IND vs ENG Test Series: ভাৰতৰ টেষ্ট জয়ৰ পৰা শিবু সোৰেনৰ দেহাৱসানলৈ দিনটোৰ শীৰ্ষ খবৰ
ৰাজনীতিৰ পৰা আৰম্ভ কৰি ক্ৰীড়া জগতলৈকে বহু গুৰুত্বপূৰ্ণ খবৰে আজিৰ দিনটোত শিৰোনাম দখল কৰিছে। চাওঁ আহক দিনটোৰ শীৰ্ষ খবৰসমূহ।
অভেল টেষ্টত জয়েৰে ইংলেণ্ডৰ বিৰুদ্ধে পাঁচখনীয়া টেষ্ট শৃংখলাত সমতা স্থাপন ভাৰতৰ। দুয়োটা দলেই দুখনকৈ টেষ্টত জয়লাভ কৰে। শুভমন গিলক প্লেয়াৰ অৱ দ্য টুৰ্ণামণ্ট ঘোষণা কৰাৰ বিপৰীতে মহম্মদ ছিৰাজক প্লেয়াৰ অৱ দ্য মেচ ঘোষণা কৰা হয়। অন্তিম টেষ্টত ৬ ৰাণত জয়লাভ কৰে ভাৰতে।
বিটিচি নিৰ্বাচনৰ দিন ঘোষণা হোৱা নাই যদিও প্ৰাৰ্থীৰ তালিকা প্ৰকাশ বিপিএফৰ। দলটোৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে ২২ গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰে। দেবৰগাঁও পৰিষদীয় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব হাগ্ৰামা মহিলাৰীয়ে।
ইয়াৰ লগতে ৰাজনীতিৰ পৰা আৰম্ভ কৰি ক্ৰীড়া জগতলৈকে বহু গুৰুত্বপূৰ্ণ খবৰে আজিৰ শিৰোনাম দখল কৰিছে। চাওঁ আহক দিনটোৰ শীৰ্ষ খবৰসমূহ।