TV9 ASSAM
বাৰিষাৰ সময়ত অধিক আৰ্দ্ৰতা থাকে। সেয়ে এই সময়ছোৱাত যিকোনো খাদ্য অতি সোনকালে নষ্ট হ’ব পাৰে।
বাৰিষাৰ সময়ত ফ্ৰীজৰ উষ্ণতা সঠিকভাৱে নিৰ্ধাৰণ কৰাটো অতি প্ৰয়োজনীয়। ফ্ৰীজৰ উষ্ণতা ৩-৫ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত ৰাখিব লাগে।
যদি ফ্ৰীজৰ উষ্ণতা ৩-৫ ডিগ্ৰী চেলছিয়াছৰ ভিতৰত থাকে, তেতিয়া গাখীৰ, যিকোনো আহাৰ তথা শাক-পাচলি ভালদৰে সংৰক্ষিত হৈ থাকিব।
বৰষুণৰ সময়ত ডিপ ফ্ৰীজাৰ কম্পাৰ্টমেণ্টৰ উষ্ণতা -১৮-২৩ ডিগ্ৰী চেলছিয়াছ হ’ব লাগে।
মাছ আৰু মাংস সঠিকভাৱে ফ্ৰীজত ৰখাৰ বাবে এই উষ্ণতা সৰ্বোত্তম। বাৰিষাৰ সময়ত ফ্ৰীজ সঘনাই খুলিব নালাগে।
গৰম খাদ্য ঠাণ্ডা নকৰাকৈ ফ্ৰীজত ৰাখিব নালাগে। ফ্ৰীজত ভৰোৱাৰ পূৰ্বে খাদ্যখিনি ঢাকি দিব। শাক-পাচলিৰ ড্ৰয়াৰত শুকান কাগজ ৰাখিলে আৰ্দ্ৰতা কমি যাব।
বাৰিষাৰ সময়ত ফ্ৰীজত কোনো বস্তু নাথাকিলেও চাফ-চিকুণ কৰাটো প্ৰয়োজনীয়। অন্যথা ফ্ৰীজৰ পৰা গোন্ধ ওলাব পাৰে।
পঢ়িবলৈ ক্লিক কৰক
দুবৰি বনৰ আছে এনে উপকাৰিতা