শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

১১৩৭ কোটি টকা ! অষ্ট্ৰেলিয়াৰ নতুন পৰ্যটন অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ…

ভাৰত নহয় এখন বিদেশীৰ ৰাষ্ট্ৰৰ হৈ কাম কৰিব ছাৰা তেণ্ডুলকাই। এই প্ৰজেক্টৰ বাবে ভাৰতীয় মুদ্ৰাত প্ৰায় ১১৩৭ কোটি টকা খৰচ হ’ব বুলি কোৱা হৈছে! ক’ব পাৰি যে ছাৰাৰ কান্ধত ডাঙৰ দায়িত্ব।

১১৩৭ কোটি টকা ! অষ্ট্ৰেলিয়াৰ নতুন পৰ্যটন অভিযানৰ ব্ৰেণ্ড এম্বেছাদৰ ছাৰা তেণ্ডুলকাৰ…
ছাৰা টেণ্ডুলকাৰImage Credit source: X Handle
manas-borah
Manas Borah | Updated On: 05 Aug 2025 11:25 AM

নতুন চিনাকী লাভ কৰিব শচীনৰ কন্যা ছাৰা তেণ্ডুলকাই! ক্ৰিকেটৰ ভগৱান শচীন তেণ্ডুলকাৰক কোনে নাজানে? একেদৰে শচীন তেণ্ডুলকাৰৰ কন্যা ছাৰাও সকলোৰে চিনাকি হৈ পৰিছে। কেৱল শচীন তেণ্ডুলকাৰৰ কন্যা হিচাপেই নহয়, নিজৰ কামৰ জৰিয়তেও নিজৰ নাম উজ্বলাইছে ছাৰাই।

মডেলিঙৰ সমান্তৰালভাৱে ছাৰাই আৰম্ভ কৰিছে নিজৰ ব্যৱসায়। ই-গেমত এটা দল ক্ৰয় কৰি তেওঁ সকলোকে আচৰিত কৰি তুলিছিল। ইয়াৰ সমান্তৰালভাৱে এইবাৰ নতুন ভূমিকাত দেখা যাব ছাৰা টেণ্ডুলকাৰক। ভাৰত নহয় এখন বিদেশীৰ ৰাষ্ট্ৰৰ হৈ কাম কৰিব ছাৰা তেণ্ডুলকাই। এই প্ৰজেক্টৰ বাবে ভাৰতীয় মুদ্ৰাত প্ৰায় ১১৩৭ কোটি টকা খৰচ হ’ব বুলি কোৱা হৈছে! ক’ব পাৰি যে ছাৰাৰ কান্ধত ডাঙৰ দায়িত্ব।

হয়, এইবাৰ অষ্ট্ৰেলিয়াৰ পৰ্যটনক প্ৰচাৰ কৰিব ছাৰা টেণ্ডুলকাৰে। দেশখনৰ বাবে নতুন টুৰিজিম কেম্পেইন আৰম্ভ হ’বলৈ গৈ আছে। এই কেম্পেইনত বহু দেশৰ লোকে অংশগ্ৰহণ কৰিব। তাৰে মাজৰ এগৰাকী হৈছে ভাৰতৰ ছাৰা তেণ্ডুলকাৰ। এই কেম্পেইনৰ লক্ষ্য হৈছে অষ্ট্ৰেলিয়াৰ পৰ্যটন ব্যৱসায় বৃদ্ধি কৰা। এই কেম্পেইনৰ জৰিয়তে অষ্ট্ৰেলিয়াৰ পৰ্যটন বিভিন্ন দেশত প্ৰদৰ্শিত হ’ব। যাতে বিশ্বৰ পৰ্যটকসকলে ভ্ৰমণৰ বাবে অষ্ট্ৰেলিয়াক বাছি লয়।

মুঠতে এই কেম্পেইনত ১১৩৭ কোটিৰো অধিক ব্যয় হ’বলৈ গৈ আছে। এই কেম্পেইনৰ জৰিয়তে অষ্ট্ৰেলিয়া লাভৱান হ’ব। কোৱা হয় যে, ছাৰা তেণ্ডুলকাৰে অষ্ট্ৰেলিয়াক বহুত ভাল পায়। বিভিন্ন কামত তেখেতে বিভিন্ন ঠাইলৈ গৈছে। একেদৰে ছচিয়েল মিডিয়াত অষ্ট্ৰেলিয়াৰ প্ৰাকৃতিক সৌন্দৰ্যৰ ছবিও প্ৰায়ে পোষ্ট কৰে ছাৰাই। এই দিশৰ পৰা এইবাৰ ছাৰাৰ দায়িত্ব আৰু বেছি বুলি ক’ব পাৰি।