কোনবোৰ খাদ্যত সৰ্বাধিক প্ৰটিন থাকে?

5 AUG 2025

TV9 ASSAM

Credits: Getty Images

প্ৰটিনে শৰীৰৰ বিকাশ, পেশীৰ শক্তি আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰাত সহায় কৰে। সকলো বয়সৰ লোকৰ বাবে বিশেষকৈ শিশু আৰু যুৱক-যুৱতীসকলৰ বাবে ই অতি প্ৰয়োজনীয়।

প্ৰটিন

শৰীৰত প্ৰ’টিনৰ অভাৱত দুৰ্বলতা, ভাগৰুৱা, চুলি সৰা, পেশীৰ বিষ আৰু মনোনিৱেশ কৰাত অসুবিধা হ’ব পাৰে।

প্ৰটিনৰ অভাৱ

শৰীৰত প্ৰটিনৰ অভাৱ পূৰণ কৰাটো গুৰুত্বপূৰ্ণ। কোনবোৰ বস্তু খালে  প্ৰটিনৰৰ মাত্ৰা বৃদ্ধি পায়। জানো আহক।

কেনেকৈ প্ৰটিন বৃদ্ধি কৰিব পাৰি

ডাঃ সুভাষ গিৰীয়ে কৈছে মাহ, মগু, মচুৰ দাইলত দৰে দাইলত প্ৰচুৰ পৰিমাণে প্ৰটিন থাকে। ৰাজমাহ আৰু ক’লা বুটতো প্ৰ’টিনৰ পৰিমাণ বেছি। এই সকলোবোৰে পেশী মেৰামতি আৰু শক্তি বজাই ৰখাত সহায় কৰে।

দাইল, ৰাজমাহ-বুট

কণীত সকলো প্ৰয়োজনীয় এমিনো এচিড থাকে। এটা কণীত প্ৰায় ৬ গ্ৰাম প্ৰটিন থাকে। সিজোৱা কণী বা কণীৰ কুহুমে চৰ্বিমুক্ত প্ৰটিন প্ৰদান কৰাত সহায় কৰে। তেল আৰু মছলা নথকা কুকুৰাৰ মাংসও উচ্চ প্ৰটিনযুক্ত খাদ্যত অন্তৰ্ভুক্ত কৰিব পাৰি।

কণী আৰু কুকুৰাৰ মাংস

আলমণ্ড, আখৰোট, চিয়া বীজ, তিচি গুটি আদিত ভাল পৰিমাণৰ প্ৰটিন থাকে। এইবোৰে শৰীৰত শক্তি বজাই ৰাখে। জলপান হিচাপেও ইয়াক খাব পাৰি। ৰাতিপুৱা সোনকালে বা আনকি ৱৰ্কআউটৰ পিছতো খাব পাৰে।

শুকান ফল আৰু বীজ

গাখীৰ, দৈ, পনীৰত উচ্চ প্ৰটিন থাকে। ই পেশী শক্তিশালী কৰাৰ লগতে হাড়ৰ স্বাস্থ্য উন্নত কৰাৰ বাবে উপকাৰী।

গাখীৰ আৰু দুগ্ধজাত সামগ্ৰী

চাবলৈ ক্লিক কৰক 

হৃদৰোগ