শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

প্ৰস্ৰাৱত অধিক ফেন আহে নেকি? নকৰিব আওকান, হ’ব পাৰে এইসমূহ গুৰুতৰ ৰোগৰ লক্ষণ…

মানুহৰ প্ৰস্ৰাৱে বিভিন্ন সময়ত ৰোগৰ সংকেত দিয়ে। প্ৰস্ৰাৱত ফেন অহা সাধাৰণ কথা। কিন্তু বাৰে বাৰে যদি এই সমস্যা হয় তেন্তে ই গুৰুতৰ ৰোগৰ লক্ষণ হ'ব পাৰে।

প্ৰস্ৰাৱত অধিক ফেন আহে নেকি? নকৰিব আওকান, হ’ব পাৰে এইসমূহ গুৰুতৰ ৰোগৰ লক্ষণ…
প্ৰস্ৰাৱত ফেনImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 05 Aug 2025 18:34 PM

বেয়া খাদ্য আৰু জীৱনশৈলীৰ বাবে মানুহৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। শৰীৰত হোৱা বিভিন্ন ৰোগৰ লক্ষণ আমাৰ প্ৰস্ৰাৱত দেখা দিয়ে। সময়মতে ইয়াৰ বিষয়ে জানিলে সোনকালে আৰোগ্য হোৱাত সহায় হয়। কেতিয়াবা কিছুমান মানুহৰ প্ৰস্ৰাৱত ফেন অহা দেখা যায়। এদিন দুদিন এয়া সাধাৰণ কথা যদিও দীৰ্ঘদিন এনে হৈ থকা কোনো গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে। ই স্বাস্থ্যৰ বাবে বেয়া।

অৱশ্যে কেতিয়াবা বহু সময় প্ৰস্ৰাৱ ধৰি ৰাখিলে বা দ্ৰুতগতিত প্ৰস্ৰাৱ কৰিলেও ফেন আহে। কিন্তু অত্যধিক ফেন ওলোৱাৰ কাৰণ অন্য হ’ব পাৰে। দিল্লীৰ মেক্স হাস্পাতালৰ ডাঃ ৰোহিত কুমাৰে কয় যে, প্ৰস্ৰাৱত ফেন অহা বৃক্কৰ সমস্যাৰ লক্ষণ হ’ব পাৰে। যেতিয়া শৰীৰত কোনো সমস্যা হয় তেতিয়া প্ৰস্ৰাৱৰ ৰং সলনি, ফেন অহা আদি সমস্যাৰ সৃষ্টি হয়। গতিকে এনে লক্ষণবোৰ বেছি দিন আওকান কৰিব নালাগে। প্ৰস্ৰাৱত ফেন অহা কি কি বেমাৰৰ লক্ষণ হব পাৰে তলত উল্লেখ কৰা হ’ল-

বৃক্কৰ সমস্যা

বৃক্ক আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ। যেতিয়া বৃক্কত সমস্যাৰ সৃষ্টি হয় তেতিয়া ই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ ভালদৰে বাহিৰ কৰিব নোৱাৰে। বৃক্কই কাম নকৰিলে বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। যেতিয়া বৃক্কত সমস্যাৰ সৃষ্টি হয় বা বৃক্ক বিকল হয় তেতিয়া প্ৰস্ৰাৱত ফেন আহে।

চুগাৰৰ সমস্যা

হাই ব্লাড চুগাৰৰ বাবে কিডনীক হেঁচা পৰে। এনে পৰিস্থিতিত প্ৰস্ৰাৱত ফেন আহে। দীৰ্ঘদিন ধৰি এই সমস্যা হৈ থাকিলে কিডনী বিকল হ’ব পাৰে।

প্ৰটিন

শৰীৰত প্ৰটিনৰ মাত্ৰা অধিক হলে কিডনী প্ৰভাৱিত হয়। এনে পৰিস্থিতিত প্ৰটিন প্ৰস্ৰাৱৰ সৈতে মিহলি হৈ যায় আৰু ফেনৰ সৃষ্টি হয়। ইয়াক প্ৰোটিনুৰিয়া বুলি কোৱা হয়। যেতিয়া বৃক্কই সঠিকভাৱে কাম নকৰে তেতিয়া প্ৰস্ৰাৱত প্ৰটিনৰ মাত্ৰ বৃদ্ধি পাই আৰু প্ৰস্ৰাৱত ফেন উঠে।

ডিহাইড্ৰেশ্যন

ডিহাইড্ৰেশ্যনৰ ফলতো প্ৰস্ৰাৱত ফেন আৰু প্ৰস্ৰাৱৰ ৰং সলনি হ’ব পাৰে। গতিকে প্ৰতিদিনে পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে।

ইউ টি আই

UTI ৰ ফলতো প্ৰস্ৰাৱত অধিক ফেন আহিব পাৰে। ইয়াৰ লদতে জলা-পোৰা, প্ৰস্ৰাৱত দুৰ্গন্ধি, বাৰে বাৰে প্ৰস্ৰাৱ অহা আদি সমস্যাৰ সৃষ্টি হব পাৰে। এই সমস্যা বিশেষকৈ মহিলাসকলৰ হয়।

 

যদি আপোনাৰ এনে সমস্যা দীৰ্ঘদিন ধৰি হৈ থাকে তেন্তে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা দৰকাৰ। প্ৰস্ৰাৱত ফেন অহা সাধাৰণ কথা। কিন্তু দীৰ্ঘদিন ধৰি যদি ফেন, প্ৰস্ৰাৱৰ ৰং সলনি, প্ৰস্ৰাৱত দুৰ্গন্ধ আদি সমস্যাৰ সৃষ্টি হয় তেন্তে লগে লগে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।

 

অন্য খবৰ পঢ়কঃ শ্বেম্পু কৰাৰ সময়ত নকৰিব এই ভুল! চুলি হৈ পৰিব দুৰ্বল….