১৬খনকৈ ৰে’ল ভাড়াত লৈছে বাংলাদেশ চৰকাৰে! কাৰণ কি…
ৰে'ল ভাড়াত লৈছে মহম্মদ ইউনুছৰ নেতৃত্বাধীন অন্তৱৰ্তীকালীন চৰকাৰে। এখন দুখন নহয়, ১৬ খনকৈ ৰে'ল ভাড়া কৰিছে। ইয়াৰ জৰিয়তে লাখ লাখ ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী অনা হ'ব।
এখন দুখন নহয়, ১৬ খনকৈ ৰে’ল ভাড়াত লৈছে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে। ইয়াৰ বাবে চৰকাৰখনে ৩০ লাখৰো অধিক টকা খৰচ কৰিব। জানিব পৰা মতে এই ৰে’লৰ যোগেদি দেশখনৰ বিভিন্ন প্ৰান্তৰ পৰা ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী ঢাকালৈ আনিব আৰু পাছত থৈ আহিব। পিছে প্ৰশ্ন হয়, কিয় ৰে’ল ভাড়াত লৈছে চৰকাৰে?
প্ৰায় ১ বছৰ আগতে, ৫ আগষ্টত শ্বেখ হাছিনাই প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰি দেশ এৰি পলায়ন কৰিছিল। তাৰ পাছতে ইউনুছে মুখ্য উপদেষ্টা হিচাপে শাসনভাৰ গ্ৰহণ কৰি চৰকাৰ চলাই আছে। এই চৰকাৰ এতিয়াও চলি আছে। যোৱা বছৰৰ জুলাই মাহত হোৱা আন্দোলনক স্মৰণ কৰিবলৈ বাংলাদেশতএতিয়া জুলাই সদনপত্ৰ বা ঘোষণাপত্ৰ প্ৰস্তুত কৰা হৈছে। ইয়াৰ প্ৰস্তুতি চলি আছে। এই প্ৰস্তুতিৰ ভিতৰতেই আছে ১৬ খনকৈ ৰে’ল ভাড়া। ইয়াৰ দ্বাৰা লাখ লাখ মানুহক ঢাকালৈ অনা হ’ব।