TV9 ASSAM
প্ৰতিখন দেশৰ মুদ্ৰাৰ মূল্যৰ পাৰ্থক্য থকা দেখা যায়। কিছুমান দেশত ভাৰতৰ মুদ্ৰাৰ মূল্য কম কিছুমানত বেছি হয়। এই লেখাটোত এনে দেশৰ নাম উল্লেখ কৰা হৈছে য'ত ভাৰতীয় মুদ্ৰাৰ মূল্য বেছি।
ভিয়েটনামত ভাৰতৰ ১ টকাৰ মূল্য ৩০২.৮২ ভিয়েটনামী দোং । ইয়াৰ লগতে ভাৰতৰ ১০০ টকাৰ মূল্য হৈ পৰে ৩০২৭৪.৮৪ ভিয়েটনাম দোং। ভিয়েটনামৰ মুদ্ৰাক ভিয়েটনাম দোং বুলি কোৱা হয়।
ভাৰতৰ ১ টকা ইণ্ডোনেছিয়াত হৈ পৰে ১৯০.৪৭। ইয়াৰ লগতে ১০০ টকা হৈ পৰে ১৯০৪৬.৬৭ । ইণ্ডোনেছিয়াৰ মুদ্ৰাক ইণ্ডোনেছিয়ান ৰূপিয়াহ বুলি কোৱা হয়।
ভাৰতৰ ১ টকাৰ মূল্য কম্বোডিয়াত হৈ পৰে ৪৬.৭৫ কম্বোডিয়ান ৰিয়েল। ইয়াৰ লগতে ১০০ টকা হৈ পৰে ৪৬৭৫.২৪ । কম্বোডিয়াৰ মুদ্ৰাক কম্বোডিয়ান ৰিয়েল বুলি কোৱা হয়।
ভাৰতৰ ১ টকা হাংগাৰীত হৈ পৰে ৪.১৭। ইয়াৰ লগতে ১০০ টকা হৈ পৰে ৪১৭.১৭ হাংগাৰিয়ান ফোৰিন্ট। উল্লেখ্য যে, হাংগাৰীৰ মুদ্ৰাত হাংগাৰিয়ান ফোৰিন্ট বুলি কোৱা হয়।
ভাৰতৰ ১ টকাৰ মূল্য শ্ৰীলংকাত হৈ পৰে ৩.৫০ । ইয়াৰ লগতে ১০০ টকা হৈ পৰে ৩৫০.২৭ শ্ৰীলংকান ৰূপী। শ্ৰীলংকাৰ মুদ্ৰাক শ্ৰীলংকান ৰূপী বুলি কোৱা হয়।
ভাৰতৰ ১ টকাৰ মূল্য আইলেণ্ডত হৈ পৰে ১.৪৮ । ইয়াৰ লগতে ১০০ টকা হৈ পৰে ১৪৮.৩২। উল্লেখ্য যে, আইলেণ্ডৰ মুদ্ৰাক আইচলেণ্ডিক ক্ৰোনা বুলি কোৱা হয়।
পঢ়িবলৈ ক্লিক কৰক