শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কাইলৈ ১ বজাৰ পৰা বিকল হৈ পৰিব UPI সেৱা! কেনেকৈ কৰিব টকাৰ লেনদেন, জানক উপায়…

আজিকালি প্ৰায়ভাগ মানুহে UPI সেৱা ব্যৱহাৰ কৰে। ই অতি সহজ প্ৰক্ৰিয়া বাবে পাচলি ক্ৰয় কৰাৰ পৰা ডাঙৰ লেনদেনলৈ সকলোতে ইয়াক ব্যৱহাৰ কৰা হয়।

কাইলৈ ১ বজাৰ পৰা বিকল হৈ পৰিব UPI সেৱা! কেনেকৈ কৰিব টকাৰ লেনদেন, জানক উপায়…
এছ বি আইImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 05 Aug 2025 17:49 PM

ষ্টেট বেংক অৱ ইণ্ডিয়া (SBI)ই সামাজিত মাধ্যম ‘এক্স’ৰ জৰিয়তে গ্ৰাহকসকলক এক বিশেষ খবৰ দিছে। বেংকটোৱে কৈছে যে, অহা ৬ আগষ্টত SBI ৰ ইউনিফাইড পেমেণ্ট ইন্টাৰফেচ (UPI) সেৱা কিছু সময়ৰ বাবে বন্ধ থাকিব। বেংকে এই পদক্ষেপ মেন্টেইনেন্সৰ বাবে লোৱা বুলি কৈছে যাতে ডিজিটেল লেনদেন প্ৰণালী আৰু ভাল আৰু সুৰক্ষিত হয়।

বেংকটোৱে জাৰি কৰা জাননী অনুসৰি, অহা ৬ আগষ্টৰ পুৱা ১:০০ বজাৰ পৰা ১:২০ বজালৈ মাত্ৰ ২০ মিনিটৰ বাবে ইউ পি আই বন্ধ থাকিব। এই সময়চোৱাত গ্ৰাহকে লেনদেন কৰিব নোৱাৰিব। বেংকটোৱে জনোৱা অনুসৰি এইখিনি সময়ত গ্ৰাহকে UPI ৰ মূল সেৱাখিনি ব্যৱহাৰ কৰিব নোৱাৰে যদিও বিকল্প হিচাপে UPI lite ব্যৱহাৰ কৰিব পাৰিব।

UPI লাইট কি

UPI লাইট হৈছে সৰু আৰু দ্ৰুত লেনদেনৰ বাবে ডিজাইন কৰা এক সুবিধা। এই সুবিধাৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট হ’ল যে, ইয়াৰ বাবে ৰিয়েল টাইম বেংক প্ৰচেছিঙৰ প্ৰয়োজন নহয়, যাৰ ফলত লেনদেন বিফল হোৱাৰ সম্ভাৱনা হ্ৰাস পায়। গ্ৰাহকে বিভিন্ন ধৰণৰ সামগ্ৰী ক্ৰয় কৰিবলৈ, ভাড়া দিবলৈ বা সৰু সৰু খৰচৰ বাবে ইয়াক ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ আন এক সুবিধা হ’ল এই সুবিধা মূল UPI নেটৱৰ্কৰ ওপৰত নিৰ্ভৰশীল নহয়। তেনেস্থলত মূল সেৱাসমূহ বন্ধ হৈ থাকিলেও UPI Lite ৰ জৰিয়তে লেনদেন কৰিব পাৰি।

UPI Lite ৰ সহায়ত আপুনি এটা সময়ত ১০০০ টকা পৰ্যন্ত লেনদেন কৰিব পাৰিব। ইয়াৰ মুঠ সীমা ৫০০০ টকা। অৰ্থাৎ এই ৱালেটত আপুনি সৰ্বাধিক ৫০০০ টকা ৰাখিব পাৰিব আৰু এটা সময়ত কেৱল ১০০০ টকাহে লেনদেন কৰিব পাৰিব।

কেনেকৈ ব্যৱহাৰ কৰিব

যদি আপুনি SBI গ্ৰাহক আৰু UPI Lite ব্যৱহাৰ কৰিব বিচাৰে তেন্তে এই সেৱাৰ সুবিধা গ্ৰহণ কৰা অতি সহজ। ইয়াৰ বাবে আপুনি Google Pay, PhonePe বা Paytm ৰ দৰে যিকোনো UPI এপ খুলি UPI Lite বিকল্প বাছনি কৰিব লাগিব। তাৰ পাছত প্ৰয়োজনীয় তথ্য দিব পাৰিব। যেতিয়া আপুনি ৫০০ বা ১০০০ টকাৰ সহায়ত SBI একাউন্ট নিৰ্বাচন কৰি UPI PIN প্ৰৱেশ কৰিব পাৰে। তাৰ পাছত আপোনাৰ একাউন্ট সক্ৰিয় হ’ব। পাছত আপুনি যেতিয়াই বিচাৰে তেতিয়াই ৰ UPI Lite ৱালেটত ধন যোগ কৰিব পাৰিব। এক কথাত ই অতি সহজ প্ৰক্ৰিয়া।

 

অন্য খবৰ পঢ়কঃ‘লোক কল্যাণ দিৱস’ত ৰাজ্যৰ একাংশ বিষয়া-কৰ্মচাৰীক ‘কৰ্মশ্ৰী বঁটা’ প্ৰদান…