শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

পুনৰ বৃদ্ধি পালে সোণ-ৰূপৰ মূল্য, আজি গুৱাহাটীৰ বজাৰত দৰ কিমান ? জানক

২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৮২ টকাকৈ বৃদ্ধি পোৱা দেখা গৈছে। আজিৰ ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ১০,২২২ টকা। চাওঁ আহক আজিৰ দিনটোত সোণ-ৰূপৰ মূল্য কিমান?

পুনৰ বৃদ্ধি পালে সোণ-ৰূপৰ মূল্য, আজি গুৱাহাটীৰ বজাৰত দৰ কিমান ? জানক
সোণ-ৰূপৰ মূল্য
manas-borah
Manas Borah | Published: 05 Aug 2025 14:16 PM

আজিৰ দিনটোত দেশৰ বজাৰত সোণ-ৰূপৰ মূল্য সামান্য বৃদ্ধি পোৱা দেখা গৈছে। গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি, ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৮২ টকাকৈ বৃদ্ধি পোৱা দেখা গৈছে। আজিৰ ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ১০,২২২ টকা।

একেদৰে দেশৰ বজাৰত ২২ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৯,৩৭০ টকা। এই মূল্যত ৭৫ টকা বৃদ্ধি পোৱা দেখা গৈছে। ইফালে, ৬২ টকা বৃদ্ধি পাই আজি ১৮ কেৰেট প্ৰতিগ্ৰাম সোণৰ মূল্য ৭,৬৬৭ টকা হৈছে।

ইফালে, আজিৰ দিনটো দিল্লীৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,০২,৩৭০ টকা। একেদৰে ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৯৩,৮৫০ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৭৬,৭৯০ টকা।

আজিৰ দিনটোত গুৱাহাটীত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,০২,২২০ টকা হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৯৩,৭০০ টকা। একেদৰে ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৭৬,৬৭০ টকা।

আজি ৰূপৰ প্ৰতিগ্ৰাম ২ টকা বৃদ্ধি পাই ১১৫ টকা হৈছে। ইয়াৰ লগে লগে প্ৰতি কেজি ৰূপৰ মূল্যত ২০০০ টকা বৃদ্ধি পাই ১,১৫,০০০ টকা হৈছে।