ভেদাইলতা স্বাস্থ্য উপকাৰী গুণ

28 May 2025

TV9 ASSAM

Photos Credit Getty Images

ভেদাইলতা এবিধ ঔষধিযুক্ত বনশাক । ইয়াৰ গোন্ধ সকলোৱে গ্ৰহণ কৰিব নোৱাৰে যদিও ইয়াৰ উপকাৰিতা কিন্তু সৰ্বাধিক ।

ঔষধি গুণ

অসমীয়া সমাজত ভেদাইলতা নামেৰে জনাজাত এই শাকবিধৰ স্বাস্থ্য উপকাৰী গুণৰ বিষয়ে জানোঁ আহক ।

স্বাস্থ্য উপকাৰী গুণ

যদি আপোনাৰ বাতবিষৰ লগত জড়িত গাঁঠি ফুলা আৰু বিষৰ সমস্যা আছে,তেন্তে এই শাকবিধ খালে এই সমস্যাৰ পৰা উপশম পোৱাত সহায় কৰিব ।

বিষৰ সমস্যা 

পুৰুষৰ  শুক্ৰাণুৰ সংখ্যা আৰু শক্তি বৃদ্ধি কৰাত এই শাকবিধ উপকাৰী । এই শাকবিধে পুৰুষৰ প্ৰজনন ক্ষমতা বৃদ্ধি কৰে ।

শুক্ৰাণুৰ সংখ্যা বৃদ্ধি

এই শাকবিধত থকা এন্টিভাইৰেল আৰু এন্টিবেক্টেৰিয়েল গুণে চৰ্দি আৰু জ্বৰ নিৰাময়ত সহায় কৰে । ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত এই শাকবিধে সহায় কৰে।

জ্বৰ আৰু চৰ্দি

মগজুৰ বাবে ভেদাইলতা অতি উপকাৰী বুলি গণ্য কৰা হয় । স্নায়ুতন্ত্ৰক উদ্দীপিত কৰাৰ লগতে মগজুক শান্ত কৰাৰ ক্ষেত্ৰত ভেদাইলতা উপকাৰী ।

মগজু

টোপনিৰ সমস্যা দূৰ কৰাত ভেদাইলতা উপকাৰী । অনিদ্ৰা সমস্যা বিভিন্ন ৰোগ সৃষ্টিৰ মূল কাৰণ । ভেদাইলতা শাকে এই সমস্যা দূৰ কৰে ।

টোপনি সমস্যা

পঢ়িবলৈ ক্লিক কৰক

গৰমত পিয়াঁজ খালে ভাল নে বেয়া ?