৭৩ বছৰৰ পাছত সুৰাৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ এইখন দেশত, তথাপিও য’তে ত’তে নাপাব সুৰা
চৌদি চৰকাৰে সুৰা বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে । কিন্তু সমগ্ৰ দেশত সুৰা বিক্ৰী কৰিব নোৱাৰিব । সুৰা বিক্ৰী কেতবোৰ নিৰ্দিষ্ট ক্ষেত্ৰত সীমাবদ্ধ থাকিব । প্ৰায় ৬০০ টা স্থান ইয়াত অন্তৰ্ভুক্ত কৰা হ'ব । ইয়াৰ ভিতৰত অধিকাংশই হৈছে বিলাসী হোটেল, ৰিজ'ৰ্ট আৰু পৰ্যটকৰ বাবে বিশেষভাৱে সাজু কৰা স্থান ।

চৌদি আৰৱ চৰকাৰে সুৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰিছে এক ডাঙৰ সিদ্ধান্ত । ইছলামিক দেশখনে ৭৩ বছৰৰ পাছত সুৰাৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰৰ সিদ্ধান্ত লৈছে । চৌদি চৰকাৰে পৰ্যটনৰ বিকাশ, ২০২০ চনৰ EXPO আৰু ২০২৪ চনৰ ফিফা বিশ্বকাপৰ কথা মনত ৰাখি ৭৩ বছৰ ধৰি সুৰাৰ ওপৰত আৰোপিত নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে । এতিয়া ৭৩ বছৰৰ পাচত চৌদিত মানুহে সুৰাপান কৰিব পাৰিব । সুৰাৰ প্ৰচলন হ’ব যদিও সমগ্ৰ দেশতে বিক্ৰী কৰিব নোৱাৰিব । ইয়াৰ বাবে প্ৰস্তুত কৰা হৈছি বিধি ।
ক’ত ক’ত উপলব্ধ হ’ব সুৰা?
চৌদি চৰকাৰে সুৰা বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰিছে । কিন্তু সমগ্ৰ দেশত সুৰা বিক্ৰী কৰিব নোৱাৰিব । সুৰা বিক্ৰী কেতবোৰ নিৰ্দিষ্ট ক্ষেত্ৰত সীমাবদ্ধ থাকিব । প্ৰায় ৬০০ টা স্থান ইয়াত অন্তৰ্ভুক্ত কৰা হ’ব । ইয়াৰ ভিতৰত অধিকাংশই হৈছে বিলাসী হোটেল, ৰিজ’ৰ্ট আৰু পৰ্যটকৰ বাবে বিশেষভাৱে সাজু কৰা স্থান ।
কেৱল এইসমূহ সুৰাহে উপলব্ধ হ’ব
কিছুমান নিৰ্দিষ্ট ঠাইতহে সুৰা বিক্ৰী কৰা হ’ব। ইয়াৰ ভিতৰত থাকিব পাৰে নেওম, সিন্দালা দ্বীপ আৰু লোহিত সাগৰ প্ৰকল্প । কিন্তু ইয়াত সকলো ধৰণৰ সুৰা পৰিবেশন কৰা নহ’ব । এই স্থানসমূহত বিয়েৰ, ৱাইন আৰু চাইডাৰ উপলব্ধ হ’ব । স্পিৰিটৰ দৰে সুৰা বিক্ৰীৰ অনুমতি দিয়া নহ’ব । লগতে চৰকাৰে ঘৰ-দুৱাৰ, দোকান-পোহাৰ বা ৰাজহুৱা স্থানত সুৰাৰ অনুমতি নিদিয়ে আৰু কাকো নিজাববীয়াকৈ সুৰা প্ৰস্তুত কৰিবলৈ দিয়া নহ’ব ।
চৌদি আৰৱৰ দৃষ্টিভংগী কি?
চৌদি আৰৱৰ অৰ্থনীতি বৃদ্ধিৰ বাবে ৰাষ্ট্ৰীয় পৰিকল্পনা কৰা হৈছে । ইয়াৰ লক্ষ্য হৈছে পৰ্যটন, মনোৰঞ্জন আৰু আতিথ্যৰ প্ৰসাৰ । বিষয়াসকলৰ মতে এই পৰিৱৰ্তনে চাকৰি সৃষ্টি কৰাত সহায় কৰিব আৰু বিদেশী বিনিয়োগ আনিব । ইতিমধ্যে ডাঙৰ ডাঙৰ হোটেল চেইনবোৰে নিজৰ পৰিকল্পনা সালসলনি কৰি আছে । নিয়ম সলনি হোৱাৰ পিছত আৰু অধিক বিদেশী অতিথি আহিব বুলি তেওঁ আশা প্ৰকাশ কৰিছে । সুৰাৰ নীতিয়ে চৌদি আৰৱক অধিক বিশ্বব্যাপী অনুষ্ঠান আয়োজন আৰু পৰ্যটকক আকৰ্ষণ কৰাত সহায় কৰিব পাৰে । যিকোনো ধৰণৰ অপব্যৱহাৰ বা নিয়ম ভংগ কৰিলে জৰিমনা ভৰিব লাগিব ।