‘লোক কল্যাণ দিৱস’ত ৰাজ্যৰ একাংশ বিষয়া-কৰ্মচাৰীক ‘কৰ্মশ্ৰী বঁটা’ প্ৰদান…
আজি ৰাজ্য চৰকাৰে প্ৰদান কৰিলে কৰ্মশ্ৰী বঁটা। গুৱাহাটীত অনুষ্ঠিত এক অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত দাসে ১২টা বিষয়াৰ দলক দলীয় তথা এককভাৱে কৰ্মশ্ৰী বঁটা প্ৰদান কৰে।

মঙলবাৰে ৰাজ্য চৰকাৰে প্ৰদান কৰিলে কৰ্মশ্ৰী বঁটা। আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ ৭৫ সংখ্যক পুণ্য তিথিত আয়োজন হয়। এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে ‘লোক কল্যাণ দিৱস’ত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে। এই সময়চোৱাত তেওঁ মহান নেতা গৰাকীক সশ্ৰদ্ধ স্মৰণ কৰাৰ উপৰি ৰাজ্য চৰকাৰৰ বিষয়া-কৰ্মচাৰী সকলক সন্মান জনোৱাৰ বাবে অসম চৰকাৰে প্ৰদান কৰা কৰ্মশ্ৰী সন্মান আৰু লোক সেৱা পুৰস্কাৰসমূহ প্ৰদান কৰে।
আজিৰ এই অনুষ্ঠানত ৰাজহুৱা প্ৰশাসন ব্যৱস্থাত উদ্ভাৱনীমূলক প্ৰদৰ্শন আৰু আচঁনি ৰূপায়নত বিশেষ কৰ্ম-কুশলতা প্ৰদৰ্শন কৰা ১২টা বিষয়াৰ দলক দলীয় তথা এককভাৱে কৰ্মশ্ৰী বঁটা প্ৰদান কৰা হয়। লগতে ১০ গৰাকী অৰাজপত্ৰিত কৰ্মচাৰীক ৰাজ্যিক পৰ্যায়ৰ লোক সেৱা পুৰস্কাৰ আৰু কামৰূপ মহানগৰ জিলাৰ ২ গৰাকী কৰ্মচাৰীক উৎকৃষ্ট সেৱাৰ স্বীকৃতিকল্পে জিলা পৰ্যায়ৰ লোকসেৱা পুৰস্কাৰ প্ৰদান কৰে।
ইয়াৰোপৰি বিভিন্ন জিলাত আয়োজিত লোক কল্যাণ দিৱসৰ কাৰ্যসূচীত সৰ্বমুঠ ৫৯গৰাকী কৰ্মচাৰীক জিলা পৰ্যায়ৰ লোকসেৱা সন্মান যঁচা হয়। অনুষ্ঠানৰ আৰম্ভণিতে মন্ত্ৰী গৰাকীৰ লগতে অন্যান্য বিশিষ্ট ব্যক্তিসকলে লোক কল্যাণ দিৱস উপলক্ষে লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱৰ প্ৰতিচ্ছৱিত মাল্যাৰ্পণ কৰি শ্ৰদ্ধা নিবেদন কৰে।
অনুষ্ঠানত বক্তব্য প্ৰদান কৰি মন্ত্ৰী দাসে লোকপ্ৰিয় গোপীনাথ বৰদলৈয়ে অসমলৈ আগবঢ়োৱা অসামান্য অৱদানৰ অৱলোকন কৰে। তেওঁ কয় যে, বৃটিছ কেবিনেট মিছনে গ্ৰুপিং পদ্ধতিৰে অসমক সেই সময়ৰ পূব পাকিস্থানৰ লগত চামিলকৰণৰ ষড়যন্ত্ৰ ৰচিছিল। কিন্তু তাৰ বিৰুদ্ধে সবল নেতৃত্বৰে বৰদলৈয়ে এই গ্ৰুপিং ব্যৱস্থাক বিৰোধ নকৰাহেতেন অসমীয়া জাতি হিচাপে বা অসম হিচাপে আজি আমি ভাৰতৰ এখন গৌৰৱী অংগ ৰাজ্য হিচাপে বৰ্তি থকাতো কঠিন হ’লহেতেন । কৃতজ্ঞ জাতি হিচাপে প্ৰতিগৰাকী অসমৰ জনসাধাৰণে সদায়ে লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱক স্মৰণ কৰিব বুলিও তেঁও কয়।
অসমৰ তদানীন্তন ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামে লোকপ্ৰিয় অভিধাৰে বিভূষিত কৰা এই গৰাকী মহান নেতাৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে সেয়েহে প্ৰতিগৰাকী অভিভাৱকে নিজৰ সতি-সন্ততিৰ মাজত চৰ্চা কৰাৰ প্ৰয়োজন আছে বুলিও তেওঁ মন্তব্য কৰে। মন্ত্ৰী গৰাকীয়ে লগতে ২০২২ বৰ্ষৰ পৰা তেখেতৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি লোক কল্যাণ দিৱস পালনৰ লগতে ৰাজ্যখনৰ বিষয়া-কৰ্মচাৰীসকলক উৎসাহিত কৰাকৈ কৰ্মশ্ৰী সন্মান আৰু লোকসেৱা পুৰস্কাৰ প্ৰদানৰ উদ্যোগ লোৱাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই লোৱা সিদ্ধান্তৰো শলাগ লয়।
ভাষণ প্ৰসংগত মন্ত্ৰী দাসে লোকপ্ৰিয় গোপীনাথ বৰদলৈদেৱে ৰাজ্যখনৰ শৈক্ষিক উত্তৰণৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়কে ধৰি অন্যান্য শিক্ষানুষ্ঠান তথা প্ৰতিষ্ঠান গঢ় দিয়াৰ ক্ষেত্ৰত লোৱা অগ্ৰণী ভূমিকাৰো আলোকপাত কৰে। লগতে তেখেতে অসমৰ বিভিন্ন জনজাতি আৰু জাতি-জনগোষ্ঠীৰ মাজত থকা সু-সম্পৰ্ক অধিক মধুৰ কৰাৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰো অৱলোকন কৰে।
মন্ত্ৰী গৰাকীয়ে কৰ্মশ্ৰী সন্মান আৰু লোকসেৱা পুৰস্কাৰপ্ৰাপ্ত প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰীক আন্তৰিক অভিনন্দন জনোৱাৰ লগতে এই সন্মানে তেখেতসকলক আৰু অধিক উৎসৰ্গিত তথা সমৰ্পিত আৰু জনসাধাৰণমুখী সেৱা আগবঢ়োৱাৰ বাবে প্ৰেৰণা প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে।
অনুষ্ঠানত ৰাজ্য চৰকাৰ জনস্বাস্থ্য আদি বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, শক্তি আদি বিভাগৰ মন্ত্ৰী নন্দিতা গৰ্লোচা, লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ পুত্ৰ বলীন বৰদলৈ, ৰাজ্য চৰকাৰৰ মুখ্য সচিব ড° ৰবি কোটা , আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিং, প্ৰশাসনীয় সংস্কাৰ, প্ৰশিক্ষণ, পেঞ্চন আৰু ৰাজহুৱা ওজৰ আপত্তি বিভাগৰ প্ৰধান সচিব দিবাকৰ নাথ মিশ্ৰ, সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব বৰ্ণালী ডেকাকে ধৰি বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।
অন্য খবৰ পঢ়কঃ চৰকাৰৰ সিদ্ধান্ত! এতিয়াৰ পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো প্ৰতিষ্ঠানে…