শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

এই নিৰাপদ চৰকাৰী আঁচনিৰ জৰিয়তে মাহিলী লাভ কৰিব ২০০০০ টকা, এই সুবিধা কোনসকলৰ বাবে জানক…

চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিছত যদি নিয়মীয়া উপাৰ্জনৰ কোনো উৎস নাথাকে, তেন্তে প্ৰতিমাহে নিৰ্দিষ্ট আয় দিব পৰা আঁচনিত বিনিয়োগ কৰিব পাৰে। এই ক্ষেত্ৰত ডাকঘৰৰ এই আঁচনিখন আপোনাৰ বাবে উপযোগী হিচাপে প্ৰমাণিত হ'ব পাৰে।

এই নিৰাপদ চৰকাৰী আঁচনিৰ জৰিয়তে মাহিলী লাভ কৰিব ২০০০০ টকা, এই সুবিধা কোনসকলৰ বাবে জানক…
প্ৰতীকী ফটো
manas-borah
Manas Borah | Updated On: 05 Aug 2025 17:22 PM

প্ৰায় সংখ্যক লোকে অৱসৰ পাছত কিছু টকা সঞ্চয় কৰিব বিচাৰে। যাতে বৃদ্ধ কালত নিজৰ প্ৰয়োজনীতাখিনি পূৰণ কৰাত কোনো অসুবিধা সন্মুখীন নহয়। চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিছত যদি নিয়মীয়া উপাৰ্জনৰ কোনো উৎস নাথাকে, তেন্তে প্ৰতিমাহে নিৰ্দিষ্ট আয় দিব পৰা আঁচনিত বিনিয়োগ কৰিব পাৰে। এই ক্ষেত্ৰত ডাকঘৰৰ জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনিখনে আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব। এই আঁচনিখনত বিনিয়োগ কৰি আপুনি প্ৰতিমাহে ২০ হাজাৰ টকা পৰ্যন্ত নিয়মীয়া আয় লাভ কৰিব পাৰে, সেইটোও কোনো বিপদ নোহোৱাকৈ।

যদি আপুনি বা আপোনাৰ পিতৃ-মাতৃয়ে তেওঁলোকৰ অৱসৰৰ পাছত বিনিয়োগ কৰিব বিচাৰে আৰু লগতে বিচাৰে যে বিনিয়োগ সম্পূৰ্ণ নিৰাপদ আৰু লাভো ভাল, তেন্তে ডাকঘৰৰ এই জ্যেষ্ঠ নাগৰিক সঞ্চয় আঁচনি আপোনাৰ বাবে উপযোগী বুলি প্ৰমাণিত হ’ব পাৰে।

আঁচনিখনত কোনে বিনিয়োগ কৰিব পাৰে?

এই চৰকাৰী আঁচনি বিশেষভাৱে জ্যেষ্ঠ নাগৰিকৰ বাবে প্ৰস্তুত কৰা হৈছে। এই আঁচনিখনত ৬০ বছৰ বা তাতকৈ অধিক বয়সৰ লোকে একাউণ্ট খুলিব পাৰিব। যদি চৰকাৰী কৰ্মচাৰীয়ে ৫৫ৰ পৰা ৬০ বছৰ বয়সত ভি আৰ এছ লয়, তেন্তে তেওঁলোকেও এই আঁচনিৰ সুবিধা ল’ব পাৰিব। একে সময়তে প্ৰতিৰক্ষা খণ্ডৰ পৰা (সেনা, বায়ুসেনা, নৌসেনা) অৱসৰ লোৱা লোকসকলে ৫০ বছৰ বয়সৰ পৰাই এই আঁচনিত বিনিয়োগ কৰিব পাৰিব।

চৰকাৰী নিশ্চয়তা আৰু বৃহৎ সুতৰ হাৰ

ডাকঘৰৰ এই আঁচনিখনত বৰ্তমান ৮.২% বাৰ্ষিক সুত দি আছে, যিটো বেছিভাগ বেংকৰ ফিক্সড ডিপ’জিট আঁচনিতকৈ বহুত ভাল। বিনিয়োগৰ নিৰাপত্তাৰ সম্পূৰ্ণ নিশ্চয়তা দিছে চৰকাৰে। গতিকে এই আঁচনি সম্পূৰ্ণ নিৰ্ভৰযোগ্য। এই আঁচনিখনত কৰা বিনিয়োগৰ ওপৰত আয়কৰৰ ধাৰা ৮০ চিৰ অধীনত ১.৫ লাখ টকা পৰ্যন্ত ৰেহাই পাব। অৱশ্যে সুতৰ পৰিমাণ কৰযোগ্য।

এইদৰে প্ৰতিমাহে ২০ হাজাৰ টকা লাভ কৰিব পাৰিব

যদি কোনো বিনিয়োগকাৰীয়ে এই আঁচনিখনত এককালীন ৩০ লাখ টকা বিনিয়োগ কৰে, তেন্তে ৮.২% সুতৰ হাৰত তেওঁ বাৰ্ষিক ২.৪৬ লাখ টকা সুত পাব। অৰ্থাৎ প্ৰতিমাহে প্ৰায় ২০ হাজাৰ ৫০০ টকা আয় কেৱল সুতৰ ৰূপত পাব । অৰ্থাৎ অৱসৰৰ পিছতো আপুনি সহজেই আপোনাৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰে।

এই আঁচনিখনত নূন্যতম বিনিয়োগ ১০০০ আৰু সৰ্বোচ্চ বিনিয়োগ ৩০ লাখ টকা পৰ্যন্ত (একক বা যৌথ একাউণ্ট)। আঁচনিৰ মেচিউৰিটি পিৰিয়ড ৫ বছৰ, যিটো আৰু ৩ বছৰলৈ বৃদ্ধি কৰিব পাৰিব।