰামৰ্শ দিয়া হৈছে। বিশেষকৈ যিবোৰ ষ্টক আমেৰিকাৰ বজাৰৰ ওপৰত নিৰ্ভৰশীল, সেইবোৰৰ উঠা-নমা বৃদ্ধি পাব পাৰে।
যদি কোনো শ্বেয়াৰত বিনিয়োগ কৰিব খোজে, তেন্তে সেই বিষয়ে সবিশেষ গৱেষণা আৰু বিশ্লেষণ কৰক। এই প্ৰতিবেদন কেৱল শিক্ষাৰ উদ্দেশ্যে। TV9 অসমে কোনো ধৰণৰ বিনিয়োগৰ পৰামৰ্শ নিদিয়ে।
বিঃদ্ৰঃ যিকোনো বিনিয়োগত বজাৰৰ বিপদ জড়িত হৈ থাকে। গতিকে বিনিয়োগ সম্পৰ্কীয় সকলো নথি-পত্ৰ প্ৰথমে ভালদৰে পঢ়ি লওক। তাৰ পাছতহে বিনিয়োগৰ সিদ্ধান্ত গ্ৰহণ কৰক।