শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

৬০০০ টকা! প্ৰথমে দাম-দৰ পাছত ঠিকনা, নিশা গুৱাহাটীৰ একাংশ গেষ্ট হাউচত কি চলে? ভয়ংকৰ কাণ্ড পোহৰলৈ…

কামৰ আশাত একাংশ যুৱতী সোমাই পৰিছে অনৈতিক কামত। শেহতীয়াকৈ গুৱাহাটীৰ এটা গেষ্ট হাউচত চলি থকা অনৈতিক কাণ্ডৰ কথা পোহৰলৈ আহিছে।

৬০০০ টকা! প্ৰথমে দাম-দৰ পাছত ঠিকনা, নিশা গুৱাহাটীৰ একাংশ গেষ্ট হাউচত কি চলে? ভয়ংকৰ কাণ্ড পোহৰলৈ…
গুৱাহাটী
barasha-sarma
Barasha Sarma | Published: 05 Aug 2025 19:58 PM

কি চলে গুৱাহাটীৰ একাংশ গেষ্ট হাউচত? দেখাত সাধাৰণ এটা কোঠা, কিন্তু ভিতৰত চলে কিছুমান অনৈতিক বেহা। শেহতীয়াকৈ পুনৰ গুৱাহাটীৰ এটা গেষ্ট হাউচত চলা অনৈতিক কাণ্ডৰ কথা পোহৰলৈ আহিছে। জয়া নগৰৰ গেষ্ট হাউচত চলিছে যৌনতাৰ বেহা। অভিযোগ অনুসৰি, একাংশ যুৱতীয়ে গ্ৰাহকৰ সৈতে ফোনত দাম- দৰ কৰে আৰু তাৰ পাছত এই গেষ্ট হাউচটোলৈ যায় অনৈতিক কামত লিপ্ত হয়।

এই গেষ্ট হাউচটোৰ নাম ‘বাপ্তিছ ইন’ বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি, এই গেষ্ট হাউচটোত দীৰ্ঘদিন ধৰি এনে বেহা চলি আছে। হোৱাটছএপত নিৰ্ধাৰণ হয় নিশাৰ মূল্য। জনৈক হাজৰিকা নামৰ এজন লোকে এই ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপন হৈছে। শেহতীয়াকৈ এই ঘটনাৰ লগত জড়িত ফোন কল আৰু হোৱাটছ এপৰ চেট পোহৰলৈ আহিছে। মেছেজসমূহত দেখা গৈছে যে, এগৰাকী যুৱতীয়ে দাম দৰ চলাইছে।

তেওঁলোকে এগৰাকী যুৱতীৰ বাবদ ৬ হাজাৰ টকা দাবী কৰা দেখা গৈছে। ইয়াৰোপৰি এগৰাকীৰ পাছত আনগৰাকী যুৱতীক দেখুৱাই পণ্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰিছে। তাৰ পাছতে তেওঁলোকে গেষ্ট হাউচৰ ঠিকনা দি তালৈ মানুহ লৈ যায়।

অভিযোগ অনুসৰি গহপুৰৰ দিলীপ হাজৰীকাই চলাই আহিছিল দেহ ব্যৱসায়। প্ৰায় ১০ গৰাকী যুৱতীক হাজৰীকাই নিয়োগ কৰিছিল দেহ ব্যৱসায়ত। গুৱাহাটীৰ দুটা ফ্লেটত ৰাখিছিল ১০ গৰাকী যুৱতীক। দেহ ব্যৱসায় চোৱা-চিতাৰ বাবে নিয়োগ কৰিছিল দুগৰাকী যুৱতী। ইমানেই নহয় এই দেহ ব্যৱসায়ৰ কবলত পৰা ৩-৪ গৰাকী যুৱতী অসুস্থ হৈ পৰিছে।

উল্লেখ্য যে, কামৰ প্ৰলোভনেৰে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা যুৱতী আনি নিয়োজিত কৰিছে এই ব্যৱসায়ত।  জানিব পৰা মতে, এই কামৰ বাবদ এগৰাকী যুৱতীয়ে ১৮ হাজাৰ টকা দৰমহা লাভ কৰে। নিশাটোৰ বাবদ এগৰাকী যুৱতীয়ে লাভ কৰে ১০০০ টকা আৰু আৰু হাজৰিকাই লাভ কৰে ৫ হাজাৰ টকা। দৈনিক ১০ গৰাকী যুৱতীৰে হাজৰিকাই চলাই গৈছে দেহ ব্যৱসায়।

এই ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে গেষ্ট হাউচটোত আৰক্ষীয়ে অভিযান চলাই আটক কৰে কেইবাজনক। এই সমগ্ৰ ঘটনাই অধিক চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত জনাইছে যে, বাপ্তিছ ইন নামৰ গেষ্ট হাউচটোৰ পৰা কেইবাগৰাকী যুৱক-যুৱতীক আটক কৰা হৈছে। তদন্তৰ অন্তত অধিক তথ্য পোহৰলৈ আহিব। এই সমগ্ৰ ঘটনাই অঞ্চলটোত চেপা উত্তেজনাৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত।

 

 

অন্য খবৰ পঢ়কঃ ‘লোক কল্যাণ দিৱস’ত ৰাজ্যৰ একাংশ বিষয়া-কৰ্মচাৰীক ‘কৰ্মশ্ৰী বঁটা’ প্ৰদান…