Assam News: গৌৰৱৰ স্বীকাৰোক্তিৰ পৰা মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়ালৈ দিনটোৰ শীৰ্ষ খবৰ
পাকিস্তানলৈ যোৱাৰ কথা স্বীকাৰ কৰিলে সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। গৌৰৱ গগৈৰ স্বীকাৰোক্তিৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ইয়াৰ লগতে চাওঁ আহক দিনটোৰ কেইটামান শীৰ্ষ খবৰ...
পাকিস্তানলৈ যোৱাৰ কথা স্বীকাৰ কৰিলে সাংসদ তথা প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। বুধবাৰে এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে গগৈয়ে। এই সময়চোৱাত গগৈয়ে পাকিস্তান বিষয়টোৰ লগতে কয়লা চিণ্ডিকেটকে ধৰি বিভিন্ন বিষয় উত্থাপন কৰে। দুই সন্তানৰ নাগৰিকত্বক লৈ গুৰুত্বপূৰ্ণ মন্তব্য গৌৰৱ গগৈৰ । গৌৰৱ গগৈৰ স্বীকাৰোক্তিৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।
গুৱাহাটীৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত বৃদ্ধি পালে প্ৰতি প্লেট কণীৰ দাম। এটা নিশাৰ ভিতৰতে ৩০ টকাকৈ বৃদ্ধি প্ৰতি প্লেট কণীৰ দাম, বাহুবলী কণীৰ প্ৰতি প্লেটত বাঢ়িল ১০ টকাকৈ। পূৰ্বৰ ১৬০ টকা মূল্যৰ কণীৰ প্লেটৰ দাম হ’লগৈ ১৯০ টকা, বাহুবলী কণীৰ প্ৰতি প্লেটত ২৬০ টকাৰ ঠাইত হ’ল ২৭০ টকা।
ইয়াৰ লগতে চাওক দিনটোৰ কেইটামান শীৰ্ষ খবৰ…